পদ্ম বঁটা ঘোষণাৰ পৰা গণৰাজ্য দিৱসৰ প্ৰস্তুতিলৈ, দিনটোৰ খবৰ…

Jan 25, 2026 | 11:05 PM

Top9 News: কাইলৈ গণৰাজ্য দিৱস। এইবাৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন কৰিব। ইয়াৰ বাবে চলি আছে প্ৰস্তুতি। ইয়াৰ পূৰ্বে আজি ঘোষণা কৰা হয় পদ্ম বঁটা। তিনিটা ভাগত বিভক্ত এই বঁটা। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী।

মাজত মাত্ৰ কেইটামান ক্ষণ। কাইলৈ সমগ্ৰ দেশবাসীয়ে পালন কৰিব গণৰাজ্য দিৱস। এইবাৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন কৰিব। ইয়াকে লৈ চলিছে প্ৰস্তুতি। দিল্লীৰ পেৰেডত বহু অতিথিয়ে অংশগ্ৰহণ কৰিব। গণৰাজ্য দিৱসৰ পূৰ্বে পদ্ম বঁটা ঘোষণা কৰে কেন্দ্ৰ চৰকাৰে। তিনিটা ভাগত বিভক্ত পদ্ম বঁটা। ১৩১ গৰাকীলৈ ঘোষণা কৰা হয় পদ্ম সন্মান। ইয়াৰে অসমৰ ৫গৰাকীয়ে লাভ কৰে পদ্মশ্ৰী।

ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত চাহ বাগিচাৰ হাজাৰ হাজাৰ লোক লাভান্বিত হ’ব। ডুমডুমাত মুখ্যমন্ত্ৰীয়ে আজি ইয়াৰ চেক বিতৰণ কৰে। ইয়াৰ অধীনত হিতাধিকাৰীয়ে ৫,০০০ টকা লাভ কৰিব।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…