ভাৰতৰ সিদ্ধান্তই কৰিলে ক্ষুণ্ণ! ভাৰতৰ ভিছা সেৱা স্থগিত ৰাখিলে বাংলাদেশে

ইয়াৰ পূৰ্বে দেওবাৰে ভাৰতে বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰত ভিছা সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছিল। চট্টগ্ৰামৰ লগতে ভাৰতে ইতিপূৰ্বে ঢাকা, খুলনা, ৰাজশাহীতো ভিছা সেৱা বন্ধ কৰি দিছিল। ভাৰতৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া স্বৰূপেই এতিয়া বাংলাদেশে ভিছা সেৱা স্থগিত ৰখা বুলি চৰ্চিত হৈছে।

ভাৰতৰ সিদ্ধান্তই কৰিলে ক্ষুণ্ণ! ভাৰতৰ ভিছা সেৱা স্থগিত ৰাখিলে বাংলাদেশে

ভাৰত-বাংলাদেশৰ সম্পৰ্ক অধিক অৱনতি

Updated On: 

23 Dec 2025 07:12 AM

ক্ৰমাৎ দূৰত্ব অধিক হৈ পৰিছে ভাৰত আৰু বাংলাদেশৰ। শেহতীয়া ৰাজনৈতিক ঘটনাপ্ৰৱাহৰ ফলস্বৰূপে দুয়োদেশৰ মাজত উত্তেজনা পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে। দুয়োদেশৰ মাজত সম্পৰ্কৰ ক্ৰমবৰ্ধমান অৱনতিৰ মাজতে বাংলাদেশ উচ্চায়ুক্তই এতিয়া ভাৰতীয়ৰ বাবে ভিছা সেৱা বন্ধ কৰি দিছে। দিল্লীত সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কনছুলাৰ আৰু ভিছা সেৱা। ইয়াৰ পূৰ্বে দেওবাৰে ভাৰতে বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰত ভিছা সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছিল।

চট্টগ্ৰামৰ লগতে ভাৰতে ইতিপূৰ্বে ঢাকা, খুলনা, ৰাজশাহীতো ভিছা সেৱা বন্ধ কৰি দিছিল। শেহতীয়াকৈ চট্টগ্ৰামত বাংলাদেশৰ একাংশ উন্মত্ত লোকে চলোৱা প্ৰতিবাদ যথেষ্ট হিংসাত্মক হৈ পৰিছিল। উন্মত্ত প্ৰতিবাদকাৰী একাংশই ভাৰতীয় ভিছা কাৰ্যালয়লৈ শিলগুটি নিক্ষেপেৰে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পিছতে ভাৰতে বাংলাদেশৰ চট্টগ্ৰামৰ ভিছা কাৰ্যালয় বন্ধ কৰি দিছিল। ভাৰতৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া স্বৰূপেই এতিয়া বাংলাদেশে ভিছা সেৱা স্থগিত ৰখা বুলি চৰ্চিত হৈছে। অৱশ্যে বাংলাদেশলৈ সম্প্ৰতি ভাৰতীয় নাগৰিকৰ যাত্ৰাৰ সংখ্যা নগণ্য বুলিব পাৰি। কেৱল মাত্ৰ সাংবাদিক আৰু একাংশ ব্যৱসায়ীয়েহে বাংলাদেশ ভ্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে।

পুনৰ উত্তপ্ত বাংলাদেশ

উল্লেখ্য যে যোৱা ১২ ডিচেম্বৰত ঢাকাৰ বিজয়নগৰ অঞ্চলত অচিনাক্ত আক্ৰমণকাৰীয়ে দেশখনৰ যুৱ নেতা শ্বৰীফ ওছমান হাদীৰ মূৰত গুলীচালনা কৰিছিল। সংকটজনক অৱস্থাত হাদীক চিকিৎসাৰ বাবে ছিংগাপুৰলৈ লৈ যোৱা হয় যদিও বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয়। হাদীৰ মৃত্যুৰ পিছত সমগ্ৰ বাংলাদেশতে পুনৰ উত্তেজনা বৃদ্ধি পায়।

যুৱ নেতাগৰাকীৰ মৃত্যুৰ পিছৰ পৰাই বাংলাদেশত পুনৰ হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ ঘটে। ইফালে এই সময়ছোৱাত বাংলাদেশৰ পৰা সঘনে ভাৰত বিৰোধী শ্ল’গানো উচ্চাৰিত হয়। একাংশ মৌলবাদী নেতাই ভাৰতৰ বিৰুদ্ধে কটু বক্তব্য কৰাৰ লগতে আনকি ভাৰতৰ সাত ভনী হিচাপে পৰিচিত উত্তৰ-পূব দখলৰ ভাবুকিও দিয়ে।

বাংলাদেশে তুলিছে এনে অভিযোগ

শনিবাৰে দিল্লীত বাংলাদেশ উচ্চায়ুক্তৰ ২০ৰ পৰা ২৫জন লোকে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। ইয়াৰ পিছতে দেওবাৰে বাংলাদেশৰ বিদেশ উপদেষ্টা তৌহিদ হুছেইনে দিল্লীত থকা বাংলাদেশী উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাই মৃত্যুৰ ভাবুকি লাভ কৰিছে বুলি অভিযোগ কৰে। অৱশ্যে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে তাৎক্ষণিকভাৱে বাংলাদেশৰ অভিযোগ নাকচ কৰে।

লগতে পঢ়কঃ ভাৰতে ল’লে কঠোৰ পদক্ষেপ, বন্ধ হ’ল বাংলাদেশী নাগৰিকৰ ভাৰতত প্ৰৱেশৰ পথ!

ব্লাড চুগাৰৰ মাত্ৰা হঠাতে হ্ৰাস পালে কি কৰিব! এতিয়াই জানি লওক এইবিষয়ে
কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...