ADB য়ে পাকিস্তানত প্ৰদান কৰিব প্ৰায় ৬৮৭৩ কোটি টকাৰ ঋণ, বিৰোধ ভাৰতৰ…

ADB Loan: এটাৰ পাছত আনটো সংস্থাৰ পৰা ঋণ লৈ ফুৰিছে পাকিস্তানে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পাছত এইবাৰ পাকিস্তানে এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা ঋণ লাভ কৰিব।

ADB য়ে পাকিস্তানত প্ৰদান কৰিব প্ৰায় ৬৮৭৩ কোটি টকাৰ ঋণ, বিৰোধ ভাৰতৰ...

পাকিস্তান

Published: 

05 Jun 2025 13:00 PM

এছিয়ান ডেভেলপমেণ্ট বেংকে পাকিস্তানক যিকোনো ধৰণৰ আৰ্থিক সাহায্য প্ৰদানৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰিছে ভাৰতে। ADB ৰ সম্পদৰ সম্ভাৱ্য অপব্যৱহাৰক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতে বিশেষকৈ পাকিস্তানৰ প্ৰতিৰক্ষা ব্যয় বৃদ্ধি, কৰ-জিডিপি অনুপাত হ্ৰাস পোৱা, অৰ্থনৈতিক সংস্কাৰত লেহেমীয়া আদি দিশ সামৰি বিৰোধিতা কৰিছে।

ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পাছতে পাকিস্তানে এটাৰ পাছত আনটো সংস্থাৰ পৰা ঋণ লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF)ৰ পাছত এইবাৰ পাকিস্তানে এছিয়ান ডেভেলপমেণ্ট বেংক (ADB)ৰ পৰা বিপুল পৰিমাণৰ আৰ্থিক অনুদান লাভ কৰিব। দেশখনে উন্নয়নৰ নামত এনে বৃহৎ পৰিমাণৰ ধন লাভ কৰি আহিছে।

জানিব পৰা মতে এইবাৰ পাকিস্তানে লাভ কৰিব ৮০ কোটি ডলাৰৰ আৰ্থিক অনুদান। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি ৬৮৭৩ কোটিতকৈও অধিক। ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকে পাকিস্তানৰ বাবে এই ধন অনুমোদন জনাইছে। বেংকটোৰ এই সিদ্ধান্তক ভাৰতে বিৰোধ কৰিছে যদিও কোনো সঁহাৰি দিয়া  নাই।  ইয়াৰ পূৰ্বে যোৱা মাহত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অৰ্থাৎ আই এম এফৰ পৰা ১ বিলিয়ন ডলাৰৰ অনুদান লাভ কৰিছিল পাকিস্তানে, যাৰ মূল্য ভাৰতীয় মুদ্ৰাত ৮৫০০ কোটি টকা।

চৰকাৰী সূত্ৰ অনুসৰি ভাৰতে পাকিস্তানক আৰ্থিক সাহায্য প্ৰদানৰ ক্ষেত্ৰত তীব্ৰ আপত্তি প্ৰকাশ কৰি আহিছে। ভাৰতে কয়, যদি এই আৰ্থিক সাহায্য পাকিস্তানে লাভ কৰে তেন্তে এয়া তেওঁলোকে সন্ত্ৰাসবাদক লালন-পালন কৰাত খৰচ কৰিব। কিন্তু ভাৰতৰ কথাত গুৰুত্ব দিয়া নাই আই এম এফ , এছিয়ান ডেভেলপমেন্ট আদি কোনোয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানৰ আৰ্থিক অৱস্থা দুৰ্বল, ২০১৮ চনত জিডিপি ১৩ শতাংশৰ পৰা ২০২৩ চনত ৯.২ শতাংশলৈ হ্ৰাস পাইছে।  কিন্তু ইয়াৰ মাজতে পাকিস্তানে এইবাৰ সামৰিক পুঁজিত  অতিৰিক্ত ধন বিনিয়োগত অনুমোদন জনাইছে।

গতিকে  উন্নয়নৰ নামত যদি পাকিস্তানে এই আৰ্থিক সাহায্য লাভ কৰে তেন্তে প্ৰতিৰক্ষা বাজেটত খৰচ কৰিব বুলি ভাৰতে আপত্তি দৰ্শাইছে। বিগত মাহত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পাছৰে পৰা দেশখনে এটাৰ পাছত আনটো সংস্থাৰ পৰা ঋণ লাভ কৰিছে। আই এম এফে ধন দিয়াৰ ক্ষেত্ৰতো ভাৰতে তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু ভাৰতৰ বিৰোধ, যুক্তিৰ পাছতো সংস্থাটোৱে পাকিস্তানক ঋণ প্ৰদান কৰিছিল। এইবাৰ পাকিস্তান এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা ঋণ লাভ কৰিব। গতিকে ই ভাৰতৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে।

 

 

অন্য খবৰ পঢ়কঃ আমি সাজু পৰৱৰ্তী প্ৰজন্মৰ জেহাদৰ বাবেঃ শ্বেখ হাছিনা আৰু ভাৰত সন্দৰ্ভত ডাঙৰ মন্তব্য পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ…

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...