ভাৰতৰ ৩ খন ৰাজ্য! বাংলাদেশে গ্ৰহণ কৰিলে নতুন এক সিদ্ধান্ত…
বাংলাদেশত বৰ্তমান উত্তপ্ত পৰিস্থিতি। মহম্মদ ইউনুছে শাসন গ্ৰহণ কৰাৰ পাছতে দেশখনে বহু ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। যোৱা সময়চোৱাত দুয়োখন দেশৰ সম্পৰ্কত অধিক অৱনতি ঘটিছে। ইয়াৰ পাছতে পুনৰ দেশখনে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত।

ইউনুছ
শ্বেখ হাছিনাৰ পলায়নৰ পাছতে বাংলাদেশ আৰু ভাৰতৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। শেহতীয়াকৈ এই উত্তেজনাই চৰম সীমা পোৱা দেখা যায়। ইয়াৰ মাজতে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ তিনিখন ৰাজ্যৰ ভিছা কেন্দ্ৰ সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, নতুন দিল্লী, শিলিগুৰি আৰু আগৰতলাত থকা বাংলাদেশ উচ্চায়ুক্তৰ পৰা দূতাবাস ভিত্তিক সকলো সেৱা আৰু ভিছাৰ কাম সাময়িকভাৱে বন্ধ কৰি দিছে ঢাকাই।
বাংলাদেশত বৃদ্ধি পোৱা ক্ৰমবৰ্ধমান হিংসাই দুয়োখন দেশৰ কূটনৈতিক দিশত গভীৰ প্ৰভাৱ পেলাইছে। পূৰ্বে স্থায়ী ভ্ৰমণ ব্যৱস্থা থকা দুয়োখন দেশত ইউনুছৰ শাসনকালত ভাৰতবিৰোধী একাংশৰ হেঁচাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। শেহতীয়াকৈ নতুন দিল্লীয়ে বাংলাদেশত থকা ভাৰতীয় দূতাবাসসমূহত ভিছা সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে এতিয়া বাংলাদেশে ভাৰতত থকা ভিছা কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত লয়। এই কাৰ্যই দুয়োখন দেশৰ সম্পৰ্ক যে আৰু অধিক অৱনতি কৰিছে সেয়া স্পষ্ট হৈ পৰিছে।
এই সন্দৰ্ভত বাংলাদেশ উচ্চায়ুক্তই এক বিবৃতিত কয়, “নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তৰ সকলো কনছুলাৰ আৰু ভিছা সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে এই সকলো সেৱা বন্ধ থাকিব। এই সাময়িক অসুবিধাৰ বাবে আমি আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।”
বাংলাদেশত ভাৰতীয় উচ্চায়ুক্তৰ ওপৰত আক্ৰমণ
হাদী কাণ্ডৰ পাছৰে পৰা বাংলাদেশত উত্তেজনা বৃদ্ধি পাইছে। এই কাণ্ডই ভাৰতকো স্পৰ্শ কৰিছে। আনকি বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্তৰো ক্ষতিসাধন হৈছিল। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশ দুৰ্বৃত্তই চট্টগ্ৰামৰ সহকাৰী উচ্চায়ুক্তত আক্ৰমণ চলাইছিল। নিৰাপত্তাবাহিনী উপস্থিত থকাৰ পাছতো দুৰ্বৃত্তই উচ্চাযুক্তত প্ৰৱেশৰ চেষ্টা চলাইছিল। আনকি তেওঁলোকে ইটা-পাথৰ আদি নিক্ষেপ কৰিছিল। ইয়াৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰিছিল। নিৰ্দেশনাত কোৱা হৈছিল যে, “নিৰাপত্তা সম্পৰ্কীয়” কাৰণত ভিছা সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বেও দিল্লীয়ে ঢাকা, খুলনা আৰু ৰাজশ্বাহীত ভিছা কেন্দ্ৰ বন্ধ কৰাৰ নিৰ্দেশ দিছিল।
অন্য খবৰ পঢ়কঃ বাংলাদেশত হিন্দুৰ সৈতে জঘন্য কাণ্ড! সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক মহম্মদ শ্বেইখ…