বিপদত বাংলাদেশ! ৰাজপথত নামি পৰিছে প্ৰায় ১.২ লাখ লোক…

মহম্মদ ইউনুছে যোৱা এবছৰ ধৰি বাংলাদেশ শাসন কৰি আছে। এই সময়চোৱাত দেশখনৰ সম্পৰ্ক ভাৰতৰ লগত অৱনতি ঘটে। কিন্তু ইয়ে সমস্যাত পেলাইছে দেশখনত। দেশখনৰ বাণিজ্যতো ইয়াৰ প্ৰভাৱ পৰিছে।

বিপদত বাংলাদেশ! ৰাজপথত নামি পৰিছে প্ৰায় ১.২ লাখ লোক...

ইউনুছ

Updated On: 

13 Aug 2025 22:14 PM

এবছৰ হৈ গ’ল বাংলাদেশৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পলায়নৰ। তাৰ পাছতে মহম্মদ ইউনুছে দেশখনৰ দায়িত্ব গ্ৰহণ কৰি মুখ্য উপদেষ্টা হিচাপে শাসন গ্ৰহণ কৰিছিল। ক্ষমতা দখলৰ সময়ত বাংলাদেশৰ জনতাক ইউনুছে বহু সপোন দেখুৱাইছিল। কিন্তু তেওঁৰ এবছৰীয়া কাৰ্যকালত তেওঁৰ ব্যৰ্থতা স্পষ্ট হৈ পৰিছে। এটা সময়ত যিসকলে ইউনুছক গাদী দখল কৰাত সহায় কৰিছিল আজিৰ সময়ত সেইসকলেই তেওঁৰ বিৰোধী হৈ পৰিছে।

দেশখনৰ আইন-শৃংখলা পৰিস্থিতিও বেয়ালৈ ঢাল খাইছে। সমান্তৰালভাৱে ব্যৱসায়িক ক্ষেত্ৰতো দেশখনে বহু পিছুৱাই গৈছে। বিগত এটা বছৰত সাৱৰ, গাজীপুৰ, চট্টগ্ৰাম, নাৰায়ণগঞ্জ আৰু নাৰ্চিংডিত ৩৫৩টা কাৰখানা বন্ধ হৈ পৰিছে। ইয়াৰ ফলত নিবনুৱা হৈ পৰিছে ১,১৯,৮৪২ জন শ্ৰমিক। ইউনুছৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পাছতেই দেশখনত নিযুক্তি হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি হৈছে নিবনুৱা।

পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে কৰ্মসংস্থাপনৰ বাবে ইফালে-সিফালে ঘূৰি ফুৰিছে নিবনুৱা যুৱক-যুৱতী। আনকি বহুতে নিৰাশ হৈ ঘৰলৈ উভতিব লগীয়া হৈছে। জানিব পৰা মতে দেশখনত ৰেডিমেড গাৰ্মেণ্ট, নিটৱেৰ আৰু বস্ত্ৰ উদ্যোগৰ লগত জড়িত কাৰখানাসমূহ বন্ধ হৈ পৰিছে। কিন্তু এই ব্যৱসায়ীসকলে শ্বেখ হাছিনাৰ শাসনকালত উন্নত ভৱিষ্যতৰ কল্পনা কৰিছিল।

এই তথ্য কাৰখানা পৰিদৰ্শন বিভাগ আৰু ঔদ্যোগিক আৰক্ষীকে ধৰি বিভিন্ন উৎসৰ পৰা পোহৰলৈ আহিছে। উদ্যোগৰ একাংশ মালিকে কয় যে, বেংকৰ ঋণৰ সুতৰ হাৰ আৰু শ্ৰমিকৰ অসন্তুষ্টিকে ধৰি বিভিন্ন কাৰণত দেশৰ উদ্যোগ আৰু কাৰখানা বন্ধ হৈ আছে।

একাংশ মালিকে কয় যে, কাৰখানাত শ্ৰমিকৰ অসন্তুষ্টি বৃদ্ধি পাইছে। লগতে বেংকৰ ঋণৰ উচ্চ সুতৰ হাৰ, কেঁচামাল আমদানিত এল চি সমস্যা, উদ্যোগত গেছৰ অবিৰত নাটনি, সময়ে সময়ে গেছৰ মূল্য বৃদ্ধি, বিদ্যুৎ যোগানত সমস্যা আদিত সমস্যাক সৃষ্টি হৈছে। ইয়াৰোপৰি শ্ৰমিকৰ মজুৰি অবিৰতভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে বহু উদ্যোগে উৎপাদন ব্যয়ৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰা নাই। এনেবোৰ কাৰণত বৃদ্ধি পাইছে সমস্যা।

মন কৰিবলগীয়া যে, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে দেশখনৰ ভাৰতৰ সৈতে সম্পৰ্ক যথেষ্ঠখিনি বেয়া হৈ পৰিছে। এটা সময়ত দেশখনৰ ভাৰতৰ সৈতে ভাল ব্যৱসায়িক সম্পৰ্ক আছিল। কিন্তু এতিয়া ভাৰতে বহু দিশৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। যাৰ ফলত দেশখনৰ বাণিজ্য ক্ষেত্ৰ প্ৰভাৱিত হৈছে।

উল্লেখ্য যে,  এবছৰ চৰকাৰ চলোৱাৰ পাছত মুখ্য উপদেষ্টাগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। বহু ৰাজনৈতিক দল, একালৰ তেওঁৰ সহযোগীয়ে বিৰোধিতা কৰিছিল। বহুতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰিছিল। অৱশেষত সকলোৰে দাবীত নতশিৰ কৰি ইউনুছে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে।

 

 

অন্য খবৰ পঢ়কঃ সম্পৰ্ক আছে ১৫ আগষ্ট আৰু বাংলাদেশৰ মাজত! কি হৈছিল সেইদিনা, কিয় চকুৰ পানী ওলাইছিল ইন্দিৰা গান্ধীৰ…

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...