গণৰাজ্য দিৱসত কূটাঘাতৰ পৰিকল্পনা! উদ্ধাৰ ১০ হাজাৰ কিলো বিস্ফোৰক

Jan 26, 2026 | 9:22 PM

উল্লেখ্য যে, পূৰ্বে লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণতো এইবিধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছিল। আৰক্ষীয়ে ঘটনাটোৰ আঁৰত কোনো কূটাঘাতৰ পৰিকল্পনা কৰিছিল নেকি, সেই দিশটো গভীৰভাৱে তদন্ত কৰিছে।

দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উছাহৰ মাজতে ৰাজস্থানৰ নগৌৰ জিলাত আৰক্ষীয়ে এক ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা ৰোধ কৰে। ২৪ জানুৱাৰীৰ নিশা হৰছৌৰ গাঁৱৰ এটা পৰিত্যক্ত গুদামৰ পৰা আৰক্ষীয়ে প্ৰায় ৯,৫৫০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট উদ্ধাৰ কৰে। ১৮৭টা বেগত মজুত থকা এই বিপুল পৰিমাণৰ বিস্ফোৰকৰ লগতে ডিটনেটৰ আৰু বৈদ্যুতিক তাঁৰো জব্দ কৰা হৈছে। এই সন্দৰ্ভত চুলেমান খান নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। যদিও অভিযুক্তই এই বিস্ফোৰকসমূহ অবৈধ খননৰ বাবে মজুত কৰা বুলি দাবী কৰিছে, তথাপিও গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত উদ্ধাৰ হোৱা এই সামগ্ৰীয়ে নিৰাপত্তা সংস্থাসমূহৰ টোপনি হৰণ কৰিছে।

উল্লেখ্য যে, পূৰ্বে লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণতো এইবিধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছিল। আৰক্ষীয়ে ঘটনাটোৰ আঁৰত কোনো কূটাঘাতৰ পৰিকল্পনা কৰিছিল নেকি, সেই দিশটো গভীৰভাৱে তদন্ত কৰিছে।