ভাৰতক জালত পেলোৱাৰ চেষ্টা! বংগোপসাগৰক লৈ নতুন পৰিকল্পনা বাংলাদেশৰ, আঁঁৰত আছে নেকি চীন…
চীনৰ সৈতে কোনো নতুন পৰিকল্পনা কৰিছে নেকি বাংলাদেশে? বংগোপসাগৰৰ ওপৰত কৰ্তৃত্ব বৃদ্ধি কৰাৰ চেষ্টা কৰিছে নেকি ইউনুছে? শেহতীয়াকৈ বংগোপসাগৰৰ ওপৰত নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিছে ইউনুছে।

মহম্মদ ইউনুছ
বংগোপসাগৰ ওপৰত বিশেষ নজৰ ৰাখিছে মহম্মদ ইউনুছে। বাংলাদেশৰ মুখ্য উপদেষ্টাগৰাকীয়ে কিছুমান পূৰ্বে চীনলৈ গৈ বাংলাদেশ বংগোপসাগৰৰ ৰক্ষক বুলি দাবী কৰিছিল। তাৰ পাছতে এই বিষয়টোৱে ভাৰততো অধিক চৰ্চা লাভ কৰিছিল। এতিয়া বংগোপসাগৰৰ বাবে আন এক ডাঙৰ পৰিকল্পনা প্ৰকাশ কৰিছে ইউনুছে। শুকুৰবাৰে দেশবাসীৰ আগত দিয়া ভাষণত ইউনুছে তেওঁৰ বিশেষ ইচ্ছাৰ কথা কয়।
তেওঁ কয়, “বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনীতি আৰু পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ বাবে বংগোপসাগৰ অতি গুৰুত্বপূৰ্ণ। কেৱল বাংলাদেশৰ বাবে নহয়, চুবুৰীয়া দেশৰ অৰ্থনৈতিক উন্নয়নতো বংগোপসাগৰে বৃহৎ ভূমিকা পালন কৰে।”
ইয়াৰ পিছত মুখ্য উপদেষ্টা ইউনুছে বংগোপসাগৰ আৰু উপকূলীয় অঞ্চলৰ বাবে এক বিশেষ কাৰ্যসূচী ঘোষণা কৰে। তেওঁ কয়, “বৰ্তমান অন্তৱৰ্তীকালীন চৰকাৰে দেশখনক উৎপাদনমুখী আৰু আঞ্চলিক অৰ্থনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম কৰি আছে। গতিকে সেই দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই সাগৰখনকো অধিক ফলপ্ৰসূ কৰি তুলিব লাগিব।”
আৰু কয়, “বাংলাদেশে অৰ্থনীতিৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ বাবে সাগৰৰ তলৰ মানচিত্ৰ নিৰ্মাণৰ কাম কৰি আছে। যাৰ জৰিয়তে এক ফলপ্ৰসূ আৰু বহনক্ষম সামুদ্ৰিক নীতি গঢ়ি তোলা হ’ব।”
ইউনুছৰ এই ঘোষণাৰ পাছতে এতিয়া প্ৰশ্ন হয়, চীনৰ সৈতে মিলি কোনো নতুন পৰিকল্পনা কৰিছে নেকি বাংলাদেশে। জালত আৱদ্ধ কৰিবলৈ আঁৰত থাকি চীনে খেলিছে নেকি নতুন খেলি।
মন কৰিবলগীয়া যে যোৱা এপ্ৰিল মাহত মহম্মদ ইউনুছে চীন ভ্ৰমণ কৰিছিল। তাত থকাৰ সময়ত তেওঁ কৈছিল যে, “বাংলাদেশ বংগোপসাগৰৰ একমাত্ৰ ৰক্ষক। এই সময়চোৱাত তেওঁ উত্তৰ পূৱ ভাৰতক লেণ্ড লক আখ্যা দিছিল। লগতে চীনৰ ৰাষ্ট্ৰপতিক বংগোপসাগৰৰ পাৰত অৰ্থনৈতিক উদ্যোগিক অঞ্চল সৃষ্টি কৰিবলৈ অনুৰোধ জনাইছিল । অৱশ্যে এই আহ্বানত চীনে সন্মতি প্ৰকাশ কৰিছিল নে নাই সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।
কিন্তু সেই বৈঠকৰ কেইমাহমাহ পাছতে ইউনুছে বংগোপসাগৰক লৈ নতুন ঘোষণা কৰিছে। উল্লেখ্য যে, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ অৱনতি ঘটিছে। চুুবুৰীয়া দেশখনে অহৰহ পাকিস্তান আৰু চীনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিছে। আনকি শেহতীয়াকৈ তিনিওখন দেশে বৈঠক অনুষ্ঠিত কৰাৰ কথাও পোহৰলৈ আহিছিল। গতিকে এই সকলোবোৰৰ আঁৰত চীন আছে নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।
অন্য খবৰ পঢ়কঃ চীনৰ জালত আৱদ্ধ ভাৰত! এই সিদ্ধান্তৰ বাবে চাকৰি হেৰুৱাব পাৰে হাজাৰ হাজাৰ ভাৰতীয়ই…