নবিদে প্ৰাণ ল’লে ১৬ নিৰীহৰ, মাতৃয়ে ক’লে- মোৰ ল’ৰা ভাল, সকলোৱে বিচাৰিব এনে পুত্ৰ…

এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। হাজাৰ হাজাৰ ইহুদী লোকে এক উৎসৱৰ বাবে সমবেত হোৱাৰ সময়তে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। য'ত ১৬ জন নিৰীহৰ প্ৰাণ যায়।

নবিদে প্ৰাণ ললে ১৬ নিৰীহৰ, মাতৃয়ে কলে- মোৰ লৰা ভাল, সকলোৱে বিচাৰিব এনে পুত্ৰ...

নবিদ আক্ৰাম

Published: 

15 Dec 2025 | 07:51 PM

দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীৰ বণ্ডি বিচত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্ব জোকাৰি যায়। সন্ত্ৰাসবাদীৰ গুলীচালনাত ১৬ জন নিৰীহ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬০ জনৰো অধিক আহত হৈছে। হাজাৰ হাজাৰ ইহুদী লোকে হানুকা উৎসৱৰ একগোট হোৱাৰ সময়তে এই আক্ৰমণ চলিছিল। অষ্ট্ৰেলিয়া চৰকাৰে এই আক্ৰমণত সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে। সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে।

অষ্ট্ৰেলিয়া আৰক্ষীয়ে জনোৱা অনুসৰি এই আক্ৰমণ দুই পিতা-পুত্ৰ ছাজিদ আক্ৰাম আৰু নবিদ আক্ৰামে সংঘটিত কৰিছিল। আৰক্ষীয়ে থিতাতে ছাজিদক হত্যা কৰাৰ বিপৰীতে আৰক্ষীৰ গুলীত আহত হৈছে নবিদ। চিকিৎসাধীন অৱস্থাত থকা নবিদত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মাতৃয়ে কি কয়

দ্য ছিডনী মৰ্নিং হেৰাল্ডৰ মতে, গুলীচালনাৰ পূৰ্বে নবিদে মাতৃ বেৰেনাৰ সৈতে ফোনযোগে কথা পাতিছিল। সেই সময়ত তেওঁ মাকক কৈছিল যে ফুৰিবলৈ ওলাই আহিছে আৰু বাহৰিতে খাদ্য গ্ৰহণ কৰিব। সেয়াই আছিল শেষ ফোন। মাতৃয়ে কয় যে, তেওঁৰ পুত্ৰ এই আক্ৰমণ কাণ্ডত জড়িত বুলি বিশ্বাস কৰিব পৰা নাই। অপৰাধস্থলীৰ ফটোত তেওঁ পুত্ৰক চিনি পোৱা নাই।

লগতে কয় যে, মোৰ পুত্ৰই মদ নাখাই, চিগাৰেট নাখাই, তেওঁৰ লগত কোনো বন্দুকো নাছিল। নবিদৰ কোনো বন্ধু নাছিল। কেৱল কামলৈ গৈছিল আৰু ঘৰলৈ উভতিছিল। মাতৃয়ে আৰু কয় যে, নবিদে কাম কৰা কোম্পানীটো বন্ধ হৈ গৈছিল, যাৰ বাবে তেওঁ ২ মাহ ধৰি নিবনুৱা হৈ আছিল। নবিদে নতুন কাম বিচাৰি আছিল। মোৰ ল’ৰা বহুত ভাল। সকলোৱে মোৰ দৰে ল’ৰা বিচাৰিব।

উল্লেখ্য যে, ছিডনীত নিহত হোৱাসকলৰ ভিতৰত শিশু, মহিলাও আছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে এই আক্ৰমণক সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইহুদীৰ ওপৰত লক্ষ্য কৰি লোৱা আক্ৰমণ বুলি অভিহিত কৰে। আক্ৰমণৰ সময়ত প্ৰায় ২০০০ লোক সেই ফিল্ডত উপস্থিত আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, ২০ মিনিট ধৰি সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলী চলাইছিল। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ স্বামী-পুত্ৰক এৰি প্ৰেমিকৰ সৈতে লিভ-ইনত! মহিলাৰ সৈতে বিলালৰ ভয়ংকৰ কাণ্ড…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব