‘অহা সপ্তাহত চাৰ্জশ্বীট দাখিলৰ চূড়ান্ত তাৰিখ ঘোষণা কৰিব SITএ’, ক’লে মুখ্যমন্ত্ৰীয়ে
জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন হৈ থকাৰ সময়তে এতিয়া এক বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তিনি মাহ পূৰ্ণ হোৱাৰ দিশে। হিয়াৰ আমঠু শিল্পীগৰাকীৰ অকাল মৃত্যুৰ দুখে প্ৰতিক্ষণে শোকস্তব্ধ কৰি ৰাখিছে ৰাজ্যবাসীক। সমান্তৰালকৈ তেওঁৰ মৃত্যুৰ গোচৰৰ সঠিক তদন্ত আৰু ন্যায়ৰ দাবী সজোৰে উত্থাপন কৰি আহিছে ৰাজ্যবাসীয়ে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে কেইবাবাৰো জুবিন গাৰ্গ হত্যাৰ বলি হোৱা বুলি মন্তব্য কৰি এই ঘটনাক অধিক সন্দেহৰ মাজলৈ ঠেলি দিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন হৈ থকাৰ সময়তে এতিয়া এক বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই গোচৰৰ তদন্ত চলাই থকা SIT- এ অহা সপ্তাহত চাৰ্জশ্বীট দাখিলৰ চূড়ান্ত তাৰিখ ঘোষণা কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
