শীঘ্ৰেই হ’ব বাণিজ্যিক চুক্তি! মোদী- ট্ৰাম্পৰ বন্ধুত্বৰ কথা উল্লেখ হোৱাইট হাউছৰ…

শীঘ্ৰেই ভাৰত-আমেৰিকাৰ মাজত স্বাক্ষৰ হ'ব বাণিজ্যিক চুক্তি। পুনৰ এই কথা উল্লেখ কৰিলে হোৱাইট হাউছে। এই সময়চোৱাত হোৱাইট হাউছে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বন্ধুত্বৰ কথাও দোহাৰে।

শীঘ্ৰেই হব বাণিজ্যিক চুক্তি! মোদী- ট্ৰাম্পৰ বন্ধুত্বৰ কথা উল্লেখ হোৱাইট হাউছৰ...

মোদী-ট্ৰাম্প

Published: 

01 Jul 2025 09:28 AM

বিগত কেইটামান মাহত ভাৰত- আমেৰিকাৰ সম্পৰ্কৰ মাজত এক প্ৰশ্নবোধকৰ সৃষ্টি হৈছিল। বিভিন্নজনৰ মাজত উত্থাপন হৈ থকা এনে প্ৰশ্নৰ উত্তৰ যেন আওপকীয়াকৈ দিলে হোৱাইট হাউছে। সন্দেহৰ আৱৰ্তত আহিলেও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধুত্ব পাহৰি যোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ হোৱাইটত হাউছে দুই নেতাৰ বন্ধুত্বৰ কথা উল্লেখ কৰাৰ পাছতে কিছু পৰিমাণে স্পষ্ট হৈ পৰিছে এই কথা। আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কৰ বাবে এই মন্তব্য অতি গুৰুত্বপূৰ্ণ। সোমবাৰে সংবাদ মাধ্যমৰ আগত হোৱাইট হাউছে ভাৰতক”কৌশলগত অংশীদাৰ” বুলি অভিহিত কৰে।

সংবাদ মাধ্যম সম্বোধন কৰাৰ সময়ত হোৱাইট হাউছৰ প্রেছ সচিব কেৰ’লিনা লেভিটে কয় যে, “হয়, ৰাষ্ট্ৰপতিয়ে যোৱা সপ্তাহত কৈছিল (যে আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক চুক্তি অতি ঘনিষ্ঠ) আৰু সেয়া সঁচা৷ মই এই সন্দৰ্ভত আমাৰ বাণিজ্য সচিবৰ সৈতে কথা পাতিছো। তেওঁ ৰাষ্ট্ৰপতিৰ সৈতে অভাল অফিচত আছিল। তেওঁলোকে এই চুক্তিসমূহ চূড়ান্ত কৰাৰ কাম কৰি আছে”।

লেভিটে কয় যে, “এইটো সঁচা যে যোৱা সপ্তাহত ৰাষ্ট্ৰপতিয়ে কৈছিল যে আমেৰিকা আৰু ভাৰত বাণিজ্য চুক্তিৰ অতি ওচৰ চাপিছে। বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক চুক্তি চূড়ান্ত কৰা হৈছে। অতি সোনকালে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৰা ভাৰতৰ বিষয়ে শুনিব। ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি যিকোনো সময়তে হ’ব পাৰে । এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত অতি কৌশলগত মিত্ৰ হৈয়ে আছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাষ্ট্ৰপতিৰ অতি ভাল সম্পৰ্ক আছে , তেওঁলোকে ইয়াক অব্যাহত ৰাখিব”।

 

উল্লেখ্য যে, কিছুদিন পূৰ্বে চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে শীঘ্ৰেই বাণিজ্যিক চুক্তি হ’বলৈ গৈ আছে বুলি কৈছিল। ‘বিগ বিউটিফুল বিল’ অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা উল্লেখ কৰিছিল। তেওঁ কৈছিল, শেহতীয়াকৈ আমেৰিকাই চীনৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে আৰু এতিয়া ভাৰতৰ সৈতেও একেধৰণৰ কিবা এটা হ’বলৈ গৈ আছে।

২ এপ্ৰিলত ট্ৰাম্পে ১০০ খনতকৈও অধিক দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু ৯ এপ্ৰিলত তেওঁ চীনৰ বাহিৰে সকলো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক ৯০ দিনৰ বাবে পিছুৱাই দিছিল। ইয়াৰ পাছত দুই দেশৰ মাজত আৰম্ভ হৈছিল শুল্ক যুদ্ধ। পাছত চীনকো শুল্কৰ পৰা বহু পৰিমাণে ৰেহাই দিছিল আৰু এতিয়া আমেৰিকাই চীনৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে। যোৱা কেইটামান দিনত ভাৰতৰ বিৰুদ্ধেও ট্ৰাম্পে বহু ব্যৱস্থা লৈছে। এই সকলোবোৰৰ মাজত এতিয়া আমেৰিকাই ভাৰতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে।

 

অন্য খবৰ পঢ়কঃ সকলোৰে বাবে নহয়! ভাৰতৰ বাবে ডাঙৰ উপহাৰ আমেৰিকাৰ, ট্ৰাম্পে কৰিলে ঘোষণা…

সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, এইকেইজন ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীও পেছাত চিকিৎসক