আমাক POK ঘূৰাই দিলেহে জম্মু-কাশ্মীৰৰ ওপৰত আলোচনা হ’বঃ ভাৰতে স্পষ্ট কৰি দিলে পাকিস্তানক…

পাকিস্তান আৰু বাংলাদেশক উচিত প্ৰত্যুত্তৰ ভাৰতৰ। নতুন দিল্লীয়ে পাকিস্তানক পুনৰ স্পষ্ট কৰি দিয়ে যে, সন্ত্ৰাসবাদ আৰু আলোচনা কেতিয়াও একেলগে হ'ব নোৱাৰে।

আমাক POK ঘূৰাই দিলেহে জম্মু-কাশ্মীৰৰ ওপৰত আলোচনা হবঃ ভাৰতে স্পষ্ট কৰি দিলে পাকিস্তানক...

ভাৰত-পাক-বাংলাদেশ

Updated On: 

30 May 2025 14:16 PM

পাকিস্তান আৰু বাংলাদেশক একেলগে প্ৰত্যুত্তৰ ভাৰতৰ। বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে দুয়োখন দেশক আক্ৰমণ কৰি মন্তব্য কৰে। প্ৰথমে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু পাছত মহম্মদ ইউনুছৰ দাবী খাৰিজ কৰে। বিগত সময়চোৱাত দুয়োখন দেশে ভাৰত সন্দৰ্ভত বিভিন্ন দাবী উত্থাপন কৰি আহিছিল।

চলিত সম্পাহত ইৰাণ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মাছুদ পিজেস্কিয়ানৰ সৈতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আলোচনাত মিলিত হৈছিল। সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ ভাৰতৰ সৈতে শান্তি আলোচনা বিচাৰে। তেওঁ জল, সন্ত্ৰাসবাদ, সীমান্তৰ  বিবাদ আলোচনাৰ জৰিয়তে সমাধান কৰিব বিচাৰে। । আন্তঃৰাষ্ট্ৰীয় মহলে দাবী কৰা অনুসৰি মূলতঃ ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেঁচাত শ্বৰীফে এই বক্তব্য কৰিবলৈ বাধ্য হৈছিল।

 

 

 

ইয়াৰ পাছতে বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়ে জয়ছোৱালে। সন্ত্ৰাসবাদ সন্দৰ্ভত নতুন দিল্লীৰ ধাৰণা পুনৰ এবাৰ স্পষ্ট কৰি তেওঁ কয় যে,” সন্ত্ৰাসবাদ আৰু আলোচনা কেতিয়াও একেলগে হ’ব নোৱাৰে।  এই সন্দৰ্ভত ভাৰতৰ স্থিতি অতি স্পষ্ট। কেইবছৰমান পূৰ্বে আমি পাকিস্তানৰ হাতত সন্ত্ৰাসবাদীৰ তালিকা এখন তুলি দিছিলো। গতিকে সেই সন্ত্ৰাসবাদী কেইজনক আমাৰ ওচৰত গতাই দিয়ক। তেতিয়াহে আলোচনা হ’ব’। লগতে কয়, যদি পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয়ে আলোচনা কৰিব বিচাৰে তেন্তে আমাক তাৰ আগত পি অ’ কে ঘূৰাই দিয়ক।

কেৱল পাকিস্তানকে নহয়, বাংলাদেশৰ বিৰুদ্ধেও সৰৱ হৈ পৰে জয়ছোৱাল। ইউনুছৰ অভিযোগ খণ্ডন কৰি তেওঁ কয় যে,, “বাংলাদেশৰ আইন-শৃংখলা আৰু শাসন ব্যৱস্থাৰ সমস্যাৰ দায়িত্ব কেৱল সেই দেশৰ চৰকাৰৰ ওপৰত। যদি কোনোবাই কয় যে এই অশান্তিৰ সৃষ্টি হৈছে বাহিৰৰ মানুহ বা আন কাৰোবাৰ বাবে, তেন্তে মই ক’ম যে প্ৰকৃততে তেওঁলোকে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।” সূত্ৰ অনুসৰি, পাকিস্তানে যেনেকৈ নিজৰ আভ্যন্তৰীণ সমস্যাৰ কাৰণ ভাৰত বুলি অভিহিত কৰিছে সেই একেই পথ বাংলাদেশেও গ্ৰহণ কৰিছে। গতিকে তাৰেই প্ৰত্যুত্তৰ দিয়ে জয়ছোৱালে।

 

 

অন্য খবৰ পঢ়ক: ৪৮ ঘন্টাত ৭ বাৰ ফোন কৰি পোৱা নাই সঁহাৰি! বাংলাদেশৰ ৰাজপথত নামি পৰিছে সেনা, অভ্যুত্থানৰ ভয়ত কম্পিত ইউনুছ…

দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !