India-Pakistan Tension: ‘ভাৰত-পাকিস্তানৰ যুদ্ধত লিপ্ত নহও’, হাত দাঙিলে আমেৰিকাই
এক সাক্ষাৎকাৰত জে ডি ভেন্সে কয় যে, আমি ভাৰত আৰু পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ উঠাবলৈ ক’ব নোৱাৰো। ইয়াৰ লগত আমেৰিকাৰ কোনো সম্পৰ্ক নাই। এই সংঘাতৰ ক্ষেত্ৰত আমেৰিকাৰ কোনো প্ৰত্যক্ষ ভূমিকা নাই। এই পৰিস্থিতিসমূহ নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থাত আমেৰিকা নাই আৰু এই সংঘাত আমেৰিকাৰ বিষয় নহয়।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত প্ৰচণ্ড আঘাত হানি অপাৰেচন সেন্দূৰ আৰম্ভ কৰিছে। ভাৰতৰ আক্ৰমণৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পায়। আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ চকু দুয়োখন দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত নিবদ্ধ। ইফালে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ এক বিবৃতি পোহৰলৈ আহিছে। তেওঁ স্পষ্টকৈ কৈছে যে, ভাৰত-পাকিস্তানৰ বিষয়ত আমেৰিকাই হস্তক্ষেপ নকৰে।
এক সাক্ষাৎকাৰত জে ডি ভেন্সে কয় যে, আমি ভাৰত আৰু পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ উঠাবলৈ ক’ব নোৱাৰো। ইয়াৰ লগত আমেৰিকাৰ কোনো সম্পৰ্ক নাই। এই সংঘাতৰ ক্ষেত্ৰত আমেৰিকাৰ কোনো প্ৰত্যক্ষ ভূমিকা নাই। এই পৰিস্থিতিসমূহ নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থাত আমেৰিকা নাই আৰু এই সংঘাত আমেৰিকাৰ বিষয় নহয়।
তেওঁ কয়, আমি দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনা অতি সোনকালে হ্ৰাস হোৱাটো বিচাৰো। আমি যুদ্ধৰ মাজভাগত জড়িত হ’বলৈ যোৱা নাই, ইয়াত আমাৰ কোনো ব্যৱসায় নাই। এয়া ভাৰত আৰু পাকিস্তানৰ মাজৰ বিষয়। আমি আশাকৰোঁ কোনো পাৰমাণৱিক যুদ্ধ নহওক । পাৰমাণৱিক শক্তিচালিত দেশসমূহৰ মাজত থকা উত্তেজনাক লৈ আমি সদায় চিন্তিত।
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এয়াও কয় যে, আমি এই দেশসমূহক নিয়ন্ত্ৰণ কৰিব নোৱাৰো, কেৱল উত্তেজনা হ্ৰাস কৰিবলৈহে ক’বহে পাৰো। এই কথা ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিম। এই উত্তেজনা যাতে বৃহৎ আঞ্চলিক যুদ্ধলৈ পৰিণত নহয় আৰু ইয়াৰ ফলত পাৰমাণৱিক যুদ্ধ নহয়, ইয়াকে লৈ আমি চিন্তিত। আমেৰিকাই এই বিবাদ অতি সোনকালে সমাধান কৰাটো বিচাৰে। আঞ্চলিক স্থিতিশীলতা কেৱল দক্ষিণ এছিয়াৰ বাবেই নহয়, বিশ্ব শান্তিৰ বাবেও গুৰুত্বপূৰ্ণ, কিন্তু ইয়াৰ সমাধান স্থানীয় পৰ্যায়তহে বিচাৰি উলিওৱা উচিত।
 
                    
                মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পৰা বিহাৰ নিৰ্বাচনৰ বতৰালৈ দিনটোৰ শীৰ্ষ খবৰ
 
                    
                শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ দেখিলে আচৰিত হ'ব আপুনি
 
                    
                খাদ্য বাৰে বাৰে গৰম কৰি খোৱা উচিত হয়নে? চাওক বিশেষজ্ঞৰ মত
 
                    
                শীতকালত বৃদ্ধি পাই ব্লাড চুগাৰ,ডায়েবেটিকৰ বাবে চিকিৎসকৰ পৰামৰ্শ..
 
                    
                
 
                         
	  
		
         
                       
                       
                      