ভাৰতক সমৰ্থন চীনৰ! ট্ৰাম্পৰ বিৰুদ্ধে ক্ষুব্ধ হৈ কৰিলে ডাঙৰ মন্তব্য…

প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে ভাৰতৰ পক্ষত মাত মাতিছে চীনে। শেহতীয়াকৈ চীনে ড'নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ ওপৰত মন্তব্য কৰে। চীনে কয় যে, ভাবুকি দিয়াসকলক ১ ইঞ্চি দিলে ১ মাইল লৈ লয়।

ভাৰতক সমৰ্থন চীনৰ! ট্ৰাম্পৰ বিৰুদ্ধে ক্ষুব্ধ হৈ কৰিলে ডাঙৰ মন্তব্য...

ড'নাল্ড ট্ৰাম্প

Published: 

08 Aug 2025 11:57 AM

ভাৰতৰ সমৰ্থনত আগবাঢ়ি আহিছে চীন!  আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পাছতেই উত্তেজনা বৃদ্ধি কৰিছে। ইয়াৰ মাজতে এতিয়া চীনে পৰোক্ষাভাৱে ভাৰতৰ সমৰ্থনত মাত মাতিছে আৰু আমেৰিকাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে। ভাৰতৰ লগতে অন্যান্য দেশৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পাছত ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে ট্ৰাম্পক উচিত প্ৰত্যুত্তৰ দিয়ে।

চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে যে- ”ভাবুকি দিয়াসকলক এক ইঞ্চি দিলে তেওঁলোকে এক মাইল লৈ লয়”। এই বাৰ্তাটোৰ লগতে আন এটা পোষ্ট সংযোগ কৰা হৈছে। য’ত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ মূল উপদেষ্টা চেলছ’ আমোৰিমৰ মাজত হোৱা কথা-বতৰাৰ উদ্ধৃতি দিয়া হৈছে। য’ত কোৱা হৈছে যে, আন দেশত দমন কৰিবলৈ শুল্ক জাপি দিয়া ব্যৱস্থাটোৱে ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা কৰে,বিশ্ব ব্যৱসায় সংস্থাৰ নিয়মক ভেঙুচালি কৰে। আৰু এই দুয়োটা অতি অস্থিৰ।

 

উল্লেখ্য যে, ট্ৰাম্পে ভাৰতৰ ওপৰত সৰ্বমুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এই ঘোষণা কৰি মাজনিশা তেওঁ সামাজিক মাধ্যমত লিখে যে, এতিয়া আমেৰিকালৈ আৰৱ আৰৱ ডলাৰ আহিব। ইয়াৰ কিছু সময় পাছত পুনৰ ভাবুকি দি তেওঁ কয় যে, এতিয়াও বহুত বাকী আছে। ভাৰতৰ ওপৰত গৌণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ গৈ আছে, অৰ্থাৎ ট্ৰাম্পে অনুভৱ কৰিছে যে শুল্ক তেওঁৰ এনে এক অস্ত্ৰ যাৰ সহায়ত তেওঁ যিকোনো দেশতে শিৰনত কৰিব পাৰে।

আমেৰিকাত সমস্যা হোৱাৰ সম্ভাৱনা

ট্ৰাম্পৰ এই শুল্কই নিশ্চয়কৈ ভাৰতক প্ৰভাৱিত কৰিব। কিন্তু আচৰিত কথা এয়াই যে এই শুল্ক যোৱা ১০০ বছৰৰ ভিতৰত আমেৰিকাই আৰোপ কৰা সৰ্বোচ্চ শুল্ক। এনেবোৰ কাৰণত আগন্তুক সময়ত আমেৰিকাত মুদ্ৰাস্ফীতি আকাশলংঘী হ’ব। কিন্তু তেতিয়া ট্ৰাম্পৰ হাতত কৰিবলৈ একো নাথাকিব। কিয়নো বিশ্ব অৰ্থনীতি আৰু বৈশ্বিক সন্তুলনৰ সৈতে ট্ৰাম্পে যি খেলা কৰি আছে সেই ব্যৱস্থাই আমেৰিকাকো ধ্বংস কৰিব পাৰে। যাৰ বাবে একাংশ বিশেষজ্ঞই কৈছে যে ট্ৰাম্পৰ এই স্থিতিৰ বাবে আমেৰিকা ধ্বংস হ’ব পাৰে।

ট্ৰাম্পে বাণিজ্যৰ ক্ষেত্ৰত যি ল’ৰা-ধেমালী কৰি আছে, আমেৰিকাক সংকটত পেলাব পাৰে। শুল্কৰ ফলত আমেৰিকাৰ লাভ নহয়। বৰঞ্চ আমেৰিকাৰ GDP ৰ ১১ লাখ ৬০ হাজাৰ কোটি টকাৰ লোকচান হ’ব পাৰে। ট্ৰাম্পৰ শুল্কৰ ফলত চাকৰি সৃষ্টি নহয়, ইয়াৰ বিপৰীতে ১৫ বছৰৰ ইতিহাসত কম চাকৰিৰ সৃষ্টি হ’ব।

ভাৰত প্ৰভাৱিত

ট্ৰাম্পৰ শুল্কৰ ফলত ভাৰতৰ লোকচান হ’ব। বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হোৱাৰ দিশত দ্ৰুতগতিত ভাৰত আগবাঢ়িছে। তেনে ক্ষেত্ৰত ই এক ডাঙৰ বিপৰ্যয় হ’ব পাৰে। এই শুল্কই ভাৰতক আমেৰিকাত ব্যৱসায় কৰাত অসুবিধা দিব। আমেৰিকালৈ ৰপ্তানি হ্ৰাস পাব, ডলাৰৰ উপাৰ্জন হ্ৰাস পাব। ভাৰতৰ সৈতে চীনক প্ৰতিহত কৰাৰ আমেৰিকাৰ নীতি নষ্ট হ’ব। ইয়াৰোপৰি ভাৰতত চাকৰি হ্ৰাস পাব আৰু চীনৰ সামুদ্ৰিক নীতিৰ বিৰুদ্ধে গঠিত QUAD ৰ সুবিধা উপলব্ধ নহ’ব।

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা নহয়ঃ ট্ৰাম্প

ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ প্ৰকৃত অৰ্থ কি? জানোঁ আহক...
আপোনাৰ শৰীৰত তেজ কমিছে নেকি? হিম’গ্লবিন বৃদ্ধি কৰিবলৈ কি খাব লাগে জানেনে?
মাইগ্ৰেইনৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক সবিশেষ
এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত! চুলি হৈ পৰিব ধুনীয়া, মজবুত আৰু দীঘল...