বাংলাদেশত ডাঙৰ ঘটনা! চাহ খাবলৈ যোৱা যুৱকৰ ওপৰত বোমা নিক্ষেপ…

বাংলাদেশৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। ঢাকাৰ মাঘ বজাৰত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ককটেল বোমাৰ ফলত সংঘটিত হয় এই বিস্ফোৰণ। সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

বাংলাদেশত ডাঙৰ ঘটনা! চাহ খাবলৈ যোৱা যুৱকৰ ওপৰত বোমা নিক্ষেপ...

বাংলাদেশ

Published: 

24 Dec 2025 21:58 PM

বাংলাদেশৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। ঢাকাৰ মাঘ বজাৰত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। ককটেল বোমাৰ ফলত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ ফলত বৰ্তমানলৈকে এজন লোকৰ মৃত্যু হোৱা বুলি তথ্য আহি পৰিছে। ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। যাৰ পাছত ঢাকাৰ ৰাজহুৱা পৰিবহন সেৱা বন্ধ কৰি দিয়া হয়।

আৰক্ষীৰ মতে, বুধবাৰ (২৪ ডিচেম্বৰ)য়ে সন্ধিয়া প্ৰায় ৭.১৫ মান বজাত এই ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই উৰণ সেতুৰ পৰা এটা বোমা নিক্ষেপ কৰিছিল। বোমাটা ২১ বছৰীয়া ছিয়ামৰ মূৰত পৰি বিস্ফোৰিত হয়, যাৰ ফলত তেওঁ থিতাতে নিহত হয়। জানিব পৰা মতে, ছিয়ামে মাঘ বজাৰত অৱস্থিত জাহিদ কাৰ ডেকোৰেশ্যনত কৰ্মৰত আছিল। দোকানখনৰ মালিক কামৰানে কয় যে, ছিয়ামে চাহ খাবলৈ ওলাই গৈছিল আৰু তেতিয়াই তেওঁৰ ওপৰত বোমা নিক্ষেপ কৰা হয়।

আৰক্ষীৰ মতে, এতিয়াও আক্ৰমণকাৰী চিনাক্ত হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। পৰীক্ষা চলাই থকা হৈছে ঘটনাস্থলীত থকা চিচিটিভিৰ। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ওচমান হাদী হত্যাকাণ্ডৰ পাছতে বাংলাদেশ জ্বলি আছে। পৰিস্থিতি দিনক দিনে অধিক বেয়ালৈ গতি কৰিছে। পৰিস্থিতি শান্ত কৰিবলৈ মহম্মদ ইউনুছে বাৰে বাৰে আহ্বান জনাইছে যদিও শান্ত হোৱা নাই কোনো। দেশখনত যেন দিনক দিনে উগ্ৰপন্থীৰ প্ৰভাৱ বৃদ্ধি পাইছে।

হিন্দু যুৱকক হত্যা

যোৱা ১৮ ডিচেম্বৰত মাইমেনসিংহত দীপু চন্দ্ৰ নামৰ হিন্দু যুৱকক হত্যা কৰা হৈছিল। অতি নিৰ্মমভাৱে যুৱকজনক একাংশ লোকে প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিছিল। একাংশই অভিযোগ কৰিছিল যে দীপুৱে ধৰ্মীয় আঘাত হনা মন্তব্য কৰিছিল। কিন্তু তেনে কোনো প্ৰমাণ এতিয়ালৈকে পোৱা নাই। ইমানেই নহয়, বাংলাদেশত হাজাৰ হাজাৰ লোক সংকটত আছে।  মুঠতে বাংলাদেশত এতিয়া অৰাজকতাই বিৰাজ কৰিছে।

 

অন্য খবৰ পঢ়কঃ কিমান নাৰীৰ সৈতে সম্পৰ্ক আছে ইউনুছৰ? ভাৰতৰ সৈতেও আছে সংযোগ…

 

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে পৰিব বিপদত!
দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা