TV9 ASSAM
আমি দিনটোৰ অধিকাংশ সময়তে খাদ্য খোৱাৰ পিছত টোপনিয়ে হেঁচা মাৰি ধৰে। ইয়াৰ আঁৰত থাকে কিছুমান বিজ্ঞানসন্মত কাৰণ। জানো আহক।
শৰীৰৰ প্ৰয়োজনীয়তাতকৈ অধিক আহাৰ গ্ৰহণ কৰিলে, বিশেষকৈ অধিক কাৰ্বহাইড্ৰেট আৰু চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰে, তেতিয়া টোপনি আহিব পাৰে।
ট্ৰিপ্ট’ফেনযুক্ত খাদ্য খালে চেৰ’টনিন নামৰ স্নায়ুসংবহনকাৰী পদাৰ্থ নিৰ্গত হয়। চেৰ’টনিনে টোপনিৰ সহায়ক মেলাটনিন নামৰ হৰম’ন উৎপাদন কৰে।
আহাৰ খোৱাৰ পিছত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত ইনচুলিনৰ নিৰ্গমন ঘটে। ইনচুলিনৰ অৰেক্সিনৰ মাত্ৰা হ্ৰাস কৰিব পাৰে, যাৰ ফলত টোপনি আহে।
খাদ্য গ্ৰহণৰ পিছত মগজু আৰু পেশীৰ পৰা তেজৰ সোঁতক পাচনতন্ত্ৰৰ দিশে যায়। এইদৰে মগজুলৈ তেজৰ সোঁত সাময়িকভাৱে কম হৈ টোপনিৰ অনুভৱ হয়।
হাই গ্লাইচেমিক সূচকাংকযুক্ত খাদ্যই তেজৰ চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে, তাৰ পিছত পৰৱৰ্তী সময়ত হ্ৰাস পাব পাৰে, যাৰ ফলত অলস ভাৱ জাগে।
তদুপৰি নিশা ভালদৰে টোপনি নহা, দেহত আইৰণৰ অভাৱ, খাদ্য সঠিক সময়ত নোখোৱা ইত্যাদি কাৰণতো খাদ্য খোৱাৰ পিছত টোপনি আহিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
শোৱাৰ বাবে কোনটো দিশ আটাইতকৈ শুভ?