ভাৰতত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আছিল মাষ্টাৰমাইণ্ড! কোনে পাকিস্তানত হত্যা কৰিলে লস্কৰৰ শীৰ্ষ কমাণ্ডৰ আবু ছাইফুল্লাহক…

পাকিস্তানৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। জানিব পৰা মতে, লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডৰ ৰাজাউল্লাহ নিজামানী ওৰফে ছাইফুল্লাহ খালিদক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

ভাৰতত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আছিল মাষ্টাৰমাইণ্ড! কোনে পাকিস্তানত হত্যা কৰিলে লস্কৰৰ শীৰ্ষ কমাণ্ডৰ আবু ছাইফুল্লাহক...

আবু ছাইফুল্লাহ

Published: 

18 May 2025 20:30 PM

পাকিস্তানৰ সিন্ধ প্ৰদেশত সংঘটিত এক ঘটনাই লস্কৰ-ই-তৈবা আৰু দেশখনৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি, লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডৰ ৰাজাউল্লাহ নিজামানী ওৰফে ছাইফুল্লাহ খালিদক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। সিন্ধ প্ৰদেশৰ মাটলী চহৰৰ ফালকাৰা চ’কৰ সমীপত তেওঁ ঘৰৰ পৰা ওলাই অহাৰ সময়তে দুৰ্বৃত্তই গুলীয়াই থিতাতে হত্যা কৰে। উল্লেখ্য যে ছাইফুল্লাহ খালিন মালন অঞ্চলৰ বাসিন্দা আছিল। তেওঁ দীৰ্ঘদিন ধৰি কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছে।  নিৰাপত্তা সংস্থাৰ তথ্য মতে, আবু ছাইফুল্লাৰ হত্যাকাণ্ড কোনো পৰিকল্পিত টাৰগেট কিলিঙৰ অংশ হ’ব পাৰে।

কাশ্মীৰ জেহাদৰ পৰা উভতি লস্কৰ-ই-তৈবাই তেওঁক গাজী আবু ছাইফুল্লাহ উপাধি প্ৰদান কৰিছিল। অৱশ্যে শেহতীয়াকৈ সন্ত্ৰাসবাদী সংগঠনটোৱে তেওঁক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। তেওঁক নিৰাপত্তাৰ মাজত ৰখা হৈছিল যদিও ঘৰৰ পৰা ওলাই অহাৰ সময়ত দুৰ্বৃত্তই মূৰ আৰু বুকুত দুটাকৈ গুলী মাৰে। তথ্য অনুসৰি ভাৰতত সংঘটিত বহু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাষ্টাৰমাইণ্ড আছিল ছাইফুল্লাহ। ভাৰতত কমেও তিনিটাকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি সন্দেহ কৰা হৈছে।

এই তিনি কাৰ্যৰ মাণ্ডাৰমাইণ্ড আছিল তেওঁ

ৰামপুৰ চি আৰ পি এফ শিবিৰত আক্ৰমণঃ ২০০১ চনত উত্তৰ প্ৰদেশৰ ৰামপুৰৰ চি আৰ পি এফ গ্ৰুপ চেণ্টাৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল ছাইফুল্লাই। এই আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীচালনাত ৭জনকৈ জোৱান শ্বহীদ হৈছিল। পাছত তদন্তকাৰী সংস্থাসমূহে এই ঘটনাৰ লগত জড়িতসকলৰ নাম প্ৰকাশ কৰিছিল। য’ত এই সন্ত্ৰাসবাদীজনৰ নাম শীৰ্ষত আছিল।

বাংগালোৰত আতংকঃ ২০০৫ চনত বাংগালুৰত সংঘটিত সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত আছিল। এই আক্ৰমণ সময়ত আই টি কোম্পানী আৰু চৰকাৰী প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হৈছিল। এই কাণ্ডৰ পৰিকল্পনা ছাইফুল্লাৰ আছিল।

নাগপুৰৰ আৰ আৰ এছৰ মুখ্য কাৰ্যালয়ঃ ২০০৬ চনত নাগপুৰত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি বৃহৎ আক্ৰমণৰ প্ৰয়াস কৰা হৈছিল। অৱশ্যে এই কাৰ্যত সফল হোৱা নাছিল সন্ত্ৰাসবাদী সংগঠন। ইয়াৰ মাষ্টাৰমাইণ্ড আছিল ছাইফুল্লাহ।

লস্কৰৰ বাব ভৰ্তি

ছাইফুল্লাই জম্মু-কাশ্মীৰত দীৰ্ঘদিন ধৰি জম্মু-কাশ্মীৰত ভাৰত বিৰোধী কাৰ্যকলাপ চলাই আছিল আৰু পাকিস্তানলৈ উভতি যোৱাৰ পাছত সিন্ধৰ জামাত আৰু লস্কৰৰ বাবে নিযুক্তি কৰিছিল। ইমানেই নহয়, তেওঁ আনকি সন্ত্ৰাসবাদী সংগঠনৰ বাবে ফাণ্ডিঙৰো যোগাৰ কৰিছিল।

উল্লেখ্য যে, ছাইফুল্লাৰ হত্যাকাণ্ডৰ ঘটনাই পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ মাজত সংঘাতৰ আশংকা বৃদ্ধি কৰিছে। ছাইফুল্লাৰ দৰে এজন শীৰ্ষ, প্ৰশিক্ষিত আৰু গাজী ঘোষিত সন্ত্ৰাসবাদীক হত্যা কৰাৰ ঘটনাই দেখুৱাই দিছে যে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকসকল এতিয়া নিজেই নিৰাপত্তাহীনতাত ভুগিছে।

 

অন্য খবৰ পঢ়কঃ মুকলিকৈ ভাৰতৰ বিৰোধিতা চীনৰ! পাকিস্তানৰ সৈতে মিলি কৰা এই ১০ টা কাণ্ড ইয়াৰ প্ৰমাণ…

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…