কেনেকৈ অন্ত পৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ? ট্ৰাম্পে জেলেনস্কিক জনালে পুটিনৰ দাবী…

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ডনেটস্ক প্ৰদেশৰ বিনিময়ত ফ্ৰণ্ট লাইনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ দিছিল। ট্ৰাম্পে এই দাবী জেলেনস্কিৰ আগত প্ৰকাশ কৰিছিল যদিও তেওঁ নাকচ কৰে। আলাস্কাত ট্ৰাম্প-পুটিনৰ সাক্ষাৎ হৈছিল, এতিয়া সোমবাৰে ৱাশ্বিংটনত ট্ৰাম্পক সাক্ষাৎ কৰিব জেলেনস্কিয়ে।

কেনেকৈ অন্ত পৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ? ট্ৰাম্পে জেলেনস্কিক জনালে পুটিনৰ দাবী...

কেনেকৈ অন্ত পৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ?

Published: 

17 Aug 2025 | 09:49 AM

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে, যদি ইউক্ৰেইনে ডনেটস্ক প্ৰদেশ তেওঁৰ হাতত গতাই দিয়ে তেন্তে তেওঁ ফ্ৰণ্ট লাইনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিব। আলাস্কাত পুটিনৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ উপৰিও ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতেও কথা পাতিছিল। সূত্ৰ অনুসৰি পুটিনে ডনেটস্ক প্ৰদেশক দাবী জনাইছিল। এই কথা ট্ৰাম্পে জেলেনস্কিক জনাইছিল যদিও জেলেনস্কিয়ে ডনেটস্কক ৰাছিয়াক গতাই দিবলৈ অস্বীকাৰ কৰে।

ইতিমধ্যে ২০১৪ চনত ৰাছিয়াই প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰা ডনেটস্ক প্ৰদেশৰ প্ৰায় তিনি চতুৰ্থাংশকে ধৰি ইউক্ৰেইনৰ পঞ্চমাংশ ৰাছিয়াই নিয়ন্ত্ৰণ কৰিছে। ট্ৰাম্পে লগতে কয় যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ পূৰ্বে শান্তি চুক্তিত উপনীত হ’ব লাগে। এই কথাত পুটিনেও একমত।

আলাস্কা শীৰ্ষ সন্মিলনত যুদ্ধবিৰতিৰ কোনো চুক্তি নহয়

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প আৰু পুটিনৰ বৈঠক হৈছিল। দুয়োজনে ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত প্ৰায় ৩ ঘণ্টা ধৰি আলোচনাত মিলিত হয়। অৱশ্যে বৈঠকৰ পাছতো যুদ্ধবিৰতি ঘোষণা কৰা নহ’ল। বৈঠকৰ অন্তত দুয়োগৰাকী নেতাই এখন সংবাদমেল অনুষ্ঠিত কৰে কিন্তু সাংবাদিকসকলৰ সকলো প্ৰশ্নৰ উত্তৰ নিদিলে। ট্ৰাম্পে এই আলোচনা ইতিবাচক বুলি কয়। কিছুমান বিষয়ত চুক্তি হোৱা নাছিল। অৱশ্যে কোনবোৰ পইণ্টত তেওঁলোকৰ মাজত সহমত হৈছে সেই কথা কোৱা হোৱা নাছিল। বৈঠকৰ অন্তত ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, সকলোৱে সিদ্ধান্ত লৈছে যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল পোনে পোনে শান্তি চুক্তিলৈ যোৱা। কেৱল যুদ্ধবিৰতি প্ৰায়ে সফল নহয়।

ৰাছিয়াই ট্ৰাম্পৰ পৰিৱৰ্তনক আদৰণি জনাব

ৰাছিয়াই কয় যে, তেওঁলোকে ট্ৰাম্পৰ মন্তব্যক আদৰণি জনাইছে, য’ত তেওঁ কেৱল যুদ্ধবিৰতিৰ পৰিৱৰ্তে সম্পূৰ্ণ চুক্তিৰ কথা কৈছে। অৱশ্যে এইটো কঠিন হ’ব কাৰণ দুয়োপক্ষই ইটোৱে সিটোৰ সম্পূৰ্ণ বিপৰীত। কেইবামাহো ধৰি ৰাছিয়াৰ সেনাই লাহে লাহে আগবাঢ়িছে। বিশেষজ্ঞসকলৰ মতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ইউৰোপৰ ৮০ বছৰৰ ভিতৰত অন্যতম ভয়ানক যুদ্ধ, য’ত দুয়োখন দেশৰ ১০ লাখৰো অধিক লোকৰ মৃত্যু হৈছে।

সোমবাৰে ৱাশ্বিংটনত বৈঠকত মিলিত হ’ব জেলেনস্কি আৰু ট্ৰাম্প

আলাস্কা শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পে কৈছিল যে যুদ্ধবিৰতিৰ চুক্তি নোহোৱালৈকে তেওঁ সুখী নহয়। কিন্তু পিছত তেওঁ কয় যে সোমবাৰে জেলেনস্কিৰ সৈতে কথা পাতিব। ইয়াৰ পিছত যদি সকলো ঠিকে থাকে তেন্তে তেওঁ পুটিনৰ সৈতে এখন বৈঠক ঠিক কৰিব। সোমবাৰে ৱাশ্বিংটনত ট্ৰাম্পক সাক্ষাৎ কৰিব বুলি কয় জেলেনস্কিয়ে। সূত্ৰ অনুসৰি, ইউৰোপীয় নেতাসকলকো এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে। জেলেনস্কিয়ে কয় যে, তেওঁ পুটিনকো সাক্ষাৎ কৰিবলৈ সাজু। কিন্তু যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ দীৰ্ঘদিনীয়া স্থিতিৰ কোনো পৰিৱৰ্তনৰ কোনো ইংগিত দিয়া নাছিল পুটিনে। জেলেনস্কিক লগ পোৱাৰ বিষয়ে তেওঁ ৰাজহুৱাভাৱে একো কোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব