ক্ৰেডিট স্ক’ৰৰ ক্ষেত্ৰত RBIৰ নতুন নীতি, ঋণ গ্ৰহণত আহিব নেকি বাধা!

Jan 23, 2026 | 12:11 AM

বৰ্তমান ক্ৰেডিট স্ক’ৰ তথ্য আপডেটৰ বাবে গ্ৰাহকে যথেষ্ট সময় অপেক্ষা কৰিবলগীয়া হৈছিল। এতিয়াৰে পৰা প্ৰতিমাহৰ ৭, ১৪, ২১ আৰু ২৮ তাৰিখে ক্ৰেডিট ব্যুৰোসমূহে তথ্য ৰিফ্ৰেছ কৰিব।

বেংকৰ পৰা ঋণ লাভৰ অন্যতম চাবিকাঠি ‘ক্ৰেডিট স্ক’ৰ’ (Credit Score) সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা গ্ৰাহকৰ ক্ৰেডিট স্ক’ৰ মাহৰ পৰিৱৰ্তে প্ৰতি ৭ দিনৰ মূৰে মূৰে আপডেট হ’ব। বৰ্তমান ক্ৰেডিট স্ক’ৰ তথ্য আপডেটৰ বাবে গ্ৰাহকে যথেষ্ট সময় অপেক্ষা কৰিবলগীয়া হৈছিল। এতিয়াৰে পৰা প্ৰতিমাহৰ ৭, ১৪, ২১ আৰু ২৮ তাৰিখে ক্ৰেডিট ব্যুৰোসমূহে তথ্য ৰিফ্ৰেছ কৰিব।

এই ব্যৱস্থাৰ ফলত গ্ৰাহকে সময়মতে EMI পৰিশোধ কৰিলে তাৰ সুফল এসপ্তাহৰ ভিতৰতে লাভ কৰিব। অৱশ্যে, কিস্তি পৰিশোধত সামান্য পলম হ’লেও স্ক’ৰ অতি দ্ৰুতগতিৰে হ্ৰাস পাব। গতিকে, ভৱিষ্যতে বেংকৰ পৰা সহজতে ঋণ পাবলৈ হ’লে গ্ৰাহকৰ বাবে এতিয়া অধিক আৰ্থিক অনুশাসন মানি চলাটো অপৰিহাৰ্য হৈ পৰিছে।