শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মুখ্যমন্ত্ৰীৰ হাইলাকান্দি ভ্ৰমণক লৈ পৰ্যালোচনা বৈঠক মন্ত্ৰী কৃষেন্দু পালৰ..

মুখ্যমন্ত্ৰীৰ হাইলাকান্দি ভ্ৰমণক লৈ পৰ্যালোচনা বৈঠক মন্ত্ৰী কৃষেন্দু পালৰ..

barasha-sarma
Barasha Sarma | Updated On: 04 Dec 2025 12:58 PM

আজি মন্ত্ৰী কৃষেন্দু পালে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। অহা ৬ ডিচেম্বৰত হাইলাকান্দি ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে তাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ বুজ লৈ বৈঠকত মিলিত হয়।

অহা ৬ ডিচেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাইলাকান্দি ভ্ৰমনকলৈ পৰ্যালোচনা বৈঠক। আজি হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰী কৃষেন্দু পাল হাইলাকান্দিত উপস্থিত হৈ প্ৰথমে সঞ্জিৱনী প্ৰকল্পৰ অধীনত তিনিখন এম্বুলেন্স ভ্যানৰ ফ্লাগ অফ কৰে আৰু পাছত এক পৰ্যালোচনা বৈঠকত মিলিত হয়।

হাইলাকান্দি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ প্ৰতিটো বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। অহা ৬ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ হাইলাকান্দি ভ্ৰমণ সন্দৰ্ভত এই বৈঠক কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী উপস্থিত হৈ মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৭ হাজাৰৰো অধিক মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰিব। এই অনুষ্ঠান জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত হ’ব। গতিকে অনুষ্ঠানৰ কাম কাজৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…