পাকিস্তানক ধ্বংস কৰিবলৈ মাত্ৰ ৩ টা বস্তুৰ প্ৰয়োজন! ভাৰতৰ পৰা কি বিচাৰিছে বেলুচ আৰ্মীয়ে…

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি ঘোষণা হোৱাৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এক ডাঙৰ ঘোষণা কৰিছে। উল্লেখ্য যে, বি এল এ দশক দশক ধৰি স্বাধীন বেলুচিস্তানৰ দাবী জনাই আহিছে।

পাকিস্তানক ধ্বংস কৰিবলৈ মাত্ৰ ৩ টা বস্তুৰ প্ৰয়োজন! ভাৰতৰ পৰা কি বিচাৰিছে বেলুচ আৰ্মীয়ে...

বেলুচ আৰ্মী

Published: 

12 May 2025 | 01:37 PM

ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ পাছতে বেলুচ আৰ্মীয়ে পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ ঘোষণা কৰিছে। বেলুচিস্তানৰ যোদ্ধাসকলে কয় যে, আগ্নেয়গিৰিৰ ওপৰত বহি থকা এখন দেশ পাকিস্তান, যাক আমি ধ্বংস কৰিম। ইয়াৰোপৰি বেলুচ আৰ্মীয়ে পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পৰা সহায় বিচাৰেছে। তেওঁলোকে কয় যে, যদিহে আমি ভাৰতৰ পৰা ৩ টা বিশেষ বস্তু লাভ কৰো তেন্তে পাকিস্তানক নিঃশেষ কৰি পেলাম।

দ্য বেলুচিস্তান পোষ্টৰ তথ্য অনুসৰি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পিছতে বেলুচ যোদ্ধাসকলে এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতিত কোৱা হৈছে যে পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়ে। গতিকে তেনে এখন দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰাতো মূৰ্খামী। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে কয় যে যদি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে তেন্তে আমি পাকিস্তানক শিক্ষা দিম। তেওঁলোকে কয়, যদি বিএলএই ভাৰতৰ পৰা ৰাজনৈতিক, কূটনৈতিক আৰু প্ৰতিৰক্ষামূলক সমৰ্থন পায় তেন্তে সন্ত্ৰাসবাদৰ মালিক পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব।

বেলুচ আৰ্মীয়ে পৃথিৱীৰ অন্য দেশৰ পৰাও সহায়ৰ আহ্বান কৰে। তেওঁলোকে কয় যে, যদি সময়ৰ পূৰ্বে পাকিস্তানক ধ্বংস কৰা নহয় তেন্তে এই দেশখন বিশ্বৰ বাবে সংকটজনক হৈ পৰিব। আৰু কয়, যদি ভাৰতে পাকিস্তানক টুকুৰা-টুকুৰ কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে বেলুচ আৰ্মীয়ে সবাতোকৈ আগত সহযোগ কৰিব। ভাৰতৰ সিদ্ধান্তৰ পাছত তেওঁলোকে পাকিস্তানৰ সীমান্তত আগুৰি ধৰিব বুলি কয়।

৩ টা বস্তু প্ৰয়োজন

বেলুচ আৰ্মীয়ে ভাৰতৰ পৰা ৰাজনৈতিক, কূটনৈতিক আৰু প্ৰতিৰক্ষামূলক সমৰ্থন বিচাৰিছে। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে কয় , পাকিস্তানে পাৰমাণৱিক শক্তিৰ ভাবুকি দি সন্ত্ৰাসবাদ বিয়পাই আছে। দেশখনত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া হয়, লালন-পালন কৰা হয়। পাকিস্তানৰ এই মুকলি খেলখন বিগত দশক দশক ধৰি চলি আহি আছে যদিও আজি পৰ্যন্ত বন্ধ হোৱা নাই।

তেওঁলোকে কয় যে, পাকিস্তানত সন্ত্ৰাসবাদ কেৱল আমিয়েই ধ্বংস কৰিব পাৰিম। ইয়াৰ বাবে সম্পূৰ্ণ পাকিস্তানক ধ্বংস কৰা প্ৰয়োজন। ইয়াৰোপৰি পাকিস্তানক ধ্বংস কৰাৰ পৰিকল্পনাও প্ৰকাশ কৰে বেলুচ আৰ্মীয়ে। বেলুচ সেনাই কয় যে,বেলুচ স্বাধীন দেশ হ’বলৈ বেছি দিন নাই। পৃথিৱীৰ কোনো শক্তিয়ে ইয়াক ৰোধ কৰিব নোৱাৰিব। বি এল এৰ মতে এই কামত যিমানেই পলম হ’ব সিমানেই ৰক্তপাত হ’ব। কিন্তু কোনো পধ্যেই বেলুচ লিবাৰেশ্যন আৰ্মীয়ে নিজৰ পৰা পিছুৱাই নাযাই বুলি কয়।

 

 

অন্য খবৰ পঢ়কঃ AWACS ৰ ওপৰত পাকিস্তানৰ আছিল বিশ্বাস! পিছে ভাৰতীয় বায়ু সেনাই কৰিলে ধ্বংস…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...