২৬ ডিচেম্বৰৰ পৰা বাঢ়িব ৰে’লৰ টিকটৰ দাম, কিমান খৰচ হ’ব?
যিসকলে ৫০০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰিব তেওঁলোকৰ বাবে নন-এচি ডবাত ১০ টকাকৈ ভাড়া বৃদ্ধি কৰা হৈছে। এই সামান্য ভাড়া বৃদ্ধিৰ ফলত ৰে’লৱেই অতিৰিক্ত ৬০০ কোটি টকা উপাৰ্জন কৰিব বুলি অৱগত কৰিছে ৰে’লৱেই। ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন ভাড়া।
দূৰণীবটীয়া ঠাইলৈ যাবলৈ মধ্যবিত্তৰ একমাত্ৰ ভৰষা হৈছে ৰেল। কিন্তু কিছুদিনৰ পিছতে বৃদ্ধি পাব ৰেলৰ ভাড়া (Train Fare Hike)। ভাৰতীয় ৰেলৱেই (Indian Railways) মুকলি কৰিলে ভাড়াৰ নতুন গাঁথনি। অৱশ্য়ে লোকেল ট্ৰেইনৰ ভাড়া বৃদ্ধি হোৱা নাই। দীৰ্ঘ দূৰত্বৰ ৰেলৰ ক্ষেত্ৰতহে বৃদ্ধি পাইছে টিকটৰ ভাড়া। ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন ভাড়া। ভাৰতীয় ৰেলৱেই জনাইছে যে, নতুন ভাড়াৰ গাঁথনিত লোকেল আৰু মান্থলি চেচনৰ টিকটৰ মূল্য বৃদ্ধি হোৱা নাই।
যিসকলে ৫০০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰিব তেওঁলোকৰ বাবে নন-এচি ডবাত ১০ টকাকৈ ভাড়া বৃদ্ধি কৰা হৈছে। এই সামান্য ভাড়া বৃদ্ধিৰ ফলত ৰে’লৱেই অতিৰিক্ত ৬০০ কোটি টকা উপাৰ্জন কৰিব বুলি অৱগত কৰিছে ৰে’লৱেই। ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন ভাড়া। সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…