গৌৰৱৰ ক্ষণ, অপাৰেচন সিন্দূৰৰ নেতৃত্ব দিয়া ছফিয়া কুৰেশ্বীলৈ বিশেষ সন্মান

Jan 26, 2026 | 9:28 PM

ছফিয়া কুৰেশ্বীয়ে অপাৰেচন সিন্দূৰৰ প্ৰতিটো পদক্ষেপ আৰু কিয় কৰা হ’ল, তাৰ লগতে ফটো আৰু তথ্যও উপস্থাপন কৰে। দেশৰ কন্যাৰ এনে বীৰত্বক লৈ গৌৰৱ কৰিছিল সকলোৱে। আকৌ এবাৰ বিয়পি পৰিছিল নাৰী শক্তিৰ বাৰ্তা।

গণৰাজ্য দিৱসৰ উচাহৰ মাজতে দেশবাসীয়ে লাভ কৰিলে এটা ভাল খবৰ।  বিশেষ সেৱা পদকেৰে সন্মানিত কৰা হৈছে কৰ্ণেল ছফিয়া কুৰেশ্বীক। ৰাষ্ট্ৰপতি ভৱনৰ পৰা কৰা হৈছে এই ঘোষণা । দেশৰ সামৰিক বাহিনী, গুৰুত্বপূৰ্ণ অপাৰেচনেল আৰু কমাণ্ড দায়িত্বত নেতৃত্ব দিয়া কৰ্ণেল ছফিয়া কুৰেশ্বীৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বিশেষ সন্মান জনোৱা হৈছে।