ট্ৰাম্প আৰু ইলনৰ সম্পৰ্কত ফাঁট! মুকলিকৈ কৰি গৈছে বিৰোধিতা, ক’লে ডাঙৰ কথা…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কৰ মাজৰ সম্পৰ্কত ফাঁট। ইলনে এখন বিধেয়কৰ বিৰোধিতা কৰাৰ বিপৰীতে ট্ৰাম্পে দুয়োৰে বন্ধুত্ব সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

ট্ৰাম্প আৰু ইলনৰ সম্পৰ্কত ফাঁট! মুকলিকৈ কৰি গৈছে বিৰোধিতা,  কলে ডাঙৰ কথা...

ইলন-ট্ৰাম্প

Published: 

06 Jun 2025 | 08:18 AM

এজন ক্ষমতাশালী বন্ধু হেৰুওৱাৰ পথত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বিগত সময়চোৱাত বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সম্পৰ্কৰ অৱনতি ঘটা দেখা গৈছে। কিছুদিন পূৰ্বে মাস্কে ট্ৰাম্প প্ৰশাসনৰ সকলো দায়িত্বিৰ পৰা অব্যাহতি লৈছিল। ইয়াৰ মাজতে ট্ৰাম্পে দুয়োৰে বন্ধুত্ব সন্দৰ্ভত ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। হোৱাইট হাউচৰ দ্বাৰা প্ৰস্তাৱিত ৪ ট্ৰিলিয়ন ডলাৰৰ ব্যয় আৰু কৰ বিলৰ ওপৰত মাস্কে কৰা সমালোচনাৰ পাছত ট্ৰাম্পে ৰাজহুৱাভাৱে দুয়োৰে সম্পৰ্কক লৈ প্ৰশ্ন কৰে। ট্ৰাম্পে কয় যে, ইলন আৰু মোৰ মাজত বহু ভাল সম্পৰ্ক আছিল। কিন্তু এতিয়া আমি কেনেকৈ একেলগে আগবাঢ়ি যাম।

শেহতীয়াকৈ ইলন মাস্কে আমেৰিকা প্ৰশাসনৰ এখন বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক “ঘৃণনীয়” বুলি অভিহিত কৰিছিল লগতে কৈছিল যে ইয়ে আমেৰিকাক “দেউলীয়া” কৰিব পাৰে। তেওঁ কয় যে, বিধেয়কখন ইমান খৰখেদাকৈ গৃহীত কৰিলে যে কংগ্ৰেছৰ একাংশ সদস্যই পঢ়িবও সময় নাপালে। সামাজিক মাধ্যমত পোষ্ট দি মাস্কে কৈছিল যে মোক বিধেয়কখন দেখুওৱা কথাটো মিছা। নিশাৰ অন্ধকাৰত ইয়াক গৃহীত কৰা হয়।

বিষয়টো সন্দৰ্ভত ট্ৰাম্পে কয় যে, “বিধেয়কখন সন্দৰ্ভত মাস্কে সকলো জানিছিলো, বিশেষকৈ ইলেক্ট্ৰিক বাহন (ইভি)ৰ সৈতে জড়িত নীতিসমূহৰ বিষয়ে। যেতিয়ালৈকে হোৱাইট হাউচৰ সৈতে জড়িত হৈ আছিল তেতিয়ালৈকে কোনো সমস্যা নাছিল। মই ইলনক বহুত সহায় কৰিছো। তেওঁৰ এই কথাত মই দুখিত”।

মাস্কে ইভি/সৌৰ প্ৰৰোচনা বজাই ৰখাৰ কথা কোৱাৰ লগতে তেল আৰু গেছৰ ৰাজসাহায্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। মাস্কে কয় যে, বিধেয়কখনত পৰিৱেশ অনুকূল প্ৰৰোচনা কৰ্তন কৰা হৈছে, আনহাতে পৰম্পৰাগত শক্তি উদ্যোগক স্পৰ্শও কৰা নাই। এয়া অন্যায়। তেওঁ বিধেয়কখনৰ পৰা পৰ্ক প্ৰজেক্ট আঁতৰ কৰাৰো দাবী জনায়।

মই অবিহনে নিৰ্বাচনত পৰাজিত হ’লহেতেন

ট্ৰাম্পে বৃহস্পতিবাৰে কয় যে মাস্কৰ সহায় অবিহনেও তেওঁ পেনচিলভেনিয়াত জয়ী হ’লহেঁতেন, কাৰণ ডেম’ক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৰাজ্যখনৰ গৱৰ্ণৰ জোছ শ্বেপিৰোক ৰানিং মেট হিচাপে বাছি লোৱা নাছিল। ট্ৰাম্পে কোৱা অনুসৰি যদি হেৰিছে তেওঁ বাচনি কৰিলে হয় তাৰ পাছতো মই পেনচিলভেনিয়াত জয়ী হ’লোহেঁতেন। ইয়াৰ বিপৰীতে মাস্কে কৈছে যে, এয়া অতি হাস্যতকৰ। মই অবিহনে ট্ৰাম্প নিৰ্বাচনত পৰাজিত হ’লহেতেন।

গতিকে ইলন মাস্ক আৰু ডনাল্ড ট্ৰাম্পৰ মাজত যুঁজ বৰ্তমান অব্যাহত আছে। ট্ৰাম্পে ইতিমধ্যে কৈছে যে ইলনৰ লগত তেওঁৰ ভৱিষ্যত সম্পৰ্ক কি হয় নাজানে। ইফালে ইলনেও নিজৰ স্থিতিত অটল আছে। গতিকে দুই প্ৰভাৱশালী ব্যক্তিৰ মাজৰ এই বিবাদ কি পৰ্যায় পাইগৈ সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ ১২খন দেশৰ নাগৰিক প্ৰৱেশৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ, চাওক তালিকা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...