নিৰ্বাচনৰ পূৰ্বে বাংলাদেশে ক’ৰ পৰা লাভ কৰিলে ৩২২ কোটি ৬৬ লাখ ৯০ হাজাৰ মাৰ্কিন ডলাৰ?
Bangladesh Election: ধন আৰু ধন! নিৰ্বাচনৰ পূৰ্বে বাংলাদেশৰ ওচৰত আহিছে বৃহৎ পৰিমাণৰ ধন। শেহতীয়াকৈ বাংলাদেশ বেংকে এই তথ্য সদৰি কৰিছে। বাংলাদেশ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনে হৈছে।

ইউনুছ
হিংসা, উত্তেজনাৰ মাজতে নিৰ্বাচনলৈ সাজু হৈছে বাংলাদেশ। নিৰ্বাচন বুলিলেই টকাৰ খেল! নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বৃহৎ পৰিমাণৰ টকাৰ প্ৰয়োজন হোৱাৰ বিপৰীতে দলসমূহেও প্ৰচাৰ, বিভিন্ন কাম-কাজৰ বাবে কোটি কোটি টকা খৰচ কৰে। এই ক্ষেত্ৰত বাংলাদেশো পিছ পৰি ৰোৱা নাই। নিৰ্বাচনৰ পূৰ্বে বাংলাদেশে লাভ কৰিছে প্ৰায় ৩২২ কোটি ৬৬ লাখ ৯০ হাজাৰ মাৰ্কিন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ প্ৰায় ২৬ হাজাৰ কোটি টকা। বাংলাদেশৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে। কিন্তু হঠাৎ এই ধনৰ আগমনৰ কাৰণ কি? উৎসৱৰ বতৰ নে নিৰ্বাচনেই ইয়াৰ কাৰণ?
সময় টিভিৰ এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে বাংলাদেশ বেংকে এই তথ্য প্ৰকাশ কৰে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, যোৱা ডিচেম্বৰ মাহত দেশৰ ইতিহাসত এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক ৰেমিটেন্স বা প্ৰবাসী আয় হৈছে। ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহত ৩.২৯ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক ৰেমিটেন্স আহিছিল, যিটো বাংলাদেশৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক। ইয়াৰে ৫৭২.৩৬ মিলিয়ন মাৰ্কিন ডলাৰ বাংলাদেশৰ চৰকাৰী বেংকৰ জৰিয়তে আহিছিল। ইয়াৰোপৰি বিশেষ বেংকৰ জৰিয়তে ৩৫ কোটিতকৈ অধিক ডলাৰ আহিছিল। ব্যক্তিগত বেংকৰ জৰিয়তে ২.২৯ বিলিয়ন ডলাৰ আৰু বিদেশী খণ্ডৰ বেংকৰ জৰিয়তে ৬.৮৭ মিলিয়ন মাৰ্কিন ডলাৰ আহিছিল।
বাংলাদেশৰ অৰ্থনীতি এই ৰেমিটেন্সৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যোৱা জুলাই মাহত বাংলাদেশত চলা প্ৰতিবাদৰ পাছত কেইবামাহৰ বাবে ৰেমিটেন্স অহা বন্ধ হৈ পৰিছিল, যাৰ প্ৰভাৱ দেশখনৰ অৰ্থনীতিৰ ওপৰত পৰিছিল। প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি, প্ৰতি বছৰে গড়ে ২০ৰ পৰা ২২ বিলিয়ন ডলাৰ দেশলৈ আহে, যিটো আমদানিৰ খৰচ বহন কৰা, মুদ্ৰাৰ মূল্য বজাই ৰখা, আৰু গ্ৰাম্য লোকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু বাংলাদেশেও এই ৰেমিটেন্স নিৰ্ভৰশীল অৰ্থনীতিৰ বিপদ অনুভৱ কৰিছে।
অৱশ্যে ৰাজনৈতিক সমাজে এই ৰেমিটেন্সক সহজভাৱে লোৱা নাই। নিৰ্বাচনৰ সমাগত। নিৰ্বাচনৰ পূৰ্বে বিপুল পৰিমাণৰ ৰেমিনেন্সে বহু ধৰণৰ অভিযোগ উত্থাপন কৰিছে। একাংশই প্ৰশ্ন কৰিছে, নিৰ্বাচনৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি?
অন্য খবৰ পঢ়কঃ ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ ডাঙৰ অভিযোগ! মিথ্যাচাৰ উদঙালে হাদী কাণ্ডৰ অভিযুক্তই…