ট্ৰাম্পৰ শেষ সকীয়নি! হামাছে কৰিব লাগিব এই কাম, নহ’লে হ’ব বিনাশ…

হামাছক শেষ সকীয়নি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। তেওঁ কয়, যদি হামাছে চুক্তি মানি নলয় তেন্তে বিনাশৰ সৃষ্টি হ'ব। উল্লেখ্য যে, ইতিমধ্যে ইজৰাইলে ট্ৰাম্পৰ শান্তি পৰিকল্পনাত সমৰ্থন আগবঢ়াইছে।

ট্ৰাম্পৰ শেষ সকীয়নি! হামাছে কৰিব লাগিব এই কাম, নহলে হব বিনাশ...

ড'নাল্ড ট্ৰাম্প

Published: 

05 Oct 2025 | 10:25 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শেষ সকীয়নি! যদি হামাছে গাজাৰ ওপৰত ক্ষমতা তথা নিয়ন্ত্ৰণ প্ৰত্যাহাৰ নকৰে লগতে তেওঁৰ শান্তি পৰিকল্পনা গ্ৰহণ নকৰে তেন্তে বিনাশৰ সৃষ্টি হ’ব। ট্ৰাম্পে হামাছক শান্তি প্ৰস্তাৱ গ্ৰহণ কৰাৰ শেষ সময়সীমা দেওবাৰ সন্ধিয়া ৬ বজা (ভাৰতীয় সময় অনুসৰি সোমবাৰ পুৱতি নিশা ৩:৩০ বজা)বুলি বান্ধি দিছে। এই সময়সীমাৰ প্ৰায় ১২ ঘন্টা পূৰ্বে ৫ অক্টোবৰত ট্ৰাম্পে হামাছক কঠোৰ সকীয়নি দিছে।

ট্ৰাম্পে কয় যে, হামাছক শেষবাৰৰ বাবে এক সুযোগ দিয়া হৈছে যাতে তেওঁলোকে শান্তি পৰিকল্পনা গ্ৰহণ কৰি ইজৰাইলী পণবন্দীসকলক মুকলি কৰে আৰু যুদ্ধৰ অন্ত পেলায়। ইতিমধ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধবিৰতি পৰিকল্পনাত সমৰ্থন আগবঢ়াইছে।

ট্ৰাম্পৰ পৰিকল্পনা

হামাছ-ইজৰাইলৰ যুদ্ধ বন্ধ কৰাৰ বাবে ট্ৰাম্পে ২০ দফীয়া শান্তি পৰিকল্পনা প্ৰস্তুত কৰিছে।এই পৰিকল্পনাৰ অধীনত এখন অস্থায়ী প্ৰশাসনিক ব’ৰ্ড গঠন কৰা হ’ব, যাৰ নেতৃত্বত থাকিব ট্ৰাম্প। ইয়াৰ লগতে ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰকে ধৰি আন বহু নেতা এই ব’ৰ্ডত থাকিব। এই পৰিকল্পনা অনুসৰি, গাজাৰ লোকসকলক নিজৰ ঘৰ ত্যাগ কৰিবলৈ বাধ্য কৰোৱা নহয়। যদি ইজৰাইল-হামাছ দুয়োৱে পৰিকল্পনাত সন্মতি প্ৰকাশ কৰে তেন্তে যুদ্ধ বন্ধ হ’ব।

এই চৰ্তসমূহৰ ভিতৰত যুদ্ধ অন্ত পেলোৱা, ইজৰাইলৰ সৈন্য প্ৰত্যাহাৰ কৰা, বন্দীক মুকলি কৰি দিয়া আদি আছে। হামাছে ইতিমধ্যে এই চৰ্তত সন্মতি প্ৰকাশ কৰিছে যদিও অস্ত্ৰ আত্মসমৰ্পণকে ধৰি কিছুমান বিশেষ বিষয়ত আলোচনা চলি আছে। ইয়াৰ ওপৰত ইজিপ্তত হামাছ, ইজৰাইল আৰু আমেৰিকাৰ প্ৰতিনিধি দলৰ মাজত আলোচনা চলি আছে।

যুদ্ধ সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে, গাজাৰ যুদ্ধ এতিয়াও শেষ হোৱা নাই। হামাছে ট্ৰাম্পৰ শান্তি পৰিকল্পনা আৰু পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰস্তাৱ মানি লৈছে যদিও সকলো চূড়ান্ত হোৱা নাই। তেওঁ কয় যে, পণবন্দীসকলক মুকলি কৰা প্ৰথম পদক্ষেপ আৰু পাছত গাজাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ’ব। ইয়াৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বহুত আছে। আলোচনা চলি আছে। গতিকে ভৱিষ্যতে কি হয় সেয়া লক্ষণীয় হ’ব।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ নতুন সিদ্ধান্ত! বিপদত শ শ মুছলিম আৰু শিখ ধৰ্মৰ লোক, এতিয়াৰ পৰা এইসকলে ৰাখিব নোৱাৰিব দাড়ি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...