Operation Sindoor: ভাৰতে নিঃশেষ কৰিলে মাছুদ আজাহাৰৰ পৰিয়াল, মৃত্যু শোক পালিবলৈ বাচি ৰ’ল মাছুদ
বুধবাৰে মাজ নিশা বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকৰ বলি হয় মাছুদৰ পৰিয়াল । কথমপি প্ৰাণ ৰক্ষা পৰে মাছুদৰ । প্ৰতিবাৰৰ দৰে এইবাৰো মৃত্যুক বাগী দি প্ৰাণ বচালে মাছুদে । কিন্তু আত্মীয়ক হেৰুওৱাৰ যন্ত্ৰণাৰ পৰা তেওঁ মুক্ত হ'ব নোৱাৰিলে । সেই যন্ত্ৰণা, সেই আৰ্তনাদ, যি এদিন ভাৰতীয় সেনাৰ পৰিয়ালত বিৰাজ কৰিছিল, সেই যন্ত্ৰণাত এতিয়া চটফটাইছে মাছুদে ।
পুলৱামা আক্ৰমণৰ পাচত শ্বহীদ জোৱানৰ পৰিয়ালে যি আঘাত পাইছিল, সেই একেই আঘাত, একেই যন্ত্ৰণা, একেই আৰ্তনাদ এতিয়া সন্ত্ৰাসবাদীৰ ঘাটিত । জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ মুখত এতিয়া শোকৰ চিন । বুধবাৰে মাজ নিশা বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকৰ বলি হয় মাছুদৰ পৰিয়াল । কথমপি প্ৰাণ ৰক্ষা পৰে মাছুদৰ । প্ৰতিবাৰৰ দৰে এইবাৰো মৃত্যুক বাগী দি প্ৰাণ বচালে মাছুদে । কিন্তু আত্মীয়ক হেৰুওৱাৰ যন্ত্ৰণাৰ পৰা তেওঁ মুক্ত হ’ব নোৱাৰিলে । সেই যন্ত্ৰণা, সেই আৰ্তনাদ, যি এদিন ভাৰতীয় সেনাৰ পৰিয়ালত বিৰাজ কৰিছিল, সেই যন্ত্ৰণাত এতিয়া চটফটাইছে মাছুদে ।
বিবিচি উৰ্দুৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ প্ৰত্যাক্ৰমণ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে জৈছ-ই-মহম্মদৰ মুৰব্বী তথা পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড মাছুদ আজাহাৰে । সেই বিজ্ঞপ্তিত তেওঁ জনাইছে, বুধবাৰে মাজনিশা বাহৱালপুৰত ভাৰতীয় বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকত তেওঁৰ মাতৃসহ পৰিয়ালৰ দহজন সদস্যই প্ৰাণ হেৰুৱাইছে । নিহত হৈছে তেওঁৰ পত্নী, ভতিজা, ভতিজী, পাঁচ সন্তান, ভগ্নী আৰু ভনী জোঁৱাই । তাৰ বাহিৰেও আক্ৰমণত নিহত হৈছে মাছুদৰ চাৰি ঘনিষ্ঠ সন্ত্ৰাসবাদী নেতা ।
উল্লেখ্য যে মাছুদৰ মাদ্ৰাছাত যোৱা নিশা ভয়ংকৰ আক্ৰমণ চলে । সেই কথা এক্স হেণ্ডেলত এটা ভিডিঅ’যোগে প্ৰকাশ কৰিছিল এগৰাকী পাকিস্তানী যুৱকে । সেই ভিডিঅ’ত তেওঁ দাবী কৰে, “আমাৰ বাহৱালপুৰ চহৰৰ মৌলানা মাছুদ আজাহাৰৰ মাদ্ৰাছাত ইটোৰ পিছত সিটোকৈ চাৰিটা মিছাইলে আঘাত কৰে । আমি আমাৰ সেনাৰ সৈতে আছোঁ । কিন্তু আমাৰ এটাই প্ৰশ্ন, আমাৰ সংস্থাসমূহে কি কৰিছে, তেওঁলোক নিদ্ৰাৰত নেকি? মুজাফ্ফৰাবাদতো মিছাইল আক্ৰমণ চলাৰ খবৰ শুনা গৈছে ।” সামাজিক মাধ্যমত যুৱকজনৰ সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই প্ৰশ্ন উঠে, ভাৰতৰ আক্ৰমণত মাছুদ আজাহাৰ নিহত হৈছে নেকি? অৱশ্যে তেনে নহ’ল । কথমপি প্ৰাণ বাছিল মাছুদ আজাহাৰৰ । কিন্তু পৰিয়ালহাৰা হ’ল মাছুদ ।