ভাৰতৰ ওপৰত অতিৰিক্ত ২৫%শুল্ক আৰোপ আমেৰিকাৰ, প্ৰতিক্ৰিয়া প্ৰকাশ বিদেশ মন্ত্ৰালয়ৰ…

ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ। ৬ আগষ্টত আমেৰিকাই পুনৰ ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰে। ইয়াৰ প্ৰত্যুত্তৰ দিছে বিদেশ মন্ত্ৰালয়ে।

ভাৰতৰ ওপৰত অতিৰিক্ত ২৫%শুল্ক আৰোপ আমেৰিকাৰ, প্ৰতিক্ৰিয়া প্ৰকাশ বিদেশ মন্ত্ৰালয়ৰ...

ট্ৰাম্পৰ শুল্ক

Published: 

06 Aug 2025 21:25 PM

ভাৰতৰ বিৰুদ্ধে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰি আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৈদেশিক মন্ত্ৰালয়ে। এক বিবৃতিযোগে মন্ত্ৰালয়ে কৈছে যে, বিগত কেইটামান দিনত ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি কৰাক লক্ষ্য কৰি লৈছিল আমেৰিকাই। এই বিষয়ত ইতিমধ্যে আমি আমাৰ স্থিতি স্পষ্ট কৰিছো। য’ত উল্লেখ আছিল যে,আমাৰ আমদানি বজাৰভিত্তিক আৰু দেশৰ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে।

মন্ত্ৰালয়ে আৰু কয় যে, আন দেশৰ দৰে ভাৰতেও নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থত কাম কৰিছে। কিন্তু এয়া অতি দুৰ্ভাগ্যজনক যে আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি পুনৰ ক’ব বিচাৰো যে এয়া অন্যায়, অনুচিত আৰু অ-প্ৰয়োজনীয় সিদ্ধান্ত। ভাৰতে নিজৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

৩০ জুলাইত আছিল ২৫ শতাংশ

ইয়াৰ পূৰ্বে ৩০ জুলাইত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু ৬ আগষ্টত পুনৰ ট্ৰাম্পে ভাৰতৰ ওপৰচ অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ কাৰণে ভাৰতৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। এনে অৱস্থাত এতিয়া ভাৰতৰ ওপৰত আমেৰিকাৰ মুঠ শুল্কৰ পৰিমাণ হৈ পৰিছে ৫০ শতাংশ। এই শুল্ক ২৭ আগষ্টৰ পৰা প্ৰযোজ্য হ’ব।

ট্ৰাম্পে প্ৰায় ২৪ ঘন্টা পূৰ্বে অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল। তেওঁ কৈছিল যে. ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাটো প্ৰয়োজনীয় আৰু উচিত। কাৰণ ভাৰতে ৰাছিয়াৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল ক্ৰয় কৰি আছে।

 

ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে এতিয়া দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। বিৰোধী দলসমূহে অহৰহ চৰকাৰক আক্ৰমণ কৰি গৈছে। এই সন্দৰ্ভত শিৱসেনা (ইউ বি টি)ৰ নেতা আদিত্য থাকৰে কয়, কোনো মন্ত্ৰীয়ে এতিয়ালৈকে কিয় উত্তৰ দিয়া নাই? সকলো মন্ত্ৰী কিয় নিমাত হৈ আছে ? আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছে নে নাই?

এই সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। তেওঁ কয় যে, এয়া আমাৰ বাবে ভাল খবৰ নহয়। ৫০ শতাংশ শুল্ক আৰোপৰ ফলত আমেৰিকাৰ বহু লোকে ভাৰতত উৎপাদিত সামগ্ৰী লাভ কৰা কঠিন হৈ পৰিব।  ভিয়েটনাম, ইণ্ডোনেছিয়া, ফিলিপাইনছ, আনকি বাংলাদেশ আৰু পাকিস্তানৰ দৰে দেশক লক্ষ্য কৰিলে দেখা যায় যে এনো দেশৰ  শুল্ক আমাতকৈ কম। মোৰ আশংকা যে, তেতিয়া আমেৰিকাত আমাৰ পৰা সামগ্ৰী ক্ৰয় নকৰিব। কিয়নো সেই দেশসমূহৰ সামগ্ৰী সস্তা হৈ পৰিব পাৰে।

তেওঁ আৰু কয় যে, এইবাবে আমেৰিকা ৰপ্তানিৰ বাবে ঠিক নহয়। যিসমূহ দেশ বা বজাৰে আমাৰ প্ৰতি আগ্ৰহী আমি তেওঁলোকৰ লগত গুৰুত্বসহকাৰে বৈচিত্ৰ্যময় কৰা প্ৰয়োজন। এতিয়া ব্ৰিটেইনৰ সৈতে আমাৰ মুক্ত বাণিজ্য চুক্তি হৈছে। আমি ইউৰোপীয় ইউনিয়নৰ সৈতে আলোচনা হৈছে। বহু দেশ আছে যাৰ লগত আমি বাণিজ্য কৰিব পাৰিম বুলি আশা কৰা হৈছে। কিন্তু এতিয়া বিপৰ্যয়।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ শুল্ক যুদ্ধ! কোন কোন দেশে থিয় দিছে ভাৰতৰ পক্ষত?

বেয়া কলেষ্টেৰল স্বাভাৱিকভাৱে হ্ৰাস কৰিব পৰা ৫ বিধ স্বাস্থ্যকৰ খাদ্য
স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...