ভাৰতত পুটিন! ইফালে ৩০ খনৰো অধিক দেশৰ ওপৰত আমেৰিকাৰ ভ্ৰমণ নিষেধাজ্ঞা…

নিৰাপত্তাজনিত কাৰণত আমেৰিকাই ৩০ খনৰো অধিক দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা জাৰি কৰিব। এনে ক্ষেত্ৰত এই দেশসমূহৰ পৰা কোনো লোক আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰি। দেশৰ সকলো নাগৰিকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব।

ভাৰতত পুটিন! ইফালে ৩০ খনৰো অধিক দেশৰ ওপৰত আমেৰিকাৰ ভ্ৰমণ নিষেধাজ্ঞা...

ড'নাল্ড ট্ৰাম্প

Published: 

05 Dec 2025 | 01:57 PM

বৰ্তমান ভাৰত ভ্ৰমণত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ইয়াৰ মাজতে আমেৰিকাৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। শেহতীয়াকৈ আমেৰিকাই ১৯ খন দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা জাৰি কৰিছিলি। কিন্তু এই নিষেধাজ্ঞা দেশৰ সংখ্যা এতিয়া ১৯ ৰ পৰা ৩০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে আমেৰিকাৰ গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে এই সন্দৰ্ভত সবিশেষ জনায়। তেওঁ এয়াও কয় যে, সংখ্যা আৰু অধিক হ’ব পাৰে।

ফক্স নিউজৰ “দ্য ইংৰাহাম এংগল”ত দিয়া এক সাক্ষাৎকাৰত অংশ গ্ৰহণ কৰি তেওঁ কয় যে, মই সঠিক সংখ্যা নকও। কিন্তু এই সংখ্যা ৩০তকৈ অধিক হ’ব পাৰে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিভিন্ন দেশৰ মূল্যায়ন কৰি আছে, গতিকে সেই অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

কি কি দেশত নিষেধাজ্ঞা

এই তালিকাত কি কি দেশ আছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। তেওঁ আৰু কয় যে, যি দেশৰ চৰকাৰ সুস্থিৰ নহয়, বা যি দেশে নিজৰ নাগৰিকৰ পৰিচয় পৰীক্ষা কৰাত সহায় কৰিব নোৱাৰে তেন্তে সেই দেশসমূহক আমি আমেৰিকালৈ আহিবলৈ কিয় দিম? তেনে দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।

ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে ট্ৰাম্পে ৩৬ খন দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোৰ কৰাৰ কথা চিন্তা কৰিছে। উল্লেখ্য যে, যোৱা সপ্তাহত ৱাশ্বিংটন ডি চিত নেশ্যনেল গাৰ্ডৰ দুজন সদস্যক গুলীয়াই হত্যা কৰাৰ পিছত প্ৰশাসনে এই তালিকা আৰু অধিক সম্প্ৰসাৰণ  কৰাৰ কথা ভাবিছে।

কঠোৰ নিয়ম কিয়?

যোৱা সপ্তাহত আমেৰিকাৰ হোৱাইট হাউচৰ সমীপত এক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। য’ত নেশ্যনেল গাৰ্ডৰ দুজন সদস্যক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পাছতে আমেৰিকাই কেইবাখনো দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা জাৰি কৰিছিল। তদন্তকাৰী সংস্থাৰ মতে আফগান নাগৰিকে গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল। ইয়াৰ পাছতে ট্ৰাম্পে ঘোষণা কৰিছিল যে, তৃতীয় বিশ্বৰ দেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীসকলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হ’ব। অৱশ্যে তৃতীয় বিশ্ব বুলি ট্ৰাম্পে কি বুজাইছিল সেয়া স্পষ্ট নহয়।

১২খন দেশত নিষেধাজ্ঞা

ট্ৰাম্পে জুন মাহত ১২ খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশত বাধা আৰু ৭ খনৰ ওপৰত সীমিত বাধা আৰোপ কৰিছিল। ট্ৰাম্পে কৈছিল যে, বিদেশী সন্ত্ৰাসবাদী আৰু অন্যান্য নিৰাপত্তাজনিত ভাবুকিৰ পৰা আমেৰিকাক ৰক্ষা কৰিবলৈ এই পদক্ষেপ প্ৰয়োজনীয়। গতিকে ট্ৰাম্পৰ এইবাৰ নতুন তালিকাত কি কি দেশ থাকে সেয়া সময়ত লক্ষণীয় হ’ব।

 

 

অন্য খবৰ পঢ়কঃ আমেৰিকাই ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিব পাৰে, ভাৰতে কিয় নোৱাৰে? ট্ৰাম্প সন্দৰ্ভত কি ক’লে পুটিনে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...