ত্ৰিপুৰাৰ ধৰ্মনগৰত তিনি ৰোহিংগীয়া নাগৰিকক আটক…

Dec 18, 2025 | 2:35 PM

ত্ৰিপুৰাৰ পৰা আটক তিনি ৰোহিংগীয়া। জানিব পৰা মতে, এগৰাকী মহিলা আৰু দুজন পুৰুষ সীমান্ত পাৰ হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। তেওঁলোকে অসমৰ শ্ৰীভূমিলৈ অহাৰ যো জা চলাইছিল। কিন্তু তেতিয়াই আটক হয়।

ত্ৰিপুৰাত আটক হৈছে তিনি ৰোহিংগীয়া। জানিব পৰা মতে, এই লোককেইজনে সীমান্ত পাৰ হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল। পাছত অসমৰ শ্ৰীভূমিক প্ৰৱেশ কৰাৰ যো-জা কৰিছিল। কিন্তু তেতিয়াই একাংশ বাহনচালকৰ তেওঁলোকৰ ওপৰত সন্দেহ আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁলোকক আটক কৰে আৰু নথি পত্ৰ জব্দ কৰে। আটক হোৱাসকলৰ ভিতৰত এগৰাকী মহিলা আৰু দুজন পুৰুষ।

তেওঁলোকৰ নাম আব্দুল ৰহিম, জেচমিন বেগম আৰু ৰামি আলী। সম্প্ৰতি ত্ৰিপুৰাৰ ধৰ্মনগৰ থানাত তেওঁলোকক ৰখা হৈছে। জানিব পৰা মতে, আটাইকেইজনে বাৰ্মাৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল। কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ পৰিকল্পনা বিফল কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…