ইজৰাইলৰ মিছাইলে শক্তি বৃদ্ধি কৰিব ভাৰতীয় নৌ সেনাৰ…

| Edited By:

Jan 23, 2026 | 7:31 PM

Ice Breaker Missile: শীঘ্ৰেই ভাৰতীয় নৌ সেনাই লাভ কৰিব পাৰে আইচ ব্ৰেকাৰ মিছাইল। ইজৰাইলত নিৰ্মিত এই মিছাইলে দীৰ্ঘ দুৰত্বৰ পৰা শত্ৰুক ধ্বংস কৰিব পাৰে। ই পুনৰ বৃদ্ধি কৰিব নৌ সেনাৰ শক্তি।

শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনাৰ। বায়ু সেনাৰ পাছত এইবাৰ ভাৰতীয় নৌসেনাই বিচাৰিছে শক্তিশালী মিছাইল। গতিকে এই মিছাইল যদি নৌসেনাই লাভ কৰে তেন্তে শক্তি বাঢ়িব। প্ৰাপ্ত খবৰ অনুসৰি, ৩০০ কিলোমিটাৰ ৰেঞ্জৰ আইচ ব্ৰেকাৰ মিছাইল লাভ কৰিব পাৰে নৌ সেনাই। ই ইমানেই শক্তিশালী যে ৩০০ কিলোমিটাৰ দূৰৰ পৰা শত্ৰুক ধ্বংস কৰি পেলাব পাৰে। ইজৰাইলী কোম্পানী ৰাফেলে (Rafael) নিৰ্মাণ কৰিব এই মিছাইল।

এই নতুন মিছাইলটো নৌ সেনাৰ এম এইচ ৬- আৰ ৰোমিঅ ছি হক হেলিকপ্টাৰত সংযোজন কৰা হ’ব। ই অতি দূৰৰ পৰা শত্ৰুক ধ্বংসস্তূপলৈ পৰিণত কৰিব পাৰিব। ইয়াৰ বাবে প্ৰয়োজন নহয় কোনো জি পি এছৰ। এ আইৰ দ্বাৰা চিনাক্ত কৰিব শত্ৰুক।

সবিশেষৰ বাবে চাওক এই খবৰ…