৮খন যুদ্ধ বন্ধ কৰাৰ পাছতো নোবেল নিদিলে, গতিকে এতিয়া…ন’ৰৱেৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ ট্ৰাম্পৰ…

বহু চেষ্টা কৰাৰ পাছতো শান্তিৰ নোবেল বঁটা লাভ নকৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। এই বিষয় সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি এতিয়া ন'ৰৱেৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ট্ৰাম্পে। এক প্ৰকাৰ ট্ৰাম্পৰ এয়া কঠোৰ সকীয়নি বুলি ক'ব বিচাৰে একাংশই।

৮খন যুদ্ধ বন্ধ কৰাৰ পাছতো নোবেল নিদিলে, গতিকে এতিয়া...নৰৱেৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ ট্ৰাম্পৰ...

ট্ৰাম্প আৰু ন'ৰৱেৰ প্ৰধানমন্ত্ৰী

Published: 

19 Jan 2026 | 05:44 PM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ড’নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ শান্তিৰ নোবেল বঁটা বিষয়টোৰ সৈতেও ট্ৰাম্পৰ নাম সাঙোৰ খাইছিল। কিন্তু অশেষ চেষ্টাৰ অন্ততো নোবেল বঁটা লাভ নকৰিলে ট্ৰাম্পে। ইয়াৰ পাছতে এতিয়া ট্ৰাম্পে ন’ৰৱেৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে, য’ত নোবেল বঁটা লাভ নকৰাৰ বাবে তেওঁৰ ক্ষোভ স্পষ্টভাৱে প্ৰকাশ পাইছে।

শেহতীয়াকৈ ট্ৰাম্পে নৰৱেৰ প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰলৈ এখন পত্ৰ লিখিছে। য’ত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে, নোবেল বঁটা লাভ নকৰাৰ বাবে এতিয়া তেওঁ কেৱল শান্তি সন্দৰ্ভত চিন্তা কৰাৰ বাবে নিজকে বাধ্য বুলি নাভাবে। ট্ৰাম্পৰ এই বক্তব্যক বহুতে প্ৰত্যক্ষ ভাবুকি আৰু বিশ্ব ৰাজনীতিত এক নতুন সমস্যাৰ ইংগিত বুলি ক’ব বিচাৰে।

সোমবাৰে প্ৰকাশ পোৱা বাৰ্তাটোত ট্ৰাম্পে লিখিছে- ”মই বিশ্বৰ ৮খনকৈ যুদ্ধ বন্ধ কৰাৰ পাছতো আপোনাৰ দেশে মোক শান্তিৰ নোবেল পুৰস্কাৰ নিদিলে। সেইবাবে এতিয়া মই নিজকে কেৱল শান্তিৰ কথা ভাবিবলৈ বাধ্য কৰিব নোৱাৰো। আমেৰিকাৰ বাবে কি ভাল আৰু প্ৰয়োজনীয় এতিয়া কেৱল মই সেয়া চিন্তা কৰিম। প্ৰয়োজন হ’লে কঠোৰ সিদ্ধান্তও ল’ম”।

কি কয় ন’ৰৱে চৰকাৰে

ট্ৰাম্পৰ এই কথাৰ প্ৰত্যুত্তৰ হিচাপে ন’ৰৱেৰ প্ৰধানমন্ত্ৰীয়ে এয়া স্পষ্ট কৰি দিয়ে যে, নোবেল শান্তি পুৰস্কাৰ স্বাধীনভাৱে নোবেল সমিতিয়ে দিয়ে, চৰকাৰে নিদিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, এই কথা ট্ৰাম্পক পূৰ্বতেও বহুবাৰ বুজোৱা হৈছে। কিন্তু ইয়াৰ পাছতো ট্ৰাম্পে ইয়াক ন’ৰৱেৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। যাৰ বাবে এই বিষয়টোক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে।

ট্ৰাম্পৰ সপোন

দীৰ্ঘদিন ধৰি ট্ৰাম্পে শান্তিৰ নোবেল বঁটা দাবী কৰি আহিছে। ট্ৰাম্পৰ মতে, তেওঁ গাজা যুদ্ধ, ভাৰত-পাকিস্তান, ইজৰাইল-ইৰাণ,  আৰ্মেনিয়া-আজাৰবাইজান, ছাৰ্বিয়া-ক’ছ’ভ’ আদিকে ধৰি ৮ খনকৈ যুদ্ধ বন্ধ কৰিছে। গতিকে তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিব লাগে। কিন্তু বিশেষজ্ঞসকলে কয় যে, ট্ৰাম্পে দাবী কৰাৰ দৰে ইয়াৰে বহু সংঘাত যুদ্ধ নাছিল, ইয়াৰোপৰি কিছুমান আছিল কেৱল উত্তেজনা।

নাটোক কি কয়?

ট্ৰাম্পৰ বাৰ্তাত গ্ৰীণলেণ্ড, নাটো, ৰাছিয়া-চীন আদি বিষয়কো সম্বোধন কৰা হয়। ট্ৰাম্পৰ মতে, তেওঁৰ দৰে আন কোনোৱে নাটোৰ বাবে ইমান কাম কৰা নাই। গতিকে এতিয়া নাটোৱে আমেৰিকাৰ বাবে কিবা কৰা উচিত। ইফালে গ্ৰীণলেণ্ড সন্দৰ্ভত ট্ৰাম্পে কয় যে, যেতিয়ালৈকে আমেৰিকাই গ্ৰীণলেণ্ডৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ নকৰে তেতিয়ালৈকে বিশ্ব সুৰক্ষিত হ’ব নোৱাৰে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ পাৰমাণৱিক শক্তি, ছৌদিৰ ধন,তুৰ্কীৰ অস্ত্ৰ! চুন্নীক লৈ ইছলামিক নাটো গঠনৰ সপোন…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...