মধুৰ হোৱাৰ দিশে সম্পৰ্ক! মোদীৰ প্ৰশংসা ৰঙা চীনৰ, ক’লে…

সম্পৰ্ক মধুৰ হোৱাৰ দিশে আগবাঢ়িছে ভাৰত-চীনৰ। দেওবাৰে মোদীয়ে এক প'ডকাষ্টত অংশগ্ৰহণ কৰি ভাৰত-চীনৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। তাৰ পাছতে চীনে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰে আৰু সম্পৰ্ক উন্নত কৰাৰ ইংগিত প্ৰদান কৰে।

মধুৰ হোৱাৰ দিশে সম্পৰ্ক! মোদীৰ প্ৰশংসা ৰঙা চীনৰ, কলে...

চীন-ভাৰত

Published: 

17 Mar 2025 | 04:14 PM

দেওবাৰে আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰাইডমেনৰ সৈতে হোৱা বাৰ্তালাপত বিভিন্ন দিশৰ ওপৰত মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়চোৱাত মোদীয়ে আমেৰিকাৰ সৈতে সম্পৰ্ক, ভাৰত-পাকিস্তানৰ সম্পৰ্ককে ধৰি চীনৰ ওপৰতো মত পোষণ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প’ডকাষ্টত চীনৰ বিষয়ে কৰা মন্তব্যৰ পাছতে এতিয়া ৰঙা চীনে গৌৰৱ অনুভৱ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে চীন সন্দৰ্ভত কৰা মোদীৰ মন্তব্যৰ প্ৰশংসা কৰে। সোমবাৰে মাওৱে কয় যে চীন-ভাৰত সম্পৰ্কক লৈ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে কৰা মন্তব্য প্ৰশংসনীয়।

চীনৰ মুখপাত্ৰ মাওৱে কয় যে যোৱা বছৰৰ অক্টোবৰ মাহত কাজাখস্তানত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এক সফল বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ সময়চোৱাত দুয়োপক্ষই দ্বি-পাক্ষিক সম্পৰ্ক উন্নত আৰু বিকাশ কৰা ওপৰত গুৰুত্ব দিছিল।

তেওঁ কয় যে, সেই বৈঠকৰ সময়ত দুয়োপক্ষই বিভিন্ন বিষয়ৰ ওপৰত সহমতত উপনীত হৈছিল আৰু সেইসকলো দুয়ো দেশে সততাৰে কাৰ্যকৰী কৰিছে। আলোচনাৰ জৰিয়তে দুয়োপক্ষই ব্যৱহাৰিক সহযোগিতা শক্তিশালী কৰি বহু ইতিবাচক ফলাফল লাভ কৰিছে। চীনৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, ভাৰত-চীনৰ সম্পৰ্ক বহু পুৰণি। দুয়ো দেশে মানৱ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। এই পুৰণি সম্পৰ্ক আগবঢ়াই নিবলৈ আমি সাজু।

 

প’ডকাষ্টত কি কৈছিল মোদীয়ে

দেওবাৰে অনুষ্ঠিত হৈ যোৱা প’ডকাষ্টত মোদীয়ে চীন সন্দৰ্ভত ইতিবাচক মন্তব্য প্ৰকাশ কৰিছিল। মোদীয়ে কৈছিল যে, আমি দশক দশক ধৰি পৰস্পৰে পৰস্পৰৰ পৰা শিকি আহিছো। ভৱিষ্যতেও আমি সম্পৰ্ক মজবুত কৰিব বিচাৰো। দুখন দেশৰ মাজত পাৰ্থক্য থকা সাধাৰণ কথা। গতিকে যি মতানৈক্য আছে সেয়া যাতে বিবাদলৈ ৰূপান্তৰিত নহয় তাৰ বাবে চেষ্টা চলাই থকা হৈছে। আমি বিচাৰো যে প্ৰতিযোগিতা হওক কিন্তু সংঘাত নহয়। ২০২০ চনত এল এ চিৰ সংঘৰ্ষৰ পূৰ্বৰ পৰিস্থিতি পুনৰ ঘূৰাই অনাৰ বাবে আমি কাম কৰি আছো।

উল্লেখ্য যে, ১৯৭৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ২০২০ চনত দুয়োখন দেশৰ মাজত সংঘাতৰ ৰূপ লৈছিল। এই সংঘৰ্ষত দুয়োপক্ষৰ জোৱান নিহত হৈছিল। মোদীয়ে কয়, শেহতীয়াকৈ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে হোৱা বৈঠকৰ পিছত আমি সীমান্তত স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা দেখিবলৈ পাইছো।  আমি এতিয়া ২০২০ চনৰ আগৰ অৱস্থা পুনৰুদ্ধাৰৰ কাম কৰি আছো। লাহে লাহে কিন্তু নিশ্চিতভাৱে আত্মবিশ্বাস, উৎসাহ আৰু শক্তি ঘূৰি আহিব লাগে। আমাৰ একগোট হোৱা আমাৰ দুয়ো দেশৰ লগতে বিশ্বৰ বাবেও উপকাৰী বুলি মোদীয়ে কয়।

 

 

অন্য খবৰ পঢ়কঃ বিশ্বৰ বৃহৎ সংখ্যক অভিযন্তা আমাৰ দেশত আছে, ভাৰত অবিহনে AI অসম্পূৰ্ণঃ মোদী

অন্য খবৰ পঢ়কঃ মই লাহোৰ গৈছিলো, পাকিস্তানক আমন্ত্ৰণ জনাইছিলো, কিন্তু পৰিণাম আছিল নকৰাত্মকঃ মোদী

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...