চীনৰ নতুন ষড়যন্ত্ৰ! লাডাখৰ ওচৰত স্থাপন HQ-16 এয়াৰ ডিফেন্স চিষ্টেম, ছেটেলাইট ফটোত পোহৰলৈ সকলো…

ভাৰতৰ বিৰুদ্ধে এটাৰ পাছত আনটো ষড়যন্ত্ৰ ৰচিছে চীন। এইবাৰ লাডাখৰ পাংগং হ্ৰদৰ কাষত চীনে স্থাপন কৰিছে HQ-16 এয়াৰ ডিফেন্স চিষ্টেম। এই চিষ্টেম ইমানেই শক্তিশালী যে ই শত্ৰুক সহজে লক্ষ্য কৰি ল'ব পাৰে।

চীনৰ নতুন ষড়যন্ত্ৰ! লাডাখৰ ওচৰত স্থাপন HQ-16 এয়াৰ ডিফেন্স চিষ্টেম, ছেটেলাইট ফটোত পোহৰলৈ সকলো...

ছেটেলাইটৰ ফটো

Published: 

24 Jun 2025 | 11:09 AM

চীনে কৰিছে নেকি কোনো নতুন পৰিকল্পনা?  নতুন ছেটেলাইটৰ ছবিত ধৰা পৰিছে চীনৰ এখন নতুন খেল। ছেটেলাইটৰ ফটোত পোহৰলৈ আহিছে যে, চীনে পূব লাডাখৰ পাংগং হ্ৰদৰ ওচৰত HQ-16 এয়াৰ ডিফেন্স চিষ্টেম স্থাপন কৰিছে। ই এনে এক ব্যৱস্থা, যি ৪০ ৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত থকা শত্ৰুৰ আকাশী লক্ষ্যত আঘাত কৰিব পাৰে। অৱশ্যে ইয়াৰ ক্ষমতা মডেলৰ ওপৰত নিৰ্ভৰ কৰে। HQ-16 TEL ৰ উপস্থিতিও এই ফটোত স্পষ্টকৈ দেখা গৈছে। চীনৰ এই পদক্ষেপে অঞ্চলটোৰ কৌশলগত ভাৰসাম্যত প্ৰভাৱ পেলাব পাৰে আৰু ভাৰতলৈ কোনো বিপদ আনিব পাৰে। চীনৰ এই কাণ্ডৰ ওপৰত নজৰ ৰাখিছে ভাৰতে।

HQ-16 এনে এক মাধ্যম, যি মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিব পাৰে। ইয়াক ৰাছিয়াৰ বি ইউ কে ব্যৱস্থাৰ প্ৰযুক্তিৰ ভিত্তিত চীনে নিৰ্মাণ কৰিছে।

এই ব্য়ৱস্থাটোৱে শত্ৰুক ৪০ৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বৰ পৰা লক্ষ্য কৰি ল’ব পাৰে। ইয়াৰোপৰি ই উচ্চতাত উৰি যোৱা লক্ষ্য অনুসৰণ কৰি ধ্বংস কৰিবলৈ সক্ষম। এই ব্যৱস্থাই একেলগে একাধিক লক্ষ্য যেনে যুঁজাৰু বিমান, হেলিকপ্টাৰ, ক্ৰুজ মিছাইল ধ্বংস কৰিব পাৰে। আনকি ই ড্ৰোণ আৰু প্ৰিজিশ্যন গাইডেড মিউনিশ্যনকো বাধা দিব পাৰে।

HQ-16 ৰ মিছাইলসমূহ মোবাইল লঞ্চ প্লেটফৰ্ম (TEL)ত ৰখা হয়। যাৰ পৰা এই চিষ্টেমক দ্ৰুতগতিত নিয়োজিত আৰু পুনৰ নিয়োজিত কৰিব পৰা যায়। ইয়াত ৪টা ক্ষেপণাস্ত্ৰ লোড কৰিব পাৰি। এই চিষ্টেমত থ্ৰীডি ৰাডাৰ আছে যিয়ে লক্ষ্যৰ অটোনমাছ মোড ট্ৰেক কৰে আৰু মিছাইলক পৰিচালিত কৰে। HQ-16 ত ECCM (Electronic Counter-Countermeasures) ক্ষমতাও আছে, যাৰ ফলত ই শত্ৰুৰ জামিং প্ৰচেষ্টাক বিফল কৰিব পাৰে।

দ্ৰুতগতিত এই মিছাইল নিক্ষেপ কৰিব পৰা যায়। যাৰ বাবে ই হঠাৎ হ’বলগীয়া বিমান আক্ৰমণৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। HQ-16 অন্য ৰাডাৰ, কমাণ্ড চেণ্টাৰ আৰু প্ৰতিৰক্ষা নেটৱৰ্কৰ সৈতে সংযোগ কৰিব পাৰি, যাৰ ফলত বৃহৎ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা প্ৰদান কৰা হয়।

এই শক্তিশালী চিষ্টেমটোকে এতিয়া চীনে লাডাখৰ পাংগং হ্ৰদৰ ওচৰত নিয়োজিত কৰিছে।  গতিকে ইয়াৰ দ্বাৰা চীনে ভাৰতৰ ওপৰত কৌশলগত হেঁচা প্ৰয়োগ কৰা বুলি ক’ব পাৰি। উল্লেখ্য যে, চীনে দীৰ্ঘদিন ধৰি ভাৰতৰ বিৰুদ্ধে বহু কৌশলগত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আনকি এই ক্ষেত্ৰত চীনে পাকিস্তান আৰু বাংলাদেশকো নিজৰ লগত ৰখাৰ সকলো প্ৰয়াস কৰিছে। গতিকে চীনৰ নতুন এই পদক্ষেপত ভাৰতে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ Khorramshahr-4: ৮০ টাতকৈ অধিক স্থানত একেলগে আক্ৰমণ! জানক ইৰাণৰ খোৰামশ্বহৰ-৪ মিছাইলৰ বিষয়ে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...