সাৰ, ধাতু আৰু মেচিন! ভাৰতৰ ৩টা গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি চীনৰ…

বৰ্তমান ভাৰত ভ্ৰমণত ব্যস্ত আছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। এই সময়চোৱাত তেওঁ ভাৰতক কেইটামান বিশেষ প্ৰতিশ্ৰুতি কৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে, চীনে ভাৰতক ৩ টা বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

সাৰ, ধাতু আৰু মেচিন! ভাৰতৰ ৩টা গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি চীনৰ...

এছ জয়শংকৰ, ৱাং য়ি

Edited By: 

Trishna Kalita | Updated On: 20 Aug 2025 | 10:14 AM

বিগত কেইটামান দিনৰ পৰা ভাৰত-চীনৰ সম্পৰ্ক উন্নতি হোৱাৰ দিশে গতি কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক ভাবুকিৰ পাছতে চীন-ভাৰতৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে দুয়োখন দেশৰ মাজত ভ্ৰমণসূচী অব্যাহত আছে। বৰ্তমান ভাৰত ভ্ৰমণত ব্যস্ত আছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। প্ৰথমে তেওঁ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তাৰ পাছতে তেওঁ NSA অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।

৩টা প্ৰতিশ্ৰুতি

এছ জয়ংকৰৰ লগত হোৱা আলোচনাত বিভিন্ন দিশৰ ওপৰত আলোচনা হয়। চীনৰ মন্ত্ৰীগৰাকীয়ে ভাৰতক বিশেষকৈ তিনিটাকৈ প্ৰতিশ্ৰুতি দিছে। চীন ভাৰতক  সাৰ, আপুৰুগীয়া ধাতু (Rare earths) আৰু সুৰংগ নিৰ্মাণ মেচিন (Tunnel boring machine)ৰ যোগান ধৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। শেহতীয়াকৈ চীনে সাৰ, আপুৰুগীয়া ধাতু যোগান বন্ধ কৰি দিছিল।

সাৰ বা ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ফলত দেশৰ সাৰ উদ্যোগৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান হব বুলি আশা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ডাইএমোনিয়াম ফছফেট (DAP) এক বিশেষ সাৰ। ইয়াত ফছফৰাছ থাকে, যিটো শস্যৰ শিপা আৰু ওপৰৰ অংশৰ বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়ত অতি গুৰুত্বপূৰ্ণ। কৃষকৰ বাবে এই সাৰ প্ৰয়োজন। চীনে ভাৰতক এই সাৰ যোগান ধৰি আহিছিল যদিও শেহতীয়াকৈ ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। যাৰ বাবে এই সাৰৰ ভাৰতত নাটনি হৈছে। কিন্তু চীনৰ প্ৰতিশ্ৰুতিয়ে পুনৰ এই ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে।

DAP ৰ বাবে চীনৰ ওপৰত নিৰ্ভৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৩ চনত অৱগত কৰিছিল যে ভাৰতত ৬৫ কোটি লোকে খেতি কৰে। যাৰ বাবে খেতিত প্ৰয়োগ কৰিবলৈ কৃষকক বহু পৰিমাণে সাৰৰ প্ৰয়োজন। কিন্তু সাৰৰ ক্ষেত্ৰত ভাৰতে নিজৰ চাহিদা পূৰণ কৰিব নোৱাৰে। যাৰ বাবে আমদানি কৰিবলগীয়া হয়।

ভাৰতত ব্যৱহাৰ হোৱা দ্বিতীয় সৰ্বাধিক সাৰ DAP। ইয়াৰ পৰিমাণ গড় বাৰ্ষিক বিক্ৰী = ১০৩.৪ লাখ টন। ইয়াৰ এক বৃহৎ অংশ ৫৭ লাখ টন আমদানি কৰা হয়। ভাৰতৰ বাবে ফছপেট সাৰৰ যোগান ধৰাৰ বাবে চীন প্ৰধান যোগানকাৰী হৈ আহিছে। কিন্তু উত্তেজনা বৃদ্ধি পোৱাৰ পাছতে চীনে ৰপ্তানি নিষিদ্ধ কৰে। যাৰ ফলত ভাৰতত DAP ৰ নাটনি হৈছে। MOP (Muriate of Potash) ৰ ক্ষেত্ৰত ভাৰত আমদানিৰ ওপৰত নিৰ্ভৰশীল। কিয়নো দেশত ইয়াৰ মজুত নাই। দীৰ্ঘদিন ধৰি যোগান বন্ধ ৰখাৰ পাছত পুনৰ চীনে ভাৰতৰ বাবে সহায়ৰ হাত আগবঢ়াইছে।

উল্লেখ্য যে, ভাৰত-চীনৰ এই বৈঠকত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। দুই দেশৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত ইংগিত প্ৰদান কৰি চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমি দুয়োটা পক্ষই ৭৫ বছৰ অভিজ্ঞতাৰ পৰা শিক্ষা লব লাগে। জানিব পৰা মতে,  চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে আজি NSA অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।

 

অন্য খবৰ পঢ়কঃ শত্ৰু নে বন্ধু? মোদীক সাক্ষাৎ কৰাৰ আগতে কি ক’লে চীনৰ বৈদেশিক মন্ত্ৰীয়ে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...