মাস্কে খুলিছে অলেখ মুখা! পোহৰলৈ চাঞ্চল্যকৰ তথ্য, বিজেপিয়ে তুলিছে ডাঙৰ অভিযোগ
এই নতুন সুবিধাৰ জৰিয়তে সমগ্ৰ বিশ্বতে ইটোৰ পিছত সিটোকৈ ‘ভুৱা’ প্ৰফাইল উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে। ইফালে এনে বহু একাউণ্ট ভাৰতীয় নাম, পৰিচয় আৰু উপাধিৰে চলি থকাৰো তথ্য পোহৰলৈ আহিছে। লক্ষণীয়ভাৱে এই একাউণ্টসমূহ পাকিস্তান, বাংলাদেশ আনকি তুৰস্কৰ পৰাও চলাই থকা বুলি অভিযোগ উঠিছে।

ইলন মাস্ক
ধনকুবেৰ ইলন মাস্কৰ ‘এক্স’ এতিয়া বিতৰ্কৰ কেন্দ্ৰবিন্দু। এই চ’ছিয়েল মিডিয়া প্লেটফৰ্মত নতুন ফিচাৰ সংযোজন হোৱাৰ পিছতে বিশ্বজুৰি আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। এই নতুন ফিচাৰৰ জৰিয়তে এতিয়া এক্সত ব্যৱহাৰকাৰীসকলৰ অৱস্থান চাব পৰা হৈছে। ইয়াৰ ফলস্বৰূপে এক্সত ব্যৱহাৰকাৰীসকলৰ একাউণ্ট ক’ৰ পৰা চলি আছে তাৰ এক ধাৰণা লোৱা সম্ভৱপৰ হৈ পৰিছে। লগতে একাউণ্ট কেতিয়া ব্যৱহাৰ কৰা হৈছে, ব্যৱহাৰকাৰীৰ নাম কিমানবাৰ সলনি কৰা হৈছে বা কোনটো ডিভাইচৰ পৰা চলোৱা হৈছে, সকলো প্ৰত্যক্ষ কৰাটো সম্ভৱপৰ হৈছে।
এই নতুন সুবিধাৰ জৰিয়তে সমগ্ৰ বিশ্বতে ইটোৰ পিছত সিটোকৈ ‘ভুৱা’ প্ৰফাইল উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে। ইফালে এনে বহু একাউণ্ট ভাৰতীয় নাম, পৰিচয় আৰু উপাধিৰে চলি থকাৰো তথ্য পোহৰলৈ আহিছে। লক্ষণীয়ভাৱে এই একাউণ্টসমূহ পাকিস্তান, বাংলাদেশ আনকি তুৰস্কৰ পৰাও চলাই থকা বুলি অভিযোগ উঠিছে।
ইয়াৰ ভিত্তিতে এতিয়া বিজেপিয়ে একাংশ বিদেশী শক্তিয়ে এক্স ব্যৱহাৰ কৰি ভাৰত বিৰোধী অপপ্ৰচাৰ চলাইছে বুলি পোনপটীয়া অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যৰ দাবী, দেশৰ বাহিৰৰ পৰা চলাই থকা হৈছে একাংশ কংগ্ৰেছ সমৰ্থক আৰু হিন্দু বিৰোধী এক্স হেণ্ডেল।
জাতিগত ৰাজনীতি কৰি দেশত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বহু প্ৰফাইল ভাৰতীয় নহয় বুলিও অভিযোগ তুলি অমিত মালব্যই লগতে এই প্ৰফাইলসমূহৰ এক বৃহৎ অংশ পাকিস্তান আৰু বাংলাদেশৰ পৰা পৰিচালনা কৰা হৈছে বুলিও অভিযোগ কৰে। এই প্ৰফাইলবোৰে একাধিকবাৰ ভুৱা নাম আৰু পৰিচয় ব্যৱহাৰ কৰি দেশ বিৰোধী অপপ্ৰচাৰ বিয়পোৱাৰ অভিযোগ কৰিছে মালব্যই।
তেওঁ লগতে এনে কাৰ্যক ভাৰতৰ সামাজিক স্থিতি ধ্বংস কৰাৰ বাবে অশুভ বিদেশী শক্তিৰ এক নিৰ্দিষ্ট পৰিকল্পনা আখ্যা দিছে। ভুৱা তথ্য বিয়পাই ভাৰতৰ ভিতৰত অশান্তিৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে বুলি আঙুলিয়াই দি মালব্যই লগতে এতিয়া ভাৰতৰ বিৰুদ্ধে সেই সকলো অপশক্তিৰ মুখা উন্মোচিত হৈছে বুলি মন্তব্য কৰে।
অপাৰেচন সেন্দূৰৰ পিছত স্পষ্ট হৈ পৰিছিল এক বিশেষ দৃশ্য। ভৱিষ্যতৰ সংঘাত কেৱল আৰ্টিলাৰী আৰু বিমানতেই নহয়, চাইবাৰ ক্ষেত্ৰয়ো এই সংঘাতত বিশেষ স্থান হ’ব। দীৰ্ঘদিন ধৰি ভুৱা তথ্য প্ৰচাৰেৰে ভাৰতত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিজেপিয়ে।
কৃষক আন্দোলনৰ পৰা আৰম্ভ কৰি অপাৰেচন সেন্দূৰ সন্দৰ্ভতো ভুৱা তথ্য বিয়পোৱাৰ অভিযোগৰ উত্থাপন কৰি আহিছে বিজেপিৰ শীৰ্ষ নেতাসকল। এতিয়া এক্সত নতুন ফিচাৰ সংযোজন হোৱাৰ লগে লগে বিজেপিয়ে হাতত যেন নতুন অস্ত্ৰ লাভ কৰিছে। শেহতীয়াকৈ দিল্লী লালকিল্লাৰ বিস্ফোৰণ, ২০২১ চনৰ কৃষক আন্দোলন আৰু ২০২০ চনত ৰাজধানীত সংঘটিত হিংসাত্মক পৰিস্থিতিত বিদেশী শক্তি জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে বিজেপিয়ে।
বিজেপি নেতাসকলে এনে একাধিক প্ৰফাইলৰ স্থানৰ তথ্য প্ৰদৰ্শন কৰিছে। এই প্ৰফাইলমূহে পাকিস্তান বা বাংলাদেশৰ পৰা ভাৰতৰ পৰিস্থিতি কিদৰে বিঘ্নিত কৰাৰ চেষ্টা কৰিছে, সেয়া দাঙি ধৰিছে। বিজেপিৰ অভিযোগ, ‘ট্ৰেক্টৰ টু টুইটাৰ’ নামৰ এটা প্ৰফাইলত পঞ্জাৱৰ কৃষকৰ অধিকাৰক লৈ দাবী তোলা হৈছে যদিও এই প্ৰফাইল অষ্ট্ৰেলিয়াৰ পৰা পৰিচালিত হৈছে।
বাংলাদেশৰ পৰা ইণ্ডিয়ান জেমছ নামৰ এটা ভুৱা প্ৰফাইল চলোৱা হৈছে আৰু আব্দুৰ ৰাজ্জাক নামৰ কোনো ব্যক্তি এই প্ৰফাইলৰ আঁৰত আছে বুলি বিজেপিয়ে দাবী কৰিছে। একেদৰে জাতি সম্পৰ্কীয় ভুল তথ্য প্ৰচাৰ কৰা ‘দ্ৰাবিড়ীয় প্রাইড’ নামৰ প্ৰফাইল বাংলাদেশৰ পৰা চলোৱা হৈছে বুলিও দলটোৱে অভিযোগ কৰিছে।
ইফালে তৰুণ আৰু জিতেশৰ দৰে ভাৰতীয় নাম তথা উপাধিৰে পাকিস্তানী জিতু ৰেহমানী আৰু ফাৱাদ শেখৰে একাউণ্ট চলাই থকাৰো তথ্য প্ৰকাশ কৰিছে বিজেপিয়ে। দলটোৰ দাবী, এই প্ৰফাইলসমূহে কেৱল ট্ৰ’ল বা শ্লেষাত্মক পোষ্ট প্ৰচাৰ কৰাই নহয়, কঠোৰ সুৰত ভাৰত বিৰোধী অপপ্ৰচাৰো প্ৰচাৰ চলাইছে।
এক্সৰ এই নতুন লকেচন ৰিভিল ফিচাৰ সন্দৰ্ভত বিশেষজ্ঞসকলে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। বিশেষজ্ঞসকলৰ মতে, এই নতুন ফিচাৰে কেৱল ভুৱা প্ৰফাইল চিনাক্ত কৰাত সহায় কৰাই নহয়, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ প্ৰকৃত পৰিচয় আৰু উদ্দেশ্য জনাতো সহায় কৰিব পাৰে।