১২খন দেশৰ নাগৰিক প্ৰৱেশৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ, চাওক তালিকা…

এটাৰ পাছত আনটো কঠোৰ সিদ্ধান্ত আমেৰিকাৰ। এইবাৰ দেশখনে ১২ খন দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। গতিকে এই ১২ দেশৰ নাগৰিকে এতিয়া আমেৰিকা ভ্ৰমণ কৰিব নোৱাৰিব।

১২খন দেশৰ নাগৰিক প্ৰৱেশৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ, চাওক তালিকা...

ড'নাল্ড ট্ৰাম্প

Published: 

05 Jun 2025 | 02:06 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত। ইৰান, আফগানিস্তানকে ধৰি ১২ খন দেশৰ নাগৰিক আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰোপৰি আন ৭ খন দেশৰ নাগৰিকৰ ওপৰত আংশিকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। ট্ৰাম্পৰ এই সিদ্ধান্তক তেওঁৰ প্ৰথম কাৰ্যকালত গ্ৰহণ কৰা মুছলমান দেশসমূহৰ ওপৰত নিষেধাজ্ঞাৰ সম্প্ৰসাৰণ বুলি বিবেচনা কৰিছে একাংশই। হোৱাইট হাউছৰ তথ্য অনুসৰি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত লক্ষ্য ৰাখি এই ১২ খন দেশৰ পৰা আমেৰিকাত যাত্ৰা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

এই সিদ্ধান্ত গ্ৰহণ কৰি আমেৰিকাই কয় যে,বস্তুগত পৰিৱৰ্তন হ’লে তালিকাখন আপডেট কৰা হ’ব পাৰে, আৰু বিশ্বজুৰি ভাবুকিৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত এই তালিকাত আৰু অধিক দেশৰ নাম যোগ হ’ব পাৰে।

কোন দেশৰ ওপৰত নিষেধাজ্ঞা

আমেৰিকাত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষিদ্ধতা আৰোপ কৰা দেশ কেইখন হৈছে- আফগানিস্তান, চাড, কংগো, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ম্যানমাৰ, ছোমালিয়া, চুডান আৰু য়েমেন। ইয়াৰোপৰি আংশিক নিষেধাজ্ঞা আৰোপ কৰা দেশকেইখন হৈছে- বুৰুণ্ডি, কিউবা, লাওছ, ছিয়েৰা লিয়ন, ট’গো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলা।

 

কাৰণ

হোৱাইট হাউছৰ মতে, এই নিষেধাজ্ঞা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত লক্ষ্য ৰাখি লোৱা হৈছে। এই সিদ্ধান্তই আমেৰিকানসকলক বিপদজনত বিদেশী উপাদানৰ পৰা ৰক্ষা কৰিব। এই সন্দৰ্ভত ট্ৰাম্পে কয় যে, শেহতীয়াকৈ ক’লৰাড’ৰ বোল্ডাৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত বিদেশী জড়িত হৈ আছিল। ইয়ে বিদেশৰ পৰা অহা ভাবুকিক উদঙাই তোলে, কিন্তু ইয়াৰ উচিত তদন্ত হোৱা নাছিল।

উল্লেখ্য যে, দেওবাৰে (১ জুন) ক’লৰাড’ত সংঘটিত হোৱা আক্ৰমণত ১২ জন লোক আহত হৈছিল। ইজৰাইলী পণবন্দীসকলৰ বাবে কৰা আন্দোলনত পেলেষ্টাইনৰ সমৰ্থিত এজন লোকে আক্ৰমণ কৰিছিল। তেওঁ প্ৰতিবাদী দলটোৰ ওপৰত জুই লাগিব পৰা সামগ্ৰী দলিয়াইছিল,লগতে অন্য অস্ত্ৰও ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত  এই আক্ৰমণৰ অভিযোগত অভিযুক্ত ব্যক্তিজন ইজিপ্তৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছিল। ইয়াৰ পিছত আমেৰিকা বিদেশী ভাবুকিৰ ওপৰত বিশেষ গুৰুত্ব দিছে।

এয়াই প্ৰথম নহয়, দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে এটাৰ পাছত আনটো সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশেষকৈ বিদেশী নাগৰিকৰ ওপৰত দেশখন অধিক সতৰ্ক হোৱা পৰিলক্ষিত হৈছে। শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে বিভিন্ন দেশৰ লগতে ভাৰতৰ বহু অবৈধ অনুপ্ৰৱেশকাৰীক দেশখনৰ পৰা বিতাড়িত কৰিছিল। মুঠতে আমেৰিকা প্ৰথম নীতি আৰোপৰ চেষ্টা কৰি দেশখনে এটাৰ পাছত আনটো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি গৈছে।

 

অন্য খবৰ পঢ়কঃ ভাৰত-ৰাছিয়াৰ বন্ধুত্বক লৈ অসন্তুষ্ট আমেৰিকা! অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা সন্দৰ্ভত আপত্তি…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...