শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিটিচিলৈ প্ৰত্যাৱৰ্তন হাগ্ৰামাৰ, বিজেপি-ইউপিপিএলক ধূলিস্যাৎ কৰি ২৮ খন আসন দখল বিপিএফৰ

বিটিচিলৈ প্ৰত্যাৱৰ্তন হাগ্ৰামাৰ, বিজেপি-ইউপিপিএলক ধূলিস্যাৎ কৰি ২৮ খন আসন দখল বিপিএফৰ

raj-saikia
Raj Saikia | Published: 27 Sep 2025 20:07 PM

BTC Election results: বিটিচি নিৰ্বাচনৰ ফলাফল অনুসৰি বিপিএফ দলে লাভ কৰিলে ২৮ খন আসন। ভাৰতীয় জনতা পাৰ্টীয়ে ৫ খন আসন লাভ কৰাৰ বিপৰীতে ৭ খন আসনতে সীমাবদ্ধ থাকিল প্ৰমোদ বড়োৰ ইউপিপিএল।

“কি পাৱাৰত নাথাকে, পাৱাৰত থাকিব…” সামাজিক মাধ্য়মত প্ৰায়েই চৰ্চা হৈ থাকে এই বিশেষ মন্তব্যটো। অসমৰ এটা টিভি চেনেলত দিয়া এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। ২০২৫ চনৰ বিটিচি নিৰ্বাচনৰ ফলাফলত যেন হাগ্ৰামাৰ সেই দাবী পুনৰ প্ৰমাণিত হ’ল। নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিটিচিৰ শাসনলৈ উভতি আহিল হাগ্ৰামাৰ দল বিপিএফ।

যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিটিচি নিৰ্বাচনৰ ভোটগণনা হয় শুকুৰবাৰে। নিৰ্বাচনৰ ফলাফল অনুসৰি বিপিএফ দলে লাভ কৰিলে ২৮ খন আসন। ভাৰতীয় জনতা পাৰ্টীয়ে ৫ খন আসন লাভ কৰাৰ বিপৰীতে ৭ খন আসনতে সীমাবদ্ধ থাকিল প্ৰমোদ বড়োৰ ইউপিপিএল। ইফালে বিটিচিত আসন শূন্য হৈ ৰ’ল কংগ্ৰেছ আৰু এআইইউডিএফৰ দৰে দল।

বিটিচিৰ মুঠ আসনৰ সংখ্যা হৈছে ৪০ খন। চৰকাৰ গঠনৰ বাবে এটা দলক প্ৰয়োজন ২১ খন আসনৰ। বিজেপিয়ে অংক কৰিছিল নিজাকৈ পোৱা আসনৰ সৈতে ইউপিপিএল বা বিপিএফ কোনো এটা দলক লগত লৈ বিটিচিৰ শাসন উপভোগ কৰাৰ। কিন্তু যি জনাদেশ বিটিচিৰ ৰাইজে দিলে, তাত গেৰুৱা দলটোৰ সপোন থানবান হৈ পৰিল। বিজেপি আৰু ইউপিপিএলৰ মুঠ আসন মিলালেও বিপিএফৰ আসনৰ আধাও নহয়। এনে পৰিপ্ৰেক্ষিতত এতিয়া বিপিএফক কোনো দ্বিতীয় পক্ষৰ সমৰ্থনৰ প্ৰয়োজন নহ’ব বিটিচিৰ ৰাজপাটত বহিবলৈ।

২৮ খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ পাঁচ বছৰৰ পাছত পুনৰ উভতি আহিল ক্ষমতালৈ। বিটিচি গঠনৰ পাছত একেৰাহে ১৭ বছৰ বড়োভূমিত ৰাজত্ব কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। অসমৰ ৰাজনীতিৰ অন্যতম কিং মেকাৰ হৈছে হাগ্ৰামা। ২০২০ চনৰ নিৰ্বাচনত সকলো দলতকৈ বেছি আসন লাভ কৰিলেও বিপিএফে চৰকাৰ গঠন কৰিব পৰা নাছিল। বিজেপিয়ে ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ সহযোগত চৰকাৰ গঠন কৰি হাগ্ৰামাক বেকফুটলৈ ঠেলি দিছিল। কিন্তু এইবাৰ সেই সুযোগ নাপাব গেৰুৱা বাহিনীয়ে।