আকৌ আক্ৰমণ! ভংগ হ’ল নেকি হামাছ-ইজৰাইলৰ যুদ্ধবিৰতি? ট্ৰাম্পে দিলে উত্তৰ…

হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ভংগ হৈছে নেকি? আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে  দিছে এই প্ৰশ্নৰ উত্তৰ। ট্ৰাম্পে নিশ্চিত কৰে যে গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি প্ৰযোজ্য হৈ আছে যদিও IDF-এ গাজাত বিমান আক্ৰমণ চলাইছে।

আকৌ আক্ৰমণ! ভংগ হল নেকি হামাছ-ইজৰাইলৰ যুদ্ধবিৰতি? ট্ৰাম্পে দিলে উত্তৰ...

ভংগ হ'ল নেকি হামাছ-ইজৰাইলৰ যুদ্ধবিৰতি?

Published: 

20 Oct 2025 | 11:38 AM

শেহতীয়াকৈ ইজৰাইল আৰু হামাছৰ মাজত হৈছিল যুদ্ধবিৰতি। অৱশ্যে ইয়াৰ পিছতে সংঘটিত হৈছে আন এক আক্ৰমণ। ইজৰাইলে দাবী কৰিছে যে গাজাৰ ৰাফা চহৰত তেওঁলোকৰ সৈন্যৰ ওপৰত আক্ৰমণ কৰিছে হামাছে।  য’ত ইজৰাইলৰ দুজন সৈন্য নিহত হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ সেনাই গাজাৰ দক্ষিণ অঞ্চলৰ ৰাফাহত বিমান আক্ৰমণ চলাই ২৬ জন লোকৰ মৃত্যু হয়। এতিয়া প্ৰশ্ন- হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ভংগ হৈছে নেকি?

এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে  দিছে এই প্ৰশ্নৰ উত্তৰ। ট্ৰাম্পে নিশ্চিত কৰে যে গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি প্ৰযোজ্য হৈ আছে যদিও IDF-এ গাজাত বিমান আক্ৰমণ চলাইছে। ট্ৰাম্পে কয়, “আমি নিশ্চিত কৰিব বিচাৰো যে হামাছৰ সৈতে পৰিস্থিতি অতি শান্তিপূৰ্ণ হৈ থাকে। আপোনালোকে জানে যে তেওঁলোকে যথেষ্ট আক্ৰমণাত্মক হৈ আহিছে। কিন্তু যিকোনো পৰিস্থিতিত এই বিষয়টো কঠোৰভাৱে কিন্তু সঠিব উপায়েৰে নিয়ন্ত্ৰণ কৰা হ’ব।”

ইফালে, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে হামাছে অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰাৰ পূৰ্বে গাজাত নিৰাপত্তা আন্তঃগাঁথনি (security infrastructure) স্থাপন কৰাটো প্ৰয়োজন। হামাছে নিৰস্ত্ৰ কৰাৰ পূৰ্বে নিৰাপত্তা আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ গাজাত আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষী বাহিনী নিয়োগ কৰিব লাগে বুলি পৰামৰ্শ দিয়ে।

ইজৰাইলে যুদ্ধবিৰতিৰ বিষয়ে কি ক’লে?

যুদ্ধবিৰতি সন্দৰ্ভত ইজৰাইলৰ সেনাই কয় যে, গাজাত যুদ্ধবিৰতি ভংগ কৰিব নিবিচাৰে। ইজৰাইলৰ আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে গাজালৈ মানৱীয় সাহায্য (aid)ৰ যোগানো বন্ধ কৰা হৈছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (IDF) হামাছৰ যোদ্ধা বিমানৰ বিৰুদ্ধে প্ৰতিশোধমূলক বিমান আক্ৰমণৰ পিছত যুদ্ধবিৰতি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে। ইজৰাইলে অভিযোগ উত্থাপন কৰিছে যে হামাছে এই চুক্তি উলংঘা কৰিছিল।

আইডিএফে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে, “ৰাজনৈতিক আদেশ অনুসৰি আৰু কেইবাটাও বৃহৎ আক্ৰমণৰ পিছত হামাছ সন্ত্ৰাসবাদী সংগঠনে যুদ্ধবিৰতি ভংগ কৰাৰ পিছত আইডিএফে যুদ্ধবিৰতি পুনৰ বলবৎ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।” আই ডি এফে যুদ্ধবিৰতি চুক্তিখন ৰক্ষা কৰিব আৰু যিকোনো উলংঘাৰ প্ৰতি দৃঢ় সঁহাৰি জনাব বুলি উল্লেখ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...