শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'জুবিন গাৰ্গক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰক'- সংসদ গৌৰৱ গগৈ

‘জুবিন গাৰ্গক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰক’- সংসদ গৌৰৱ গগৈ

barasha-sarma
Barasha Sarma | Published: 03 Dec 2025 19:03 PM

Gaurav Gogoi: জুবিন গাৰ্গৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ দাবী সাংসদ গৌৰৱ গগৈৰ। সংসদৰ শীতকালীন অধিৱেশনত এই দাবী কৰে সাংসদগৰাকীয়ে। লগতে জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ দাবী সাংসদ গৌৰৱ গগৈৰ। তেওঁ কয় যে, অসমৰ এজন কিংবদন্তি শিল্পী আছিল জুবিন গাৰ্গ। যোৱা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গে মৃত্যুক সাৱতি লৈছিল। তাৰ পাছতে গৌৰৱ গগৈয়ে সংসদত জুবিন গাৰ্গক ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ দাবী জনায়। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কংগ্ৰেছে কেইবাবাৰো শিল্পীগৰাকীক ভাৰত ৰত্ন প্ৰদানৰ দাবী কৰিছে।

উল্লেখ্য যে, বৰ্তমান চলি আছে সংসদৰ শীতকালীন অধিৱেশন। এই সমচোৱাত আজি সাংসদ গৌৰৱ গগৈয়ে সংসদত এই দাবী জনায়। গগৈয়ে কয় যে, অসম মাতৃৰ সন্মান জুবিন গাৰ্গক ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিব লাগে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…