TV9 ASSAM
আমাৰ অধিকাংশ লোকৰে চাহ প্ৰিয়। পুৱা একাপ চা্হেৰে দিনটোৰ আৰম্ভ কৰাৰ পিছত দিনটোত কেইবাবাৰো চাহ খোৱা হয়।
কিন্তু আপুনি নিশ্চয় শুনিছে যে দিনটোত বেছিকৈ চাহ খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। বিশেষজ্ঞসকলৰ পৰা এই বিষয়ে জানো আহক।
দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ মুখ্য ডায়েটিচিয়ান প্ৰিয়া পালিৱালে কয় যে অত্যধিক চাহ খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। এদিনতে ২ৰ পৰা ৩ কাপ চাহ খাব পাৰে।
বিশেষজ্ঞসকলে কয় যে চাহত কেফেইন থাকে। সেয়ে অধিক পৰিমাণে খালে টোপনিৰ সমস্যা, হৃদস্পন্দন বৃদ্ধি, মূৰৰ বিষ আৰু অস্থিৰতা সৃষ্টি কৰিব পাৰে।
অধিক গাখীৰ আৰু চেনি থকা চাহ খোৱা লোকৰ তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱা, ওজন বৃদ্ধি, হাড় দুৰ্বল হোৱা আদি সমস্যাৰ সম্ভাৱনা থাকে।
বিশেষজ্ঞসকলে কয় যে বেছিকৈ চাহ খালে শৰীৰত আইৰণৰ শোষণো কমি যায়, যাৰ ফলত ৰক্তহীনতাও হ’ব পাৰে।
খালী পেটত চাহ খালে এচিডিটি, গেছ আৰু হজম শক্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে দিনটোত খুব বেছি ৩ কাপ চাহ খাবলৈ চেষ্টা কৰক।
পঢ়িবলৈ ক্লিক কৰক
খাদ্য খোৱাৰ পিছত টোপনি কিয় আহে