অভয়াপুৰীৰ উত্তৰ খোৰাগাঁৱত কৃষি ভূমি, শ্মশান-মন্দিৰৰ মাটিত কৃষি বিজ্ঞান কেন্দ্ৰ!

Dec 18, 2025 | 3:53 PM

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, কৃষি বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ পূৰ্বে জিলা প্ৰশাসনৰ সৈতে হোৱা এক চুক্তিত স্পষ্টভাৱে উল্লেখ আছিল যে মন্দিৰ, শ্মশান আৰু কৃষকৰ খেতিৰ ঠাইৰ বিকল্প ব্যৱস্থা নিশ্চিত কৰাৰ পাছতেই নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ’ব।

অভয়াপুৰী উত্তৰ খোৰাগাৱত কৃষি বিজ্ঞান কেন্দ্ৰ নিৰ্মাণক লৈ তীব্ৰ উত্তেজনা। স্থানীয় ৰাইজৰ অভিযোগ মতে, কৃষকৰ বহু বছৰ ধৰি ব্যৱহৃত খেতি কৰা ঠাইৰ, লগতে অঞ্চলটোৰ মন্দিৰ আৰু শ্মশানৰ মাটিত কোনো আগতীয়া জাননী বা আলোচনা অবিহনে কৃষি বিজ্ঞান কেন্দ্ৰৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে। ফলত অঞ্চলজুৰি ক্ষোভ আৰু বিৰোধিতা তীব্ৰতৰ হৈ পৰিছে । জানিব পৰা মতে, ১৯৮৫ চনৰ আগৰে পৰাই উক্ত কৃষি ভূমিত দুখীয়া কৃষকসকলে কৃষি কাৰ্য কৰি পৰিয়াল পোহ-পাল দি আহিছে। খেতিৰ বাবে ব্যৱহাৰ কৰা খেতিমাটি ধ্বংস কৰি হঠাতে কৃষি বিজ্ঞান কেন্দ্ৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাটো কৃষকৰ জীৱিকা ওপৰত প্ৰত্যক্ষ আঘাত বুলি মন্তব্য কৰে ভুক্তভোগী পৰিয়ালৰ।

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, কৃষি বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ পূৰ্বে জিলা প্ৰশাসনৰ সৈতে হোৱা এক চুক্তিত স্পষ্টভাৱে উল্লেখ আছিল যে মন্দিৰ, শ্মশান আৰু কৃষকৰ খেতিৰ ঠাইৰ বিকল্প ব্যৱস্থা নিশ্চিত কৰাৰ পাছতেই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব। কিন্তু সেই চুক্তি সম্পূৰ্ণভাৱে উলংঘন কৰি কোনো ধৰণৰ আগতীয়া জাননী বা ৰাইজৰ সৈতে আলোচনা নকৰাকৈ প্ৰশাসনে কাম আৰম্ভ কৰিছে বুলি অভিযোগ উঠিছে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…