আজিৰে পৰা কাৰ্যকৰী হৈছে ট্ৰাম্পৰ ভ্ৰমণ নিষেধাজ্ঞা নীতি, ১২খন দেশৰ লোকক আমেৰিকাত প্ৰৱেশত বাধা
নতুন ভ্ৰমণ নিষেধাজ্ঞাৰ অন্তৰ্গত বহু মুছলমান দেশো। ট্ৰাম্পে সদায় এই নিষেধাজ্ঞাৰ ৰক্ষা কৰি কয় যে ইয়াৰ উদ্দেশ্য দেশখনক সুৰক্ষা দিয়া। ই মুছলমান বিৰোধী পক্ষপাতিত্বৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাছিল। অৱশ্যে ট্ৰাম্পে হোৱাইট হাউছৰ বাবে প্ৰথম প্ৰচাৰৰ সময়ত মুছলমানক নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে মুকলিকৈ আহ্বান জনাইছিল।

ড’নাল্ড ট্ৰাম্প
আমেৰিকাত অনুপ্ৰৱেশ বলবৎকৰণক লৈ ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আজিৰে পৰা কাৰ্যকৰী হৈছে ড’নাল্ড ট্ৰাম্পৰ ভ্ৰমণ নিষেধাজ্ঞা নীতি। বুধবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে এক নিৰ্দেশত স্বাক্ষৰ কৰি ১২খন দেশৰ লোকক আমেৰিকাত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। তেওঁ প্ৰথম কাৰ্যকালৰ বিশেষ নীতি পুনৰুজ্জীৱিত আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগৰ উদাহৰণ দাঙি ধৰিছে। যি নীতিয়ে মূলতঃ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ লোকসকলক প্ৰভাৱিত কৰিব।
বুধবাৰে ঘোষণা কৰা এই নিষেধাজ্ঞাআফগানিস্তান, চাড, কংগো, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ম্যানমাৰ, ছোমালিয়া, চুডান আৰু য়েমেন।ৰ নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য। এই বৰ্ধিত নিষেধাজ্ঞা বুৰুণ্ডি, কিউবা, লাওছ, ছিয়েৰা লিয়ন, ট’গো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলাৰ লোকৰ ক্ষেত্ৰতো প্ৰযোজ্য, যিসকল আমেৰিকাৰ বাহিৰত আছে আৰু তেওঁলোকৰ বৈধ ভিছা নাই।
আজিৰ পৰা এই নীতি কাৰ্যকৰী হ’ব আৰু ইয়াৰ অন্ত পৰাৰ কোনো নিৰ্দিষ্ট তাৰিখ নাই। হোয়াইট হাউছলৈ উভতি অহাৰ পিছৰে পৰা ট্ৰাম্পে কাৰ্যবাহী ক্ষমতাৰ সীমা অতিক্ৰম কৰি অভিবাসন বলবৎকৰণৰ এক অভূতপূৰ্ব অভিযান আৰম্ভ কৰিছে আৰু তেওঁক বাধা দিবলৈ চেষ্টা কৰা ফেডাৰেল ন্যায়াধীশসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে।
সাতখন মুছলমান দেশৰ ওপৰত নিষেধাজ্ঞা
প্ৰথম কাৰ্যকালত ড’নাল্ড ট্ৰাম্পে ২০১৭ চনৰ জানুৱাৰী মাহত এটা আদেশ জাৰি কৰিছিল, য’ত সাতখন মুছলমান দেশৰ নাগৰিকক আমেৰিকালৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই দেশসমূহৰ ভিতৰত আছিল ইৰাক, ছিৰিয়া, ইৰাণ, চুডান, লিবিয়া, ছোমালিয়া আৰু য়েমেন। ২০১৭ চনত ট্ৰাম্পৰ নিৰ্দেশৰ পিছত এই মুছলমান দেশসমূহৰ লোকসকল অশান্তিৰ সৃষ্টি হৈছিল।একাংশ যাত্ৰীক হয় আমেৰিকালৈ যোৱা বিমানত উঠিবলৈ বাধা দিয়া হৈছিল নহয় অৱতৰণ কৰাৰ পিছত আমেৰিকাৰ বিমানবন্দৰত আবদ্ধ কৰি ৰখা হৈছিল।
ট্ৰাম্পৰ এই আদেশক মুছলমান নিষেধাজ্ঞা বুলিও কোৱা হৈছিল। বহুতে ইয়াৰ বিৰোধিতা কৰিছিল আৰু আদালতত প্ৰত্যাহ্বান জনাইছিল যদিও ২০১৮ চনত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ সংশোধিত ৰূপত অনুমোদন জনাইছিল।
ট্ৰাম্পৰ নিষেধাজ্ঞাৰ ফলত কোন প্ৰভাৱিত হৈছিল?
সেই সময়ত ট্ৰাম্পৰ নিষেধাজ্ঞাৰ ফলত ইৰাণ, ছোমালিয়া, য়েমেন, ছিৰিয়া আৰু লিবিয়াৰ বিভিন্ন শ্ৰেণীৰ যাত্ৰী আৰু অনুপ্ৰৱেশকাৰী প্ৰভাৱিত হৈছিল। ইয়াৰ উপৰিও উত্তৰ কোৰিয়া আৰু কিছুমান ভেনিজুৱেলাৰ চৰকাৰী বিষয়া আৰু তেওঁলোকৰ পৰিয়ালো এই নিষেধাজ্ঞাৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
এই নতুন নিষেধাজ্ঞাত অন্তৰ্ভুক্ত কৰা হৈছে বহু মুছলমান দেশ
এতিয়া বহু মুছলমান দেশো এই নতুন নিষেধাজ্ঞাত অন্তৰ্ভুক্ত হৈছে। এই নিষেধাজ্ঞাৰ উদ্দেশ্য দেশক সুৰক্ষা দিয়া বুলি ট্ৰাম্পে সদায় এই নিষেধাজ্ঞাৰ ৰক্ষা কৰিছিল। ই মুছলমান বিৰোধী পক্ষপাতিত্বৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাছিল। অৱশ্যে ট্ৰাম্পে হোৱাইট হাউছৰ বাবে প্ৰথম প্ৰচাৰৰ সময়ত মুছলমানক নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে মুকলিকৈ আহ্বান জনাইছিল।