Ambani School Fee: চেলিব্ৰিটিৰ সন্তানৰ লগত আপোনাৰ সন্তানক পঢ়াব বিচাৰে নেকি?

| Dec 21, 2025 | 9:35 PM

কেৱল চেলিব্ৰিটিৰ সন্তানেই নহয়, দেশৰ বৃহৎ ব্যৱসায়ী আৰু ধনী মানুহৰ বহু ল’ৰা-ছোৱালীয়েও এইখন বিদ্যালয়ত পঢ়ে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিদ্যালয়খনৰ বাৰ্ষিক মাচুল লাখ লাখ টকা ৷ এল কে জিৰ পৰা সপ্তম শ্ৰেণীলৈকে বাৰ্ষিক মাচুল প্ৰায় ১ লাখ ৭০ হাজাৰ টকা।

শ্বাহৰুখ খানৰ কন্যা চুহানা আৰু পুত্ৰ আব্ৰাহামৰ পৰা আৰম্ভ কৰি অভিষেক-ঐশ্বৰ্যৰ কন্যা আৰাধ্যা, ছৈফ-কৰিনাৰ দুই পুত্ৰ, চাহিদ কাপুৰৰ পুত্ৰ-কন্যা সকলোৱে এইখন বিদ্যালয়তে পঢ়ে। অনন্যা পাণ্ডেৰ পৰা আকাশ আম্বানীয়েও এইখন বিদ্যালয়তে পঢ়া-শুনা কৰিছে। এইখন বিদ্যালয়তে বলীউডৰ নতুন প্ৰজন্মক ভৱিষ্যতৰ বাবে সাজু কৰিছে। আপুনি বিচাৰে নেকি আপোনাৰ সন্তানে চেলিব্ৰিটিৰ ল’ৰা-ছোৱালীৰ লগত পঢ়া-শুনা কৰাটো? তাৰ পূৰ্বে কিমান খৰচ হ’ব জানেনে?

বলীউডৰ চেলিব্ৰিটিৰ প্ৰায় সকলোৰে সন্তানে ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ে। শেহতীয়াকৈ বিদ্যালয়খনৰ বাৰ্ষিক দিৱসৰ কেইবাখনো ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছত সাধাৰণ ৰাইজৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এইখন স্কুল কেৱল চেলিব্ৰিটিৰ ল’ৰা-ছোৱালীৰ বাবে নেকি? স্কুলৰ মাচুল কিমান?

কেৱল চেলিব্ৰিটিৰ সন্তানেই নহয়, দেশৰ বৃহৎ ব্যৱসায়ী আৰু ধনী মানুহৰ বহু ল’ৰা-ছোৱালীয়েও এইখন বিদ্যালয়ত পঢ়ে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিদ্যালয়খনৰ বাৰ্ষিক মাচুল লাখ লাখ টকা ৷ এল কে জিৰ পৰা সপ্তম শ্ৰেণীলৈকে বাৰ্ষিক মাচুল প্ৰায় ১ লাখ ৭০ হাজাৰ টকা। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাৰ্ষিক মাচুল ৪ লাখ ৪৮ হাজাৰ টকা ৷ একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বাৰ্ষিক মাচুল প্ৰায় ৯ লাখ ৬৫ হাজাৰ টকা ৷