শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Dharmendra Property: ধৰ্মেন্দ্ৰৰ পুত্ৰ কন্যাই নহয়, এই পৰিয়ালটোৱেহে পাব এই কোটি টকীয়া সম্পত্তি!

Dharmendra Property: ধৰ্মেন্দ্ৰৰ পুত্ৰ কন্যাই নহয়, এই পৰিয়ালটোৱেহে পাব এই কোটি টকীয়া সম্পত্তি!

barasha-misra
Barasha Misra | Published: 03 Dec 2025 21:14 PM

অভিনেতা হোৱাৰ সপোন লৈ পঞ্জাৱৰ নছৰালী গাঁৱৰ পৰা মুম্বাইলৈ আহিছিল ধৰ্মেন্দ্ৰ। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সফলতা লাভ কৰিছিল।

ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ মূল্য প্ৰায় ৪৫০ কোটি টকা। য’ত আছে এটা ফাৰ্ম হাউচ, এটা বিলাসী ৰিজ’ৰ্ট, আৰু কেইবাখনো ৰেষ্টুৰেণ্ট। ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছত সেই কোটি কোটি টকাৰ সম্পত্তিৰ ভিতৰত সন্তানৰ অংশৰ বিষয়ে আলোচনা আৰম্ভ হৈছে। শুনা গৈছে যে তেওঁৰ দ্বিতীয় পত্নী হেমা মালিনীয়ে ধৰ্মেন্দ্ৰৰ এই বহুল পৰিমাণৰ সম্পত্তিৰ পৰা এটকাও নাপাব। ধৰ্মেন্দ্ৰৰ দুই পুত্ৰ ছানী, ববি আৰু দুগৰাকী কন্যা এছা আৰু আহানাই নিশ্চিতভাৱে সম্পত্তিৰ অংশ পাব। অৱশ্যে এতিয়া শুনা গৈছে যে তেওঁৰ পৰিয়ালে পঞ্জাৱৰ ধৰ্মেন্দ্ৰৰ বিপুল পৰিমাণৰ মাটিৰ অংশ নাপাব। বৰঞ্চ বলীউডৰ অভিনেতাগৰাকীয়ে মৃত্যুৰ বহু আগতেই সেই সম্পত্তি পৰিয়ালৰ আন সদস্যক হস্তান্তৰ কৰি দিছিল।

অভিনেতা হোৱাৰ সপোন লৈ পঞ্জাৱৰ নছৰালী গাঁৱৰ পৰা মুম্বাইলৈ আহিছিল ধৰ্মেন্দ্ৰ। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সফলতা লাভ কৰিছিল। সেই সময়ত ধৰ্মেন্দ্ৰৰ বাবে পঞ্জাৱলৈ গৈ নিজৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ যত্ন লোৱাটো সম্ভৱ নাছিল। বলীউডত সুদৃঢ় ভেটি গঢ়িবলৈ যথেষ্ঠ উপাৰ্জন কৰিছিল। শুনা যায় যে সেই সময়ত ধৰ্মেন্দ্ৰই এই কোটি টকীয়া মাটি খুৰাক আৰু খুৰাকৰ পৰিয়ালক দিবলৈ সিদ্ধান্ত লৈছিল। আশা কৰা মতে, তেনেকুৱাই হৈছে। এই মুহূৰ্তত ধৰ্মেন্দ্ৰৰ খুৰাকৰ নাতিনীয়েকহঁতে পঞ্জাৱৰ সেই মাটি চোৱাচিতা কৰি আছে।