ইউক্ৰেইনৰ সৈতে যুদ্ধৰ বাবে ৰাছিয়াক পুঁজি যোগান ধৰিছে ভাৰতে: ট্ৰাম্পৰ ঘনিষ্ঠৰ ডাঙৰ অভিযোগ

ৰাছিয়াৰ পৰা তেল আমদানি কৰাক লৈ ভাৰতক অহৰহ আক্ৰমণ চলাই আহিছে আমেৰিকাই । ইয়াৰ ভাৰতৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগীয়ে। ট্ৰাম্পৰ ডেপুটি চীফ অফ ষ্টাফ ষ্টিফেন মিলাৰে কয় যে ভাৰতে তেল ক্ৰয় কৰি ৰাছিয়াক ইউক্ৰেইন যুদ্ধৰ বাবে পুঁজিৰ যোগান ধৰিছে।

ইউক্ৰেইনৰ সৈতে যুদ্ধৰ বাবে ৰাছিয়াক পুঁজি যোগান ধৰিছে ভাৰতে: ট্ৰাম্পৰ ঘনিষ্ঠৰ ডাঙৰ অভিযোগ

পুটিন-মোদী

Updated On: 

04 Aug 2025 | 09:37 AM

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক অহৰহ আক্ৰমণৰ লক্ষ্য কৰি লৈছে আমেৰিকাই। ইফালে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে সমালোচনা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শীৰ্ষ সহায়কে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ভাৰতে পৰোক্ষভাৱে এই যুদ্ধৰ বাবে ৰাছিয়াক ধন আগবঢ়োৱাৰ অভিযোগো উত্থাপন কৰে।

ট্ৰাম্পৰ অন্যতম প্ৰভাৱশালী পৰামৰ্শদাতা ষ্টিফেন মিলাৰে কয়, “ট্ৰাম্পে স্পষ্টভাৱে বিশ্বাস কৰে যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰা বন্ধ কৰিব লাগে। মিলাৰে ছাণ্ডে মৰ্নিং ফিউচাৰ্ছত কয় যে তেওঁ (ট্ৰাম্পে) অতি স্পষ্টভাৱে কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি এই যুদ্ধৰ বাবে ধন আগবঢ়াই যোৱাটো গ্ৰহণযোগ্য নহয়।”

তেল ৰপ্তানিৰ ওপৰত আক্ৰমণ আমেৰিকাৰ

ফক্স নিউজত তেওঁ কয়, “ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰত চীনৰ সৈতে বান্ধ খাই আছে বুলি জানিলে মানুহে আচৰিত হ’ব।” অৱশ্যে ইফালে মিলাৰে প্ৰধানমন্ত্ৰী মোদী আৰু ড’নাল্ড ট্ৰাম্পৰ সম্পৰ্কৰ কথাও কয়। তেওঁ দুয়োৰে মাজৰ সম্পৰ্কক অতিকৈ ভাল বুলি অভিহিত কৰে।

ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰে

ড’নাল্ড ট্ৰাম্পে যোৱা ৩০ জুলাইত ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।ইয়াৰ সমান্তৰালকৈ আমেৰিকাই ভাৰতে ৰাছিয়াৰ অস্ত্ৰ-শস্ত্ৰ আৰু তেল ক্ৰয় কৰাৰ ক্ষেত্ৰতো সম্ভাৱ্য শাস্তি সম্পৰ্কে সকীয়াই দিছিল। শুল্ক ঘোষণাৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে ভাৰত-ৰাছিয়াৰ সম্পৰ্কত তীব্ৰ আক্ৰমণ চলাই দুয়োখন দেশক “মৃত অৰ্থনীতি” বুলি অভিহিত কৰি স্পষ্টভাৱে কয় যে ভাৰতে ৰাছিয়াৰ সৈতে কি কৰে সেই বিষয়ে তেওঁ “চিন্তা নকৰে”।

ট্ৰাম্পে কয়, “যদিহে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিত সন্মতি নিদিয়ে, তেন্তে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থকা সকলো দেশৰ আমদানিৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰাৰ কথা বিবেচনা কৰিব”। একে সময়তে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ইও মস্কোৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সম্পৰ্কক সমালোচনা কৰে। তেওঁ ভাৰতক ‘কৌশলগত অংশীদাৰ’ বুলি অভিহিত কৰে যদিও ৰাছিয়াৰ সৈতে চলি থকা তেলৰ ব্যৱসায় আমেৰিকা-ভাৰতৰ সম্পৰ্কত ‘বিৰক্তিৰ কাৰণ’ বুলি কয়।

ৰাছিয়াৰ পৰা ভাৰতে কিমান তেল ক্ৰয় কৰে?

যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ ৰাছিয়াৰ তেল আমদানি দ্ৰুতগতিত বৃদ্ধি পাইছে। ৰয়টাৰৰ তথ্য অনুসৰি ২০২১ চনত ইউক্ৰেইন যুদ্ধৰ পূৰ্বে ভাৰতৰ মাত্ৰ ৩% তেলহে ৰাছিয়াৰ পৰা আহিছিল। এতিয়া এই সংখ্যা ইয়াৰ মুঠ তেল আমদানিৰ ৩৫%ৰ পৰা ৪০%লৈ বৃদ্ধি পাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব