পাকিস্তানক শক্তিশালী কৰাৰ চেষ্টা! ভাৰতৰ বিৰোধিতা কৰা ৰাষ্ট্ৰক ডাঙৰ উপহাৰ চীনৰ, কৰিছে নেকি কোনো ডাঙৰ পৰিকল্পনা…

ভাৰতৰ বিৰুদ্ধে কোনো ডাঙৰ ৰণনীতি প্ৰস্তুত কৰি আছে নেকি চীনে? সৰু-সৰু ৰাষ্ট্ৰসমূহক লগত লৈ কি কৰিব বিচাৰিছে চীনে? পাকিস্তানে নহয়, আন বহু দেশৰ বন্ধু হোৱাৰ চেষ্টা চীনৰ।

পাকিস্তানক শক্তিশালী কৰাৰ চেষ্টা! ভাৰতৰ বিৰোধিতা কৰা ৰাষ্ট্ৰক ডাঙৰ উপহাৰ চীনৰ, কৰিছে নেকি কোনো ডাঙৰ পৰিকল্পনা...

চীন-পাকিস্তান-ইজিপ্ত

Published: 

22 May 2025 14:15 PM

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত চীন, তুৰ্কী আৰু আজাৰবাইজানে প্ৰত্যক্ষ সমৰ্থন কৰিছিল পাকিস্তানক। কেৱল এই দেশকেইখনে নহয়, শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি আন এখন মুছলিম দেশেও পৰ্দাৰ আঁৰত থাকি পাকিস্তানক সহায় কৰিছিল। দৰাচলতে, ১২ মে’ত ‘ফ্লাইট ২৪ ৰাডাৰ’ৰ এটা পোষ্ট কৰি দাবী কৰিছিল যে ইজিপ্তৰ এখন মালবাহী বিমান পাকিস্তানত অৱতৰণ কৰিছে। এই বিমানখনত অনা অস্ত্ৰ-শস্ত্ৰ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল।

দেশখনে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে ফোনযোগে কথা পাতে আৰু সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ইমানেই নহয় , পাকিস্তান ভ্ৰমণৰ বাবে লাভ কৰা আমন্ত্ৰণো স্বীকাৰ কৰে আব্দেল ফাত্তাহ আল চিছিয়ে। গতিকে প্ৰায় স্পষ্ট হৈ পৰিছে যে, কেনেকৈ সকলোৰে পৰা আঁতৰত থাকি মনে মনে এই দেশখনে পাকিস্তানক সহায় কৰিছিল।

ইয়াৰ মাজতে এই দেশখনলৈ বিশেষ উপহাৰ আগবঢ়াইছে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। ইজিপ্তত পাকিস্তানৰ বিশেষ বন্ধু চীনে ৫০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। চীনে ইজিপ্তৰ ছুৱেজ কেনেল ইকনমিক জ’ন (SCZONE)ত  ছিনছিং কাৰখানা নিৰ্মাণ কৰিছে, যিয়ে লোহাৰ পাইপ উৎপাদন কৰিব। বুধবাৰে ইজিপ্তৰ মন্ত্ৰী ছাইদ ইছমাইলে কাৰখানাটো পৰিদৰ্শন কৰে। এই সময়চোৱাত তেওঁৰ লগত চীনৰ বিষয়াসকলো উপস্থিত থাকে। জিনছিঙৰ প্ৰতিনিধিৰ মতে, ই ‘টেডা-ইজিপ্ত’ঔদ্যোগিক অঞ্চলৰ ভিতৰত অৱস্থিত, যাৰ আয়তন ২ লাখ ৭০ হাজাৰ ৫০০ বৰ্গমিটাৰ। এই প্ৰকল্পত প্ৰায় ১৫০ মিলিয়ন ডলাৰ বিনিয়োগ কৰা হৈছে।

চীনে পাকিস্তানকে ধৰি অন্য সৰু সৰু দেশসমূহক বিনিয়োগৰ জালত আৱদ্ধ কৰি এতিয়া মধ্যপ্ৰাচ্যৰ দেশসমূহক লক্ষ্য কৰি লৈছে। পাকিস্তানক সহায় কৰিবলৈ চীনে সম্পূৰ্ণ নেক্সছ প্ৰস্তুত কৰি আছে। কেৱল ইজিপ্তেই নহয়, আফগানিস্তানৰ তালিবান চৰকাৰৰ সৈতেও পাকিস্তানৰ সম্পৰ্ক মজবুত কৰাৰ চেষ্টা চলাইছে চীনে।

চীনৰ ৰণনীতি

উল্লেখ্য যে, চীনে ভাৰতৰ বিৰুদ্ধে কোনো ডাঙৰ ৰণনীতি প্ৰস্তুত কৰি আছে। চীনে দশক দশক ধৰি ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলৰ ওপৰত চকু ৰাখিছে। চীনে জানে যে, অকলে ভাৰতৰ মোকিবাল কৰা সহজ নহয়। শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত ভাৰতৰ শক্তি প্ৰায় বিশ্বই দেখিছে। এনে অৱস্থাত চীনে সৰু সৰু দেশসমূহক লক্ষ্য কৰি ল’ব বিচাৰিছে।

চীনে ইতিমধ্যে পাকিস্তানৰ ঘনিষ্ঠ বন্ধু হৈ পৰিছে। ইয়াৰোপৰি বাংলাদেশৰ সৈতেও ভাল সম্পৰ্ক গঢ়াৰ চেষ্টা চলাই গৈছে চীনে। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰকেইখনক নিজৰ লগত লৈ চীনে হয়তো কোনো ডাঙৰ পৰিকল্পনা কৰি আছে। এনে অৱস্থাত চীনে এৰি দিয়া নাই সৰু ৰাষ্ট্ৰসমূহো। যাৰ বাবে তুৰ্কী, ইজিপ্ত, আজাৰবাইজান আদি দেশক সহায় কৰাৰ চেষ্টা কৰিছে চীনে। গতিকে চীনৰ এই  ৰণনীতিক কেনেকৈ ৰোধে ভাৰতে সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ তুৰ্কী আৰু আজাৰবাইজানে নহয়! এইখন মুছলিম দেশে পৰ্দাৰ আঁৰত থাকি সহায় কৰিছিল পাকিস্তানক, পোহৰলৈ সকলো…

কোনো কিংবদন্তিয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে বুমৰাহে, ৯বাৰৰ সফলতাৰে ৰচিলে এই অভিলেখ
ডায়েবেটিছ হ'লে প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
কেঁচা অমিতা খোৱাৰ পৰা বিৰত থাকক এইসকল লোকে, অন্যথা হ’ব পাৰে কোনো সমস্যা
শৰীৰত তেজৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...