চলি থকা যুদ্ধৰ মাজতেই ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

PM modi visit ukraine: এই যাত্ৰা আন এক কাৰণত বিশেষ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৪৫ বছৰ পাছত পোলেণ্ড আৰু ৩০ বছৰ পাছত ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হ'ব।

চলি থকা যুদ্ধৰ মাজতেই ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

মোদী- জেলেনস্কি

Published: 

20 Aug 2024 07:46 AM

ৰাছিয়া- ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে শীঘ্ৰেই প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইন ভ্ৰমণ কৰিব। ৰাছিয়া ভ্ৰমণৰ প্ৰায় দুমাহৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীৰ এই  ইউক্ৰেইন ভ্ৰমণক অতি বিশেষ বুলি গন্য কৰা হৈছে। ইয়াৰ লগতে পোলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ২১ আগষ্টৰ পৰা ২৩ আগষ্টৰ ভিতৰত দুয়োখন দেশ ভ্ৰমণ কৰিব পাৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, মোদীয়ে ইউক্ৰেইনৰ উপৰি পোলেণ্ড ভ্ৰমণ কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, পোলেণ্ড নাটোৰ সক্ৰিয় সদস্য। আনহাতে ৰাছিয়াৰ লগত হোৱা সংঘৰ্ষৰ পাছতেই মোদীৰ এয়া হ’ব প্ৰথম ইউক্ৰেইন ভ্ৰমণ। এই যাত্ৰা আন এক কাৰণত বিশেষ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৪৫ বছৰ পাছত পোলেণ্ড আৰু ৩০ বছৰ পাছত ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হ’ব। এই সময়চোৱাত মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কি কিয়েভত এক বৈঠকত মিলিত হ’ব।

২০২২ চনত ইউক্ৰেইনত সংঘটিত আক্ৰমণৰ পিছত পশ্চিমীয়া দেশসমূহে মস্কোৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। কিন্তু ভাৰতে ইয়াৰ সৈতে ব্যৱসায় অব্যাহত ৰাখিছে। যুদ্ধৰ আৰম্ভণিৰে পৰা ভাৰতে ৰাছিয়া বা ইউক্ৰেইনৰ কোনো এটাকে প্ৰত্যক্ষভাৱে সমৰ্থন কৰা নাই। ভাৰতে সদায় দুয়োখন দেশক আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাত সমাধান কৰিবলৈ আহ্বান জনাই আহিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত শান্তিৰ কথা কৈ আহিছে আৰু আলোচনাৰ মাধ্যমেৰে সমাধানৰ পক্ষত আছে।

ভাৰতে এই যুদ্ধ শান্তিৰে সমাধান কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে। ইয়াৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। ৰাছিয়া ভ্ৰমণৰ সময়চোৱাত মোদীক ৰাছিয়াৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হয়। এই ভ্ৰমণৰ সময়তে ভাৰতে পুটিনৰ সৈতে পাৰমাণৱিক শক্তিৰ পৰা আৰম্ভ কৰি চিকিৎসা, মহাকাশ আৰু সামৰিক ক্ষেত্ৰলৈকে দ্বিপাক্ষিক বাণিজ্য আৰু সহযোগিতা প্ৰসাৰিত কৰাৰ বাবে সহমতত উপনীত হৈছিল।

এই ভ্ৰমণত দৃষ্টি আছিল বিশ্বৰ প্ৰতিখন দেশৰ। আনকি আমেৰিকাই বিশ্বাস কৰিছিল যে এই যুদ্ধ মোদীৰ মধ্যস্থতাত সমাধান হ’ব। অৱশ্যে মোদীৰ এই ভ্ৰমণৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে । মোদীৰ এই ভ্ৰমণত জেলেনস্কিয়ে ক্ষোভ ব্যক্ত কৰিছিল।

উল্লেখ্য যে, এবছৰৰো অধিক কাল ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে।এই যুদ্ধ সমাধান কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি অহা হৈছে যদিও সফল হোৱা নাই। আমেৰিকাৰ দৰে ৰাষ্ট্ৰই পুটিনক সকিয়নি দিয়াৰ পাছতো এই যুদ্ধ চলি আছে। এতিয়ালৈকে এই যুদ্ধত বহু লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুতো। এই সকলোবোৰৰ মাজতেই মোদীৰ এই ভ্ৰমণে যথেষ্ঠ গুৰুত্ব বহন কৰিছে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব মোদীৰ এই ভ্ৰমণ কিমান ফলপ্ৰসূ হয়।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক