লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত উৎখাত অবৈধ মাদ্ৰাছা
মাদ্ৰাছাৰ বৈধতাৰ প্ৰমাণ পত্ৰ দেখুওৱা নোৱাৰাত শিক্ষক ছাইফুল ইছলামক আটক কৰে আৰক্ষীয়ে ।লগতে মাদ্ৰাছাত থকা কিশোৰ আৰু শিক্ষকৰ ম'বাইলৰ পৰা গোপন ভিডিঅ' উদ্ধাৰ কৰে। মাদ্ৰাছাত থকা কিশোৰ-শিশুসকল কেইবাখনো জিলাৰ আছিল বুলি জানিব পৰা গৈছে ।
লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে এখন অবৈধ মাদ্ৰাছা। উৎখাত কৰা অবৈধ মাদ্ৰাছাখন টেঙাগুৰি (জুগুনী বিল)ত স্হানীয় ৰাইজৰ অজ্ঞাতে দুই এজন লোকে চলাই আছিল। নিশা লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক ড০ দিগন্ত বৰুৱাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল জুগুনী বিলত উপস্থিত হোৱাৰ লগে লগে মাদ্ৰাছাত থকা ১৫ টা শিশু কিশোৰ দৌৰি পলায়ন কৰিব বিচাৰিছিল। অৱশ্যে স্হানীয় ৰাইজৰ সহযোগত শিশু কিশোৰ কেইটাক উদ্ধাৰ কৰে।
ইফালে মাদ্ৰাছাৰ বৈধতাৰ প্ৰমাণ পত্ৰ দেখুওৱা নোৱাৰাত শিক্ষক ছাইফুল ইছলামক আটক কৰে আৰক্ষীয়ে ।লগতে মাদ্ৰাছাত থকা কিশোৰ আৰু শিক্ষকৰ ম’বাইলৰ পৰা গোপন ভিডিঅ’ উদ্ধাৰ কৰে। মাদ্ৰাছাত থকা কিশোৰ-শিশুসকল কেইবাখনো জিলাৰ আছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে উদ্ধাৰ কৰা শিশু কিশোৰ কেইটাক চাইল্ড লাইনত দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। অবৈধ মাদ্ৰাছা উৎখাত কৰাত স্হানীয় ৰাইজে আৰক্ষীক ধন্যবাদ দিয়ে। সবিশেষ ভিডিঅ’ত চাওক…