ভাৰত-ৰাছিয়াৰ বন্ধুত্বক লৈ অসন্তুষ্ট আমেৰিকা! অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা সন্দৰ্ভত আপত্তি…

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড'নাল্ড ট্ৰাম্পে কেতবোৰ ভাৰত বিৰোধী মন্তব্য কৰি আহিছে। ইয়াৰ মাজতে দেশখনে এইবাৰ ভাৰত-ৰাছিয়াৰ সম্পৰ্কত আপত্তি দৰ্শাইছে।

ভাৰত-ৰাছিয়াৰ বন্ধুত্বক লৈ অসন্তুষ্ট আমেৰিকা!  অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা সন্দৰ্ভত আপত্তি...

ট্ৰাম্প-মোদী-পুটিন

Updated On: 

03 Jun 2025 13:38 PM

ভাৰতে আমেৰিকাক নিজৰ বন্ধু বুলি গণ্য কৰে, কিন্তু এতিয়া আমেৰিকাই নিজৰ আচল স্বৰূপ দেখুৱাই দিছে। বিশেষকৈ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে দেশখনৰ ভাৰতৰ লগত সম্পৰ্কৰ কিছু অৱনতি ঘটে। এসময়ত ট্ৰাম্পে মোদীক বন্ধু বুলি গণ্য কৰিছিল, কিন্তু সেই ট্ৰাম্পে এতিয়া ভাৰতৰ বিৰুদ্ধে নিতৌ ন ন সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজতে আমেৰিকাৰ বাণিজ্যিক সচিব হবাৰ্ড লুটমিকে ভাৰত সন্দৰ্ভত পুনৰ এক ডাঙৰ মন্তব্য প্ৰদান কৰে। ভাৰতে ৰাছিয়াৰ পৰা অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা আৰু ব্ৰিকছৰ সদস্য হোৱা বাবে তেওঁ আপত্তি দৰ্শায়।

ভাৰতে সদায় আমেৰিকা আৰু ৰাছিয়াৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰি আহিছে। লগতে কোনো হেঁচা নোলোৱাকৈ নিজৰ দাবী পূৰণ কৰি গৈছে। কিন্তু এই কথা যেন ভাল পোৱা নাই আমেৰিকাই। যাৰ বাবে ট্ৰাম্প প্ৰশাসনে ভাৰত বিৰোধী মন্তব্য কৰি আহিছে।

 

ৱাশ্বিংটন ডি চিত দিয়া এক সাক্ষাৎকাৰত আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে কয় যে, ভাৰত চৰকাৰে এনে কিছুমান কাম কৰিছে যিবোৰে সাধাৰণতে আমেৰিকাক বেয়াকৈ প্ৰভাৱিত কৰিব। উদাহৰণ দি তেওঁ কয় যে, “আপোনালোকে সাধাৰণতে সামৰিক সঁজুলি ৰাছিয়াৰ পৰা ক্ৰয় কৰে। যদি আপুনি প্ৰত্যক্ষভাৱে ৰাছিয়াৰ পৰা অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে তেন্তে ই আমেৰিকাক অশান্তি দিয়াৰ এক উপায়। মই ভাবো ভাৰতে আমেৰিকাৰ পৰা সামৰিক সা-সৰঞ্জাম কিনাৰ দিশত আগবাঢ়িছে। ই এতিয়া বহু দূৰ আগবাঢ়িছে। গতিকে এই ধৰণৰ কথাবোৰে ব্ৰিকছৰ অংশ হোৱাৰ বাবে এক সম্পৰ্ক গঢ়ি তোলে, যিয়ে অ’হ, ডলাৰ আৰু চলো ডলাৰৰ আধিপত্যক সমৰ্থন নকৰে”।

তেওঁ লগতে কয় যে, এয়া আমেৰিকাৰ বন্ধু হোৱাৰ আৰু মানুহক প্ৰভাৱিত কৰাৰ উপায় নহয়। ৰাষ্ট্ৰপতি ট্ৰাম্পে এই সন্দৰ্ভত প্ৰত্যক্ষ আৰু বিশেষভাৱে কথা কৈছে। লগতে ভাৰত চৰকাৰক এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰ উন্নতি সাধন কৰিবলৈ পৰামৰ্শ দিয়ে।

উল্লেখ কৰা প্ৰয়োজন যে,  আমেৰিকাই ৰাছিয়াক নিজৰ শত্ৰু বুলি গণ্য কৰে। আমেৰিকাই ৰাছিয়াৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰিছে। তেনেস্থলত ভাৰতে ৰাছিয়াৰ পৰা অস্ত্ৰ ক্ৰয় কৰি ব্ৰিকছৰ সদস্য হোৱাৰ ফলত ৰাছিয়াৰ শক্তি বৃদ্ধি পাইছে। যি আমেৰিকাই ভাল পোৱা নাই। গতিকে এনেবোৰ কাৰণতে সম্ভৱতঃ আমেৰিকাই ভাৰত বিৰোধী মন্তব্য কৰি আহিছে।

 

অন্য খবৰ পঢ়কঃ নচলে ট্ৰাম্পৰ দাদাগিৰি! ১০০ শতাংশ শুল্কৰ পাছতো সস্তীয়া হ’ব আইফোন, কেনেকৈ জানক …

আক্ৰাম, অশ্বিন সকলোকে অতিক্ৰম বুমৰাহৰ; গঢ়িলে এনে অনন্য অভিলেখ
দৈনিক কণী খালে কলেষ্টেৰল বৃদ্ধি পাই নেকি ? এজন সুস্থ ব্যক্তিয়ে এদিনত কেইটা কণী খাব লাগে ?
ভাল জীৱন সংগী পাবলৈ চাণক্যৰ এই কথাবোৰ মানি চলক!
মাহেকীয়াৰ সময়ত মহিলসকলে মুড ছুইঙৰ পৰা সাত সাৰিবলৈ কি কি কৰা উচিত?