প্ৰতিটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে!ভাৰতে বগলীহাৰ বান্ধৰ পৰা বন্ধ কৰিলে চেনাব নদীৰ পানী
সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছত ভাৰতে চেনাব আৰু ঝেলুমলৈ বৈ যোৱা নদীৰ প্ৰবাহ নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত পানীৰ ক্ষেত্ৰত ডাঙৰ সমস্যাত ভুগিব পাৰে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। ভাৰতৰ এই পদক্ষেপৰ ফলত চিন্তাত টোপনি হৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ।

বগলীহাৰ বান্ধ
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাৰ কিছুদিন পাছতে এতিয়া ভাৰত আন এক ডাঙৰ পদক্ষেপ হাতত লৈছে। খবৰ অনুসৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ বান্ধৰ মাজেৰে পানীৰ সোঁত হ্ৰাস কৰাৰ লগতে ঝেলুম নদীৰ কিশানগংগা বান্ধ বন্ধ কৰাৰ যো জা চলাই আছে।
এই সন্দৰ্ভত এক সূত্ৰই সংবাদ সংস্থা এ এন আইক জানিবলৈ দিয়ে যে- জলবিদ্যুৎ বান্ধসমূহে জম্মুৰ ৰামবানত বগলীহাৰ আৰু উত্তৰ কাশ্মীৰত কিশানগংগাই ভাৰতক পানী এৰাৰ সময়ত নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰে। পাকিস্তানে বিগত সময়ছোৱাত বাগলীহাৰ বান্ধক লৈ বিশ্ব বেংকৰ পৰা মধ্যস্থতা বিচাৰিছিল। ইয়াৰ বিপৰীতে ঝেলুমৰ উপনৈ নীলম নদীত ইয়াৰ প্ৰভাৱ সম্পৰ্কত কিশনগাংগা বান্ধ আইনী আৰু কূটনৈতিক তদন্তৰ সন্মুখীন হৈছে।
ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা এই নদীসমূহ জলসিঞ্চন আৰু খোৱাপানীৰ যোগানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যাৰ বাবে ইয়াক দেশখনৰ জীৱনৰেখা বুলি গণ্য কৰা হয়।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা, য’ত ২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছিল বহুতো। এই ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক দিশত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ ভিতৰত অন্যতম আছিল সিন্ধু জল চুক্তি বাতিল কৰা।
কেৱল ইমানেই নহয়, ভাৰতে চেনাব আৰু ঝেলুমলৈ বৈ যোৱা নদীৰ প্ৰবাহ নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। একাংশ জ্যেষ্ঠ বিষয়াৰ মতে, বাগলীহাৰ বান্ধৰ পৰা (চেনাব নদীৰ ওপৰত) পানী যোগান কৰ্তনৰ কাম আৰম্ভ কৰা হৈছে, আনহাতে কিশানগংগা বান্ধ (ঝেলুমৰ উপনৈ নীলুম নদীত)তো একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে।
ভাৰতৰ এই পদক্ষেপৰ পাছতে শংকিত হৈ পৰিছে পাকিস্তান। ইয়াৰ পূৰ্বে পাকিস্তানে সিন্ধু জল চুক্তি বাতিলৰ পদক্ষেপটো যুদ্ধসদৃশ কাৰ্য বুলি অভিহিত কৰিছিল। পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টোৱে ভাৰতক সকীয়াই দিছিল যে যদি সিন্ধুৰ পানী বন্ধ কৰা হয় তেন্তে “সিন্ধুত পানী নহয়, তেজ ব’ব।” আনকি পাকিস্তানৰ কেইবাগৰাকী মন্ত্ৰীয়ে ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে।
কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাৰ লগতে ভাৰতে আমদানিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল। ভাৰতে নিৰ্দেশ দিছিল যে ভাৰতীয় বন্দৰৰ মাজেৰে পাকিস্তানী জাহাজ প্ৰৱেশ কৰিব নোৱাৰে। আনকি পাকিস্তানক ভাৰতীয় সামগ্ৰী বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰিছিল। এই সকলোবোৰৰ মাজতে LoC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তেজনা বৃদ্ধি পাইছে। যোৱা ১০ টা দিন ধৰি পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি গুলীচালানা কৰি আহিছে। অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতে বিশেষকৈ জলসম্পদক কূটনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে। সিন্ধু, ঝেলুম, চেনাব আদি নদী পাকিস্তানৰ বাবে জলসিঞ্চন আৰু খোৱাপানীৰ প্ৰধান উৎস। যদি পাকিস্তানে উপযুক্ত পৰিমাণৰ পানী লাভ নকৰে তেন্তে দেশখনৰ জনতা গভীৰ সমস্যাত পৰিব পাৰে। এনেবোৰ কাৰণতে এতিয়া টোপনি হৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ।
অন্য খবৰ পঢ়কঃ কৃষি, বিদ্যুৎ আৰু খোৱা পানী…সিন্ধু জল চুক্তি স্থগিতৰ ফলত পাকিস্তানত কি কি প্ৰভাৱ পৰিব…